গৃহ মন্ত্ৰালয়
ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰেম-২ (ভি ভি পি-২)
পোষ্ট কৰা হৈছে:
18 MAR 2026 2:51PM by PIB Guwahati
কেন্দ্ৰীয় চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, গুজৰাট, জম্মু-কাশ্মীৰ (কেন্দ্ৰীয়শাসিত অঞ্চল), লাডাখ (কেন্দ্ৰীয়শাসিত অঞ্চল), মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পঞ্জাৱ, ৰাজস্থান, ছিকিম, ত্ৰিপুৰা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ ইতিমধ্যে ভিভিপি-১ৰ অধীনত অহা উত্তৰ সীমান্তৰ বাহিৰে আন্তঃৰাষ্ট্ৰীয় সীমা (আই এল বি) সংলগ্ন ব্লকত অৱস্থিত ১,৯৫৪ খন নিৰ্বাচিত গাঁৱৰ ব্যাপক উন্নয়নৰ বাবে ২০২৮-২৯ বিত্তীয় বৰ্ষলৈকে মুঠ ৬,৮৩৯ কোটি টকা ব্যয়েৰে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম-২ (ভিভিপি-২)ত অনুমোদন জনাইছে।
এই কাৰ্যসূচীৰ অধীনত নিৰ্বাচিত গাঁওসমূহৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ কেন্দ্ৰবিন্দু হ’ল- (১) জীৱিকা সৃষ্টি, (২) পথ যোগাযোগ, (৩) শক্তি প্ৰদান, (৪) স্বাস্থ্য সুবিধাকে ধৰি গ্ৰাম্য আন্তঃগাঁথনি, (৫) বিত্তীয় অন্তৰ্ভুক্তি, (৬) যুৱ সবলীকৰণ আৰু দক্ষতা বিকাশ, (৭) এই কাৰ্যসূচীৰ অধীনত সৃষ্টি কৰা জীৱিকাৰ সুযোগ পৰিচালনা আৰু সম্পদৰ ৰক্ষণাবেক্ষণৰ বাবে সমবায়, আত্মসহায়ক গোট (এছ এইচ জি) আৰু কৃষক উৎপাদক সংস্থা (এফ পি অ’)ৰ বিকাশ, (৮) পৰ্যটন, সংস্কৃতি আৰু প্ৰসাৰৰ কাৰ্যকলাপৰ প্ৰচাৰ, (৯) শিক্ষা আন্তঃগাঁথনি আৰু (১০) দূৰদৰ্শন আৰু দূৰসংযোগৰ ব্যৱস্থা।
কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা উল্লেখ কৰিছে।
*****
RK/RR/PR/PS/SC/NB
(ৰিলিজ আই ডি : 2241886)
অতিথি কক্ষ : 7