উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

পিএম-ডিভাইন(PM-DevINE) আঁচনিৰ অগ্ৰগতি

পোষ্ট কৰা হৈছে: 12 MAR 2026 3:04PM by PIB Guwahati

‘উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপ’ (PM-DevINE) আঁচনিখন ২০২২–২৩ চনৰ কেন্দ্ৰীয় বাজেটত নতুন আঁচনি হিচাপে ঘোষণা কৰা হৈছিল আৰু ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈকে ৪ বছৰৰ বাবে ৬,৬০০ কোটি টকা ব্যয়ৰে ৰূপাণৰ বাবে কেবিনেটে অনুমোদন জনাইছিল। ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰী পৰ্যন্ত সংযোগ, শক্তি, আৰু সামাজিক খণ্ডকে ধৰি বিভিন্ন খণ্ডত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আঁচনিসমূহৰ অধীনত ৬,০৪৪.৩৬ কোটি টকাৰ মুঠ ৪৮টা প্ৰকল্পলৈ অনুমোদন জনোৱা হৈছে। ইয়াৰে ১৭৬.১১ কোটি টকাৰ ০৩টা প্ৰকল্প ইতিমধ্যে সামাজিক আৰু জীৱিকা খণ্ডত সম্পূৰ্ণ হৈছে। এই ৪৮টা প্ৰকল্পৰ ৰাজ্যভিত্তিক বিৱৰণ পৰিশিষ্টত দাঙি ধৰা হৈছে।

‘পিএম-ডিভাইন’ আঁচনিৰ অধীনত প্ৰকল্পসমূহ সংশ্লিষ্ট ৰাজ্য চৰকাৰ/সংস্থাসমূহে অন্যান্য বিষয়ৰ লগতে প্ৰয়োজনীয়তা আৰু চিনাক্তকৃত ব্যৱধানত ভিত্তি কৰি প্ৰস্তাৱ কৰাৰ লগতে ৰূপায়ণ কৰে।

বিত্ত আয়োগ-ৰ পৰৱৰ্তী চক্ৰৰ বাবে আঁচনিখন অব্যাহত ৰখা সন্দৰ্ভত আঁচনিসমূহৰ মূল্যায়ন আৰু অনুমোদনৰ বাবে নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰি পৰীক্ষণ তথা সিদ্ধান্ত লোৱা হয়।

এই তথ্য উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড° সুকান্ত মজুমদাৰে আজি ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত প্ৰদান কৰে।

*****

PS/KB

 

Annexure

ক্ৰমিক নং

ৰাজ্য/অভিকৰণ

অনুমোদিত প্ৰকল্প

সম্পূৰ্ণ হোৱা প্ৰকল্প

 

 

সংখ্যা

ব্যয়

(কোটি টকা হিচাপত)

সংখ্যা.

ব্যয়

(কোটি টকা হিচাপত)

 

 

অৰুণাচল প্ৰদেশ

৪৩৩.৫৪

-

-

 

 

অসম

১৪০২.৫০

-

-

 

 

 

 

মণিপুৰ

৫৬১.০০

-

-

 

 

 

 

মেঘালয়

৭৭৩.৯০

-

-

 

 

 

 

মিজোৰাম

৫৯৫.২৫

-

-

 

 

 

 

নাগালেণ্ড

৫৫২.৮৩

-

-

 

 

 

 

ছিক্কিম

৫৬১.১১

১২১.২১

 

 

ত্ৰিপুৰা

৫৬১.০০

-

-

 

 

কেন্দ্ৰীয় / অন্যান্য অভিকৰণ

৬০৩.২৩

৫৪.৯

 

 

মুঠ

৪৮

৬০৪৪.৩৬

১৭৬.১১

 

 


(ৰিলিজ আই ডি : 2239028) অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali-TR