দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়
এমএছডিই-ৰ সচিব শ্ৰীমতী দেৱশ্ৰী মুখাৰ্জীয়ে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান, গুৱাহাটী পৰিদৰ্শন কৰে
পোষ্ট কৰা হৈছে:
11 MAR 2026 7:39PM by PIB Guwahati
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ (MSDE) সচিব শ্ৰীমতী দেৱশ্ৰী মুখাৰ্জীয়ে তেওঁৰ দুদিনীয়া অসম ভ্ৰমণৰ অংশ হিচাপে আজি ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (IIE), গুৱাহাটী পৰিদৰ্শন কৰে।
এই ভ্ৰমণৰ সময়ত শ্ৰীমতী মুখাৰ্জীয়ে চৌহদটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা পৰিদৰ্শন কৰে, যথাঃ দুঃসাহসিক ক্ৰীড়াক প্ৰসাৰিত কৰা মাউন্টেইনিং স্প’ৰ্টছ এৰিনা, ফুড এণ্ড বেভাৰেজ ইনকিউবেচন চেন্টাৰ, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা ৪.০-ৰ অধীনত প্ৰশিক্ষকৰ প্ৰশিক্ষণ কাৰ্য্যসূচী আৰু ট্ৰিছাম (TRISSAM) আউটলেট আদি। এই পদক্ষেপসমূহে উদ্যমিতা, উদ্ভাৱন আৰু সামৰ্থ্য বিকাশক ত্বৰান্বিত কৰিবলৈ প্ৰতিষ্ঠানখনিয়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিত আলোকপাত কৰিছে। তেওঁ লগতে চৌহদটোত নতুনকৈ স্থাপন কৰা স্কিল ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰটো পৰিদৰ্শন কৰে। এই ভ্ৰমণৰ অংশ হিচাপে তেওঁ প্ৰতিষ্ঠানখনিৰ চৌহদত এটি নাহৰ পুলি ৰোপণ কৰে। এনে ৰোপণ কাৰ্য্যই বহনক্ষমতা, বিকাশ আৰু ভৱিষ্যতৰ প্ৰতিভাৰ লালন-পালনৰ ইংগিত বহন কৰে।
শ্ৰীমতী মুখাৰ্জীয়ে আইআইই-ৰ প্ৰশিক্ষণপ্ৰাপ্ত উদ্যোগীসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁলোকে নিৰ্দিষ্ট ষ্টলত ভিন্ন ধৰণৰ সামগ্ৰী প্ৰদৰ্শন কৰে। তেওঁ তেওঁলোকক দক্ষতা বিকাশ আৰু উদ্যমিতা সুযোগৰ সহায় লৈ বহনক্ষম জীৱিকা আহৰণ কৰিবলৈ উৎসাহিত কৰে।
প্ৰতিষ্ঠানখনিৰ নেতৃত্বক সম্বোধন কৰি সচিবগৰাকীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত দক্ষতা বিকাশৰ পদক্ষেপসমূহক অধিক সুদৃঢ়, উদ্যমিতাক প্ৰসাৰিত আৰু নিয়োগযোগ্যতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ প্ৰতিটো অঞ্চলৰ প্ৰতিভাই সুযোগ আৰু সমৰ্থন লাভ কৰাটো নিশ্চিতকৰণৰ অৰ্থে ভাৰত চৰকাৰৰ অংগীকাৰৰ কথা দোহাৰি যুৱক-যুৱতীসকলক নিয়োগ প্ৰত্যাশীৰ সলনি নিয়োগকৰ্তা হ’বলৈ সবলীকৰণৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে।
শ্ৰীমতী মুখাৰ্জীয়ে এই ভ্ৰমণৰ সময়তে আইআইই-ৰ ৫০ সংখ্যক কাৰ্য্যনিৰ্বাহক বৈঠকতো অধ্যক্ষতা কৰে আৰু স্কিল ইণ্ডিয়া মিছনৰ অধীনত অব্যাহত পদক্ষেপসমূহৰ পৰ্য্যালোচনাৰ বাবে দক্ষতা বাতাবৰণৰ মূল অংশীদাৰসকলৰ সৈতে মত-বিনিময় কৰে।
সচিবগৰাকীক আদৰণি জনাই এমএছডিই আৰু আইআইই-ৰ সঞ্চালক প্ৰীতম দত্তই তেওঁৰ এনে ভ্ৰমণ আৰু পথ-প্ৰদৰ্শনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি অঞ্চলটোত উদ্যমিতা আৰু জীৱিকাৰ সুযোগক সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানখনিৰ অংগীকাৰৰ কথা দোহাৰে।
এই ভ্ৰমণকালত শ্ৰীমতী দেৱশ্ৰী মুখাৰ্জীক সংগ প্ৰদান কৰে এমএছডিই-ৰ যুটীয়া সচিব শ্ৰীমতী হেনা উছমান, এমএছডিই-ৰ অতিৰিক্ত সচিব শ্ৰীমতী জি. মধুমিতা দাস, এনআইইএছবিইউডি-ৰ সঞ্চালক প্ৰধান ডঃ পুনম সিনহা, এমএছডিই-ৰ ইএনপি-ৰ সহকাৰী সঞ্চালক শ্ৰী ঋষভ খাট্ৰি, এমএছডিই-ৰ অ’এছডি আৰু উপ সঞ্চালক শ্ৰী মনীষ গুপ্তা, এমএছডিই-ৰ ইএনপি-ৰ এএছঅ’ শ্ৰীমতী মঞ্জুৱে।





***
SH/SB
(ৰিলিজ আই ডি : 2238589)
অতিথি কক্ষ : 6