গৃহ মন্ত্ৰালয়
আৰক্ষী বাহিনীৰ আধুনিকীকৰণ
পোষ্ট কৰা হৈছে:
10 MAR 2026 3:32PM by PIB Guwahati
বিগত ৫ বছৰত আৰক্ষীৰ আধুনিকীকৰণৰ অৰ্থে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সাহায্য আঁচনিৰ অধীনত আবণ্টন আৰু ব্যৱহাৰ কৰা পুঁজি তলত উল্লেখ কৰা হ'ল:
(কোটি টকাৰ হিচাপত)
|
ক্ৰ.নং
|
বছৰ
|
বাজেট আবণ্টন
[আনুমানিক বাজেট(BE)/ সংশোধিত অনুমান (RE)]
|
পুঁজি মুকলি /ব্যৱহাৰ
|
|
|
১
|
২০২১-২২
|
বাঃআঃ ৬২০.৪৫; সঃঅঃ: ১৮৮.০০
|
১৫৮.৫৭
|
|
২
|
২০২২-২৩
|
বাঃআঃ ৬২০.৪৫; সঃঅঃ: ১৫০.৫২
|
৩৬.৬৯
|
|
৩
|
২০২৩-২৪
|
বাঃআঃ ২৬৪.১২; সঃঅঃ: ১৬৬.৩৩
|
৫২.৩০
|
|
৪
|
২০২৪-২৫
|
বাঃআঃ ৫২০.৫১; সঃঅঃ: ১৪২.১৫
|
১১৭.১৫
|
|
৫
|
২০২৫-২৬
|
বাঃআঃ ৫৪০.০০
|
২২৭.৪২৭৫*
(২৪.০২.২০২৬লৈকে )
|
| |
|
|
|
|
|
|
|
* মুকলি কৰি দিয়া ধন/মুকলি কৰি দিয়া মাদাৰ ছেঞ্চিচন অন্তৰ্ভুক্ত কৰা হৈছে।
এএছইউএমপি আঁচনিৰ অধীনত ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে প্ৰস্তাৱিত/সম্পূ্ৰ্ণ কৰা প্ৰধান আন্তঃগাঁথনি আৰু প্ৰযুক্তিগত উন্নীতকৰণসমূহ হৈছে উপগ্ৰহভিত্তিক যোগাযোগ নেটৱৰ্ক টাৰ্মিনেল (পলনেট ফ্লাই আৱে টাৰ্মিনেল)ৰ জৰিয়তে যোগাযোগ নেটৱৰ্কৰ উন্নীতকৰণ, শেহতীয়া সঁজুলিৰে সংহত কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰৰ জৰিয়তে প্ৰতিক্ৰিয়াৰ সময় উন্নত কৰা, অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰা, ডিজিটেল ফৰেনচিক কিট, অত্যাধুনিক চাইবাৰ ফৰেনচিক সঁজুলি আদি ক্ৰয় কৰি ফৰেনচিক সামৰ্থৰ উন্নীতকৰণ ইত্যাদি।
সংবিধানৰ সপ্তম অনুসূচীৰ মতে আৰক্ষী আৰু পাব্লিক অৰ্ডাৰ ৰাজ্যিক বিষয়। ৰাজ্যখনত আৰক্ষীৰ কাৰ্যদক্ষতা আৰু অপৰাধ চিনাক্তকৰণৰ মূল্যায়ন কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব।
আৰক্ষীৰ আধুনিকীকৰণৰ অৰ্থে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সাহায্য (এছইউএমপি) আঁচনিৰ জৰিয়তে কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰচেষ্টা সম্পূৰ্ণ কৰিছে। এই আঁচনিয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আৰক্ষী থানাসমূহক আধুনিক প্ৰযুক্তিৰে সু-সজ্জিত কৰি অত্যাধুনিক পৰ্যায়ত আৰক্ষীৰ আন্তঃগাঁথনি শক্তিশালী কৰাত সহায় কৰে।
লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত গৃহ ৰাজ্য মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে এইদৰে কয়।
***
RK/RR/PR/PS/SK/DB
(ৰিলিজ আই ডি : 2237598)
অতিথি কক্ষ : 9