গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গুৱাহাটীত অসম চৰকাৰৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সৰ্ববৃহৎ এআই সন্মিলনৰ আয়োজন কৰিছিল, কিন্তু বিৰোধী দলে এই সন্মিলনৰ সময়তে ভাৰতক অপমান কৰিবলৈ চেষ্টা কৰিছিল

বিৰোধী দলপতিয়ে সদনৰ প্ৰৱেশদ্বাৰত চাহ আৰু পকোৰা খাই ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাক অপমান কৰিবলৈ চেষ্টা কৰিছিল

বিৰোধী দলে কেৱল নিজৰ পৰিয়ালৰ আৰ্থিক কল্যাণৰ কথা চিন্তা কৰে, অসমৰ জনসাধাৰণৰ স্বাস্থ্যৰ কথা চিন্তা নকৰে

ডাবল ইঞ্জিন চৰকাৰৰ অধীনত অসমে কৰ্কট ৰোগৰ চিকিৎসাকে ধৰি গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱাৰ এক প্ৰধান কেন্দ্ৰ হৈ পৰিছে

প্ৰট'ন কেন্সাৰ থেৰাপীৰ দৰে উন্নত সুবিধা প্ৰদান কৰা অসম দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে, যিটো উত্তৰ-পূবৰ বাবে এক বৃহৎ সাফল্য

আমাৰ চৰকাৰে মাত্ৰ দহ বছৰত স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত অসমক আত্মনিৰ্ভৰশীল কৰি তুলিছে

শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন ভাৰত চৰকাৰে অসমৰ স্বাস্থ্য বাজেট ৪,০০০ কোটি টকাৰ পৰা ৯,০০০ কোটি টকালৈ বৃদ্ধি কৰিছে আৰু তৃণমূল পৰ্যায়লৈকে এই বাজেটে সামৰি লোৱাটো নিশ্চিত কৰিছে

বিগত ১০ বছৰত অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৬ৰ পৰা ২৪লৈ আৰু এমবিবিএছৰ আসনৰ সংখ্যা ৭২৬ৰ পৰা ১৮২৫লৈ বৃদ্ধি পাইছে

পোষ্ট কৰা হৈছে: 15 MAR 2026 3:15PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুৱাহাটীত অসম চৰকাৰৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই উপলক্ষে অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এই কাৰ্যসূচী কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবেও গুৰুত্বপূৰ্ণ। তেওঁ কয় যে প্ৰায় দহ বছৰ পূৰ্বে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত স্বাস্থ্য সেৱাৰ অৱস্থা অতিশয় শোচনীয় আছিল। বছৰ বছৰ ধৰি ক্ষমতাত থকা বিৰোধী দলটোৱে নিজৰ পৰিয়ালৰ আৰ্থিক কল্যানৰ বাহিৰে কেতিয়াও জনসাধাৰণৰ স্বাস্থ্যৰ বিষয়ে চিন্তা কৰা নাছিল। শ্ৰী শ্বাহে কয় যে শ্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁ ৰাজ্যখনৰ স্বাস্থ্যসেৱা ব্যৱস্থাটো গুজৰাট, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ দৰে উন্নত ৰাজ্যসমূহৰ সমতুল্য  কৰি তুলিবলৈ সক্ষম হৈছে। ৰাজ্যখনত বৃহৎ সংখ্যক চৰকাৰী চিকিৎসালয় আৰু কেইবাখনো চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। চৰকাৰী চিকিৎসা মহাবিদ্যালয় স্থাপনত অগ্ৰাধিকাৰ দিয়া হৈছে যাতে দৰিদ্ৰ পৰিয়ালৰ শিশুসকলেও চিকিৎসা শিক্ষা গ্ৰহণ কৰিব পাৰে। তদুপৰি, বিভিন্ন গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবে দেশত অত্যাধুনিক সা-সুবিধাৰে সজ্জিত কৰি হাস্পতালসমূহ নিৰ্মাণ কৰা হৈছে। তেওঁ কয় যে মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাইও এই পদক্ষেপসমূহৰ বাবে চৰকাৰৰ লগতে সমাজৰ শক্তিও ব্যৱহাৰ কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে এবাৰ দিল্লীত তেওঁ প্ৰয়াত ৰতন টাটাক কৈছিল যে এইমছৰ কৰ্কট চিকিৎসালয়ত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে দীঘলীয়া অপেক্ষাৰ তালিকা দেশৰ বাবে ভাল লক্ষণ নহয়। শ্ৰী শ্বাহে কয় যে তেওঁ ৰতন টাটাক দেশৰ ১৩টা স্থানৰ এখন তালিকা প্ৰদান কৰিছিল, য'ৰ পৰা কৰ্কট ৰোগীসকলে চিকিৎসাৰ বাবে দিল্লীলৈ যায়। শ্ৰী শ্বাহে কয় যে টাটা ট্ৰাষ্টে এই ১৩টা স্থানত কেন্সাৰ হাস্পতাল স্থাপন কৰি কৰ্কট ৰোগীসকলৰ বাবে এক বৃহৎ সেৱা আগবঢ়াইছে। তেওঁ লগতে কয় যে দেশৰ কোনো চৰকাৰী চিকিৎসালয়তে বৰ্তমান প্ৰ'টন থেৰাপীৰ সুবিধা নাই, যিটো অত্যন্ত উন্নত আৰু ব্যয়বহুল চিকিৎসা প্ৰযুক্তি। অৱশ্যে, ৪০০ কোটি টকাৰ বিনিয়োগেৰে চৰকাৰী চিকিৎসালয়ত প্ৰট'ন থেৰাপী প্ৰদান কৰা অসমেই দেশৰ প্ৰথমখন ৰাজ্য। তেওঁ কয় যে ডাবল ইঞ্জিন চৰকাৰৰ অধীনত অসমে কৰ্কট ৰোগৰ চিকিৎসাকে ধৰি গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱাৰ এক প্ৰধান কেন্দ্ৰ হৈ পৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে দেশত চিকিৎসা শিক্ষা, গৱেষণা আৰু বিকাশৰ এক বিস্তৃত ব্যৱস্থা থকাটো অতি গুৰুত্বপূৰ্ণ আৰু আমাৰ ল’ৰা-ছোৱালীসকলে প্ৰতিবিধ গুৰুতৰ ৰোগৰ ওপৰত গৱেষণা কৰিব পাৰে। কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বৰ ৰোগীকে তেওঁলোকেৰ সেৱা আগবঢ়াব পাৰে। তেওঁ কয় যে আজি প্ৰায় ৬৭৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (পিএমচিএইচ) উদ্বোধন কৰা হৈছে। ইয়াৰ লগতে ১৩৫ কোটি টকা ব্যয়ৰে গোলাঘাট কেন্সাৰ চেণ্টাৰ, ১৩৫ কোটি টকা ব্যয়ৰে তিনিচুকীয়া কেন্সাৰ চেণ্টাৰ, ২২০ কোটি টকা ব্যয়ৰে ডিফু মেডিকেল কলেজ আৰু হাস্পতাল, ২৮৪ কোটি টকা ব্যয়ৰে বৰপেটা মেডিকেল কলেজ আৰু হাস্পতাল আৰু ৩১০ কোটি টকা ব্যয়ৰে নিৰ্মিত যোৰহাট মেডিকেল কলেজ আৰু হাস্পতালো উদ্বোধন কৰা হৈছে। তদুপৰি, ২১৮ কোটি টকা ব্যয়সাপেক্ষে ছয়মাইল স্বচ্ছ ভৱনৰ লগতে ১১৫ কোটি টকা ব্যয়সাপেক্ষে অভয়াপুৰী জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। তেওঁ কয় যে এই পদক্ষেপসমূহৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে অসমক এদিনতে স্বাস্থ্যখণ্ডত এক সমৃদ্ধ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে উল্লেখযোগ্য প্ৰচেষ্টা হাতত লৈছে। তেওঁ লগতে কয় যে তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বেই মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যখণ্ডত অসমক আত্মনিৰ্ভৰশীল কৰি তোলাৰ কাম সম্পূৰ্ণ কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য হৈছে অসমক এনে এখন ৰাজ্য হিচাপে গঢ়ি তোলা, য'ত এজন ৰোগীয়েও চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাব নালাগে। একে সময়তে, বংগ আৰু উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ দৰিদ্ৰ ৰোগীসকলে চিকিৎসাৰ বাবে অসমলৈ আহিব পাৰিব আৰু চিকিৎসাৰ পিছত নিজ ৰাজ্যলৈ উভতি যাব পাৰিব। তেওঁ কয় যে বৰাক উপত্যকা, উজনি অসম, মধ্য অসম আৰু নামনি অসমকে ধৰি অসমৰ প্ৰতিটো প্ৰান্তত কৰ্কট ৰোগ আৰু অন্যান্য ৰোগৰ বাবে স্বাস্থ্যসেৱাৰ সুবিধা সম্প্ৰসাৰিত কৰাৰ প্ৰয়াস কৰা হৈছে। তেওঁ লগতে কয় যে ৰোগীসকলে এতিয়াৰে পৰা চেন্নাই, মুম্বাই, কৰ্ণাটক বা দিল্লীলৈ ভ্ৰমণ কৰাৰ প্ৰয়োজন নাই, কিয়নো তেওঁলোকে তেওঁলোকৰ ঘৰৰ ওচৰৰ চৰকাৰী চিকিৎসালয়ত সম্পূৰ্ণ চিকিৎসা গ্ৰহণ কৰিব পাৰিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বিৰোধী দলে ক্ষমতাত থকা সময়ত এক সুস্থ অসম গঢ়াৰ সংকল্প লৈছিল। ভাৰতৰ এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী অসমৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল, তথাপিও ৰাজ্যখনৰ স্বাস্থ্যসেৱা ব্যৱস্থাত কোনো উল্লেখযোগ্য উন্নতি নহ'ল। শ্ৰী শ্বাহে কয় যে আজি তেওঁ গৌৰৱেৰে ক'ব পাৰে যে তেওঁৰ দলৰ বৰ্তমানৰ চৰকাৰে স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত অসমক আত্মনিৰ্ভৰ কৰি তোলাৰ কাম সম্পূৰ্ণ কৰিছে। বৰ্তমানৰ চৰকাৰৰ অধীনত অসমৰ স্বাস্থ্য বাজেট ৪,০০০ কোটি টকাৰ পৰা ৯,০০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে আৰু তৃণমূল পৰ্যায়ত এই ধন ব্যয় কৰা হৈছে। শ্ৰী শ্বাহে লগতে কয় যে পূৰ্বে অসমত মাত্ৰ ৬খন চিকিৎসা মহাবিদ্যালয় আছিল। এতিয়া এই সংখ্যা ১৪খনলৈ বৃদ্ধি পাইছে আৰু আৰু ১০খন স্থাপনৰ পৰিকল্পনা আছে। মুঠতে, অসমত এতিয়া ৬খনৰ পৰা ২৪খনলৈ বৃদ্ধি পাব চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা। পূৰ্বতে ৭২৬খন চিকিৎসা শিক্ষাৰ আসনৰ পৰিৱৰ্তে এতিয়া ১৪খন কলেজত এই আসনৰ সংখ্যা ১৮২৫খনলৈ বৃদ্ধি কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে অসম চৰকাৰে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপকসকলক ভাল দৰমহা প্ৰদান কৰে, যাৰ বাবে চিকিৎসা শিক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলে এমডি সম্পূৰ্ণ কৰাৰ পিছত অধ্যাপক হ'বলৈ পছন্দ কৰে। তেওঁ কয় যে পূৰ্বতে কেৱল দুখন কেন্সাৰ কেয়াৰ হাস্পতাল আছিল, কিন্তু এতিয়া ইয়াৰ সংখ্যা ১৭খনলৈ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে পূৰ্বে স্বাস্থ্য বীমা আঁচনি নাছিল। প্ৰধানমন্ত্ৰীয়ে প্ৰথমে আয়ুষ্মান ভাৰত যোজনা মুকলি কৰাৰ লগতে শ্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ এক পৃথক আঁচনি গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে ব্যয়বহুল চিকিৎসা চিকিৎসাৰ বাবে কৰ্পৰেট খণ্ডৰ পৰা চিএছআৰ পুঁজি সংগ্ৰহ কৰিছে। ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে চিকিৎসাৰ খৰচ বহন কৰে আৰু দৰিদ্ৰ ৰোগীসকলে ব্যয়বহুল চিকিৎসা প্ৰক্ৰিয়াৰ বাবেও কোনো খৰচ বহন কৰিব নালাগে। তেওঁ কয় যে অসম চৰকাৰৰ দৃষ্টিভংগী হ'ল দুখীয়া শিশুৱেও চিকিৎসক হ'ব পাৰে। দুখীয়া লোকসকলে উপযুক্ত চিকিৎসা লাভ কৰিব পাৰে। ৰোগৰ বাবে পৰিয়ালসমূহ উপাৰ্জনহীন হ'ব নালাগে আৰু চিকিৎসা ব্যয়ৰ বাবে কোনেও ঋণ ল'ব নালাগে। তেওঁ লগতে কয় যে এই ধৰণৰ শাসন ব্যৱস্থা অনুকৰণীয় আৰু বৰ্তমানৰ চৰকাৰে ইয়াক কাৰ্যকৰী কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বহু ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ বাবে নতুন দিগন্তৰ সূচনা কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ সপোন হৈছে এনে এক মঞ্চ সৃষ্টি কৰা, য'ত ভাৰতৰ যুৱক-যুৱতীসকলে বিশ্বৰ যুৱক-যুৱতীসকলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। মহাকাশ, সেউজ হাইড্ৰ'জেন, সেউজ শক্তি, কৃত্ৰিম বুদ্ধিমত্তা, ৫জি আৰু তাৰ পিছত ৬জি, ইলেক্ট্ৰনিক সঁজুলি নিৰ্মাণ, অৰ্ধপৰিবাহী-এই সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহে অহা ২৫ বছৰত বিশ্ব অৰ্থনীতিৰ দিশ নিৰ্ধাৰণ কৰিব। আজি ভাৰতে এই ক্ষেত্ৰসমূহত প্ৰতিষ্ঠাপক সদস্য হিচাপে পৰিগণিত হৈছে। অসমত প্ৰথমবাৰৰ বাবে ২৭,০০০ কোটি টকা ব্যয় সাপেক্ষে এটা অৰ্ধপৰিবাহী প্ৰকল্প স্থাপন কৰা হৈছে। অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত, চিভিল আৰু কেমিকেল ইঞ্জিনিয়াৰিঙৰ আসনসমূহ হ্ৰাস কৰি এই শাখাসমূহলৈ স্থানান্তৰিত কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত বিশ্বৰ সৰ্ববৃহৎ এআই সন্মিলনৰ আয়োজন কৰিছিল। এই সন্মিলনত ৮০খন দেশৰ আগশাৰীৰ চিইঅ' আৰু ২২খন দেশৰ ৰাষ্ট্ৰপ্ৰধানে অংশগ্ৰহণ কৰিছিল। সন্মিলনত বহুতো বুজাবুজি চুক্তি, প্ৰশিক্ষণ কাৰ্যসূচী আৰু গৱেষণা আৰু বিকাশ সহযোগিতাৰ চুক্তি স্বাক্ষৰিত হৈছিল। সেই মঞ্চত বিৰোধী দলৰ কৰ্মীসকলে নিজৰ কাপোৰ খুলি ভাৰতক অপমান কৰিবলৈ চেষ্টা কৰিছিল। শ্ৰী শ্বাহে কয় যে তেওঁ নিজেও বিৰোধী পক্ষত আছিল আৰু ধৰ্ণা আৰু প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। কিন্তু এনে কাৰ্যসূচীৰ বাবে এটা সময় আৰু স্থান আছে। য'ত সমগ্ৰ বিশ্বৰ পৰা ভাৰতক চাবলৈ আৰু ইয়াত বিনিয়োগ কৰিবলৈ আহিছিল, তেওঁলোকে এই মঞ্চক ব্যক্তিগত ৰাজনীতিৰ মঞ্চলৈ ৰূপান্তৰিত কৰিলে। বিৰোধী দলপতিক উদ্দেশ্যি তেওঁ কয় যে মোদীজী আৰু আমাৰ দলৰ বিৰোধিতা কৰি আপুনি ভাৰতৰ বিৰোধিতা কৰিছে। বিৰোধী দলৰ দলপতিয়ে লজ্জাজনক আচৰণ প্ৰদৰ্শন কৰিছিল। ক্ষমা খোজাৰ পৰিৱৰ্তে তেওঁ কৈছিল যে অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰা ব্যক্তিসকল আছিল তেওঁৰ "বাব্বৰ শ্বেৰ” । তেওঁ কয় যে এনে কাৰ্যক কোনো দায়িত্বশীল ৰাজনৈতিক দলে সমৰ্থন নকৰে।

গৃহমন্ত্ৰীয়ে কয় যে বিৰোধী দলৰ দলপতিজনে কেতিয়াবা সংসদৰ গেটত বহি চাহ আৰু পকোৰা খায়। প্ৰাতঃভোজনৰ বাবে উপযুক্ত ঠাই ক'ত সেয়া তেওঁ নিশ্চয় নাজানে। তেওঁ কয় যে সংসদ হৈছে আমাৰ গণতন্ত্ৰৰ সৰ্বোচ্চ প্ৰতিষ্ঠান। তাত ধৰ্ণা কৰি থকাটোও সঠিক নহয়, কিন্তু আপুনি ধৰ্ণাতকৈও  দুখোজ আগুৱাই গৈছে। এইটোৱে বিশ্বৰ দৃষ্টিত ভাৰত আৰু আমাৰ গণতন্ত্ৰক কলুষিত কৰিছে। তেওঁ কয়, বিৰোধী দলৰ দলপতিৰ নিৰ্দেশত আৰু তেওঁৰ প্ৰত্যক্ষ অংশগ্ৰহণেৰে আজি সংঘটিত হোৱা এই দুয়োটা ঘটনাৰ মই তীব্ৰ নিন্দা কৰিছো। দেশৰ কোনো যুৱকে এই ধৰণৰ আন্দোলনক সমৰ্থন নকৰে। তেওঁ লগতে কয় যে আমি বিৰোধী দলৰ দলপতিৰ আচৰণৰ বিৰোধিতা কৰিছো। আমাক  যিমান পাৰে বিৰোধিতা কৰক, কিন্তু আপুনি সংসদত কথা নকয়, আপুনি তাৰ পৰা পলায়ন কৰে। যেতিয়া সমগ্ৰ বিশ্বই ভাৰতৰ শক্তি আৰু ইয়াৰ যুৱক-যুৱতীসকলৰ সামৰ্থ্যৰ সাক্ষী হ'বলৈ আহিছিল, তেতিয়া আপোনালোকে তেওঁলোকৰ সুযোগ হ্ৰাস কৰিছে। ভাৰতৰ জনতাই বিৰোধী দলৰ দলপতিক কেতিয়াও ক্ষমা নকৰে।

****

RK/RR/PR/PS/DB


(ৰিলিজ আই ডি : 2240407) অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati