উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ অধ্যক্ষতাত ড’নাৰ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ বৈঠক; উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ, এম এছ এম ই-ৰ বিকাশ আৰু নিয়োগৰ ক্ষেত্ৰত নেডফি-ৰ অৱদানৰ পৰ্যালোচনা

২৬,৮৩৫ টা গোটলৈ নেডফি-য়ে আগবঢ়াইছে ৯,১১৪ কোটি টকা, অনুঘটক হিচাপে ২৩,৬৭০ কোটি ব্যক্তিগতখণ্ডৰ বিনিয়োগ আৰু প্ৰায় ১৫ লাখ নিয়োজনত সহযোগিতা

উত্তৰ-পূৰ্বাঞ্চলত এম এছ এম ই-ৰ বিকশ শক্তিশালী কৰাৰ বাবে ক্ষুদ্ৰ উদ্যোগখণ্ডৰ বাহিৰলৈকো বিত্তীয় সাহায্যৰ সম্প্ৰসাৰণ কৰিবলৈ সিন্ধিয়াই নেডফি-ক নিৰ্দেশ দিয়ে

উত্তৰ-পূব বিনিয়োগকাৰী সন্মিলন-ত লভ কৰা ৪.৪৮ লাখ কোটিৰ প্ৰতিশ্ৰুতিৰ প্ৰায় ৩৫,০০০ কোটি টকা ইতিমধ্যেই বিনিয়োজিত হৈছে

পোষ্ট কৰা হৈছে: 13 MAR 2026 5:02PM by PIB Guwahati

 

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ সভাপতিত্বত নতুন দিল্লীৰ সংসদৰ উপ-ভৱনত ১২-০৩-২০২৬ তাৰিখে উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতি-ৰ বৈঠকখন অনুষ্ঠিত হয়। বৈঠকত সমিতিৰ সদস্য, উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সচিব আৰু বিভিন্ন মন্ত্ৰালয়, এনইচি তথা নৰ্থ ইষ্টাৰ্ন ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড (নেডফি)ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

বৈঠকত মন্ত্ৰীগৰাকীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ অনুঘটক, কৰ্মসংস্থাপন সৃষ্টি আৰু উদ্যোগীকৰণ শক্তিশালী কৰাৰ ক্ষেত্ৰত নেডফি-য়ে গ্ৰহণ কৰা উল্লেখযোগ্য ভূমিকাত আলোকপাত কৰে।

উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগৰ গাঁথনিগত সক্ষমক হিচাপেউদ্যোগীকৰণ সম্পৰ্সাৰিত কৰা, এম এছ এম ইসমূহৰ ঋণৰ ব্যৱধান দূৰ কৰা, ব্যক্তিগত বিনিয়োগৰ অনুঘটক হিচাপে কাম কৰা, আৰু সমগ্ৰ অঞ্চলটোৰ জীৱিকাক সহায় কৰি নেডফিয়ে ক্ৰমাগতভাৱে আত্মপ্ৰকাশ কৰিছে বুলি তেওঁ মন্তব্য কৰে।

শক্তিশালী আৰ্থিক প্ৰভাৱ আৰু চাকৰি সৃষ্টি

নেডফি-য়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ আৰ্থিক প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰি শ্ৰী সিন্ধিয়াই কয় যে ২০২৫ চনৰ মাৰ্চ মাহ পৰ্যন্ত প্ৰতিষ্ঠানটোৱে ২৬,৮৩৫টা গোটলৈ ৯১১৪ কোটি টকাৰ পুঁজি আগবঢ়াইছে, যিয়ে প্ৰায় ২৩৬৭০ কোটি টকা ব্যক্তিগত বিনিয়োগৰ অনুঘটক হিচাপে কাম কৰিছে আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ১৫ লাখ লোকৰ বাবে নিয়োগ সহযোগিতা আগবঢ়াইছে।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে নেডফি-য়ে বিনিয়োগ কৰা প্ৰতিটো টকাত ব্যক্তিগত খণ্ডৰ পৰা ২.৬ টকা লাভ কৰিছে, যিয়ে বিনিয়োগকাৰীসকলৰ দৃঢ় আস্থাক প্ৰতিফলিত কৰিছে। তেওঁ মূলধন নিয়োগৰ কাৰ্যক্ষমতা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰি কয় যে প্ৰতি ১ কোটি টকা নিয়োগৰ বিপৰীতে প্ৰায় ১৬৫টা চাকৰিৰ সৃষ্টি হয়।

এম এছ এম ই-ৰ ঋণ ব্যৱধান দূৰ কৰা

শ্ৰী সিন্ধিয়াই পৰ্যবেক্ষণ কৰে যে উত্তৰ-পূৰ্বাঞ্চলত এম এছ এম ইসমূহৰ ঋণৰ ব্যৱধান দূৰ কৰাত নেডফি-য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ প্ৰতিষ্ঠানটোক নিজৰ পৰ্টফলিঅৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিবলৈ আৰু ক্ষুদ্ৰ উদ্যোগসমূহৰ বাহিৰলৈ ঋণ সম্প্ৰসাৰণৰ ব্যৱস্থা কৰি ক্ষুদ্ৰ উদ্যোগসমূহকো সামৰি লবলৈ নিৰ্দেশ দিয়ে, যিয়ে অঞ্চলটোৰ বিস্তৃত পৰিসৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক সহায় কৰিব।

প্ৰতিষ্ঠানটোৰ বিত্তীয় অনুশাসনক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে নেডফি-য়ে ২৮৯.১১ কোটি টকা সুতমুক্ত ঋণ ক্ষতি নপৰাকৈ পৰিশোধ কৰিছে। তেওঁ লগতে সন্তুষ্টি প্ৰকাশ কৰে যে শেহতীয়াকৈ প্ৰদান কৰা ধনত প্ৰতিষ্ঠানটোৱে আভ্যন্তৰীণভাৱে ৪৬৮ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে ৫৮০ কোটি টকা ডনাৰ মন্ত্ৰালয়ে প্ৰদান কৰিছিল, যিয়ে প্ৰতিষ্ঠানিক আত্মবহনক্ষমতা বৃদ্ধিক প্ৰতিপন্ন কৰিছে।

বিনিয়োগৰ বাস্তৱায়ন আৰু আঞ্চলিক উন্নয়ন

উত্তৰ-পূব বিনিয়োগকাৰী সন্মিলন-ৰ পিছত হোৱা অগ্ৰগতি সন্দৰ্ভতো আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৪.৪৮ লাখ কোটি টকাৰ বিনিয়োগৰ বাবে দেখুওৱা আগ্ৰহৰ বিপৰীতে ইতিমধ্যে বিভিন্ন ৰাজ্যত প্ৰায় ৩৫ হাজাৰ কোটি টকাৰ বিনিয়োজন হৈছে।

আঞ্চলিক উন্নয়ণৰ চালক হিচাপে পৰ্যটনত গুৰুত্ব আৰোপ কৰি শ্ৰী সিন্ধিয়াই কয় যে মন্ত্ৰালয়ে সামগ্ৰিক পৰ্যটন অভিজ্ঞতাক কেন্দ্ৰ কৰি চয়ন কৰা পৰ্যটন চাৰ্কিট গঢ়ি তুলিছে, মেঘালয়ৰ ছোহ্ৰা আৰু ত্ৰিপুৰাৰ মাতাবাৰীত পাইলট প্ৰকল্পৰ কাম চলি আছে।

অৰুণাচল প্ৰদেশৰ কিৱি, ত্ৰিপুৰাৰ ৰাণী আনাৰস, ছিকিমৰ জৈৱিকভাৱে উৎপাদিত সামগ্ৰী, নাগালেণ্ডৰ কফি, অসমৰ মুগা ৰেচম, মণিপুৰৰ পলো, মিজোৰামৰ মিজো আদা আৰু মেঘালয়ৰ লাকাডং হালধিকে ধৰি তেওঁলোকৰ ইউ এছ পি হিচাপে ৰাজ্য নিৰ্দিষ্ট সামৰ্থ্যসমূহক প্ৰসাৰিত কৰাত মন্ত্ৰালয়টোৱে গুৰুত্ব দোহাৰে।

বৃহত্তৰ প্ৰসাৰ আৰু সমন্বয়

শ্ৰী সিন্ধিয়াই জুন মাহত বাৰিষা আৰম্ভ হোৱাৰ পূৰ্বে আঠখন ৰাজ্য ভ্ৰমণ কৰাৰ লক্ষ্যৰে প্ৰতিখন ৰাজ্যতে ৩-৪ দিনকৈ কটোৱা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য ভ্ৰমণৰ বিষয়েও অৱগত কৰে। বিশ্ববিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় তেওঁৰ ভ্ৰমণৰ অবিচ্ছেদ্য অংগ হব।

নাগালেণ্ড আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ ভূমি নীতিৰ সৈতে জড়িত বিষয় সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে বিত্তীয় প্ৰতিষ্ঠানসমূহে আৰ বি আই-ৰ নিৰ্দেশনা তথা নিজ নিজ ৰাজ্য চৰকাৰৰ আওতাত পৰা এনে বিষয়সমূহ মানি চলিব লাগিব।

বৰাক উপত্যকাৰ বান ব্যৱস্থাপনাৰ সমস্যা সমাধানৰ বাবে জল শক্তি মন্ত্ৰালয় আৰু জাৰ্মান সংস্থা কে এফ ডব্লিউ-ৰ সৈতে কাৰিকৰী সমন্বয় চলি থকা বুলিও তেওঁ প্ৰসংগক্ৰমে জানিবলৈ দিয়ে।

এবছৰত সমিতিৰ চাৰিখন বৈঠক অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে মন্ত্ৰীগৰাকীয়ে।

 

 

*********

PS/KB


(ৰিলিজ আই ডি : 2239798) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी