উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ

পোষ্ট কৰা হৈছে: 11 MAR 2026 3:32PM by PIB Guwahati

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্য আৰু বিনিয়োগৰ অনুঘটক হিচাপে কাম কৰাৰ উদ্দেশ্যে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট ২০২৫ৰ আয়োজন কৰে। উত্তৰ-পূৰ্বাঞ্চললৈ বিনিয়োগ আকৰ্ষণৰ বাবে অনুষ্ঠিত শীৰ্ষ সন্মিলনখনৰ কেন্দ্ৰীয় খণ্ডসমূহ আছিল পৰ্যটন আৰু আতিথ্য; কৃষি-খাদ্য সংসাধন আৰু আনুষংগিক খণ্ডসমূহ; বস্ত্ৰশিল্প, হস্ততাঁত আৰু হস্তশিল্প; স্বাস্থ্যসেৱা; শিক্ষা আৰু দক্ষতা বিকাশ; আই টি/আই টি ই এছ; বিনোদন আৰু ক্ৰীড়া; আন্তঃগাঁথনি আৰু লজিষ্টিক; তথা শক্তি। সামূহিকভাৱে, শীৰ্ষ সন্মিলন আৰু ইয়াৰ প্ৰি ইভেণ্ট ৰোডশ্ব'সমূহে বুজাবুজিৰ চুক্তি (MoU), উদ্দেশ্য পত্ৰ, আৰু ব্যক্তিগত বিনিয়োগকাৰী, ৰাজহুৱা খণ্ডৰ উদ্যোগ, আৰু প্ৰধান ঔদ্যোগিক সংঘৰ পৰা যোগ্যতাসম্পন্ন মধ্যস্থতাকাৰীৰ জৰিয়তে ৪.৪৮ লাখ কোটি টকাৰ বিনিয়োগ স্পৃহা লাভ কৰে। এই বিনিয়োগে উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগিক সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুবিধাও প্ৰদান কৰিব। বিনিয়োগৰ স্বাৰ্থৰ ভিত্তি স্থাপনৰ বাবে ৰাজ্য চৰকাৰসমূহ সকলো বিনিয়োগকাৰীৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। তদুপৰি বিনিয়োগৰ সুবিধাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, ত অন্যান্য বিষয়ৰ ভিতৰত আছে ছিংগল উইণ্ড-ৰে অনুমোদন, বিনিয়োগ প্ৰসাৰ সংস্থা স্থাপন, ভূমি বেংক স্থাপন, বিনিয়োগৰ বাবে উদগণিৰ দিহা আদি।

ঔদ্যোগিক পৰিতন্ত্ৰ শক্তিশালী কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চললৈ ব্যক্তিগত বিনিয়োগ আকৰ্ষণ কৰাৰ বাবে ভাৰত চৰকাৰে উত্তৰ পূৰ্ব ট্ৰেন্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন (UNNATI) আঁচনি ৰূপায়ণ কৰিছে। ইউএনএটিআই আঁচনিৰ অধীনত প্ৰদান কৰা উদগণিমূলক দিহাসমূহ হল (i) মূলধনী বিনিয়োগ সহযোগিতা; (ii) কেন্দ্ৰীয় মূলধনী সুত ৰাজসাহায্য প্ৰদানৰ দিহা; আৰু (iii) উৎপাদন আৰু সেৱা সংযুক্ত উদগণিৰ দিহা।

আজি এক প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে লোকসভাত এই তথ্য প্ৰদান কৰে।

 

*****

PS/KB


(ৰিলিজ আই ডি : 2238602) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri