পঞ্চায়তীৰাজ মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমৰ গ্ৰাম্য স্থানীয় সংস্থাসমূহে ১৫ সংখ্যক বিত্ত আয়োগৰ অনুদান হিচাপে ২৯৯ কোটিৰো অধিক টকা লাভ কৰে

পোষ্ট কৰা হৈছে: 08 MAR 2026 6:17PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰে অসমৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠান/ গ্ৰাম্য স্থানীয় সংস্থাৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ১৫ সংখ্যক বিত্ত আয়োগৰ (XV FC) অনুদান মুকলি কৰিছে। ইয়াত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ২৫৬.৬০ কোটি টকাৰ আনটাইড অনুদানৰ ২য় কিস্তি অন্তৰ্ভুক্ত হৈছে। এই ধনৰাশি অসমৰ সকলো যোগ্য ২৭ জিলা পঞ্চায়ত (DP), সকলো যোগ্য ১৮২ ব্লক পঞ্চায়ত (BP), সকলো যোগ্য ২১৯২ গাঁও পঞ্চায়ত (GP) আৰু সকলো যোগ্য ৩ স্বায়ত্তশাসিত জিলা পৰিষদ (ADC) যথাঃ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC), কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ (KAAC) আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ (DHAC) বাবে আগবঢ়োৱা হৈছে। ইয়াৰোপৰি, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ আনটাইড অনুদানৰ ১ম কিস্তিৰ ৪২.৭০ কোটি টকাৰ উইথহেল্ড অংশক অতিৰিক্তভাৱে যোগ্য ৩ এডিচিলৈ (বিটিচি, কেএএচি আৰু ডিএইচএচি) মুকলি কৰা হৈছে।

 

ভাৰত চৰকাৰে পঞ্চায়তীৰাজ মন্ত্ৰালয় আৰু জল শক্তি মন্ত্ৰালয়ৰ (খোৱাপানী আৰু অনাময় বিভাগ) জৰিয়তে পঞ্চায়তীৰাজ প্ৰতিষ্ঠান/গ্ৰাম্য স্থানীয় সংস্থাৰ বাবে ৰাজ্যসমূহলৈ ১৫ সংখ্যক বিত্ত আয়োগৰ (XV-FC) অনুদান মুকলি কৰাৰ পৰামৰ্শ আগবঢ়োৱাৰ পিছত বিত্ত মন্ত্ৰালয়ে এই অনুদান মুকলি কৰে। এই আবন্টিত অনুদানক এটা বিত্তীয় বৰ্ষত ২ টা কিস্তিত মুকলি কৰি দিয়াৰ পৰামৰ্শ আগবঢ়োৱা হয়। সংবিধানৰ একাদশ সূচীত সন্নিৱিষ্ট ২৯ বিষয়ৰ অধীনত, স্থান-নিৰ্দিষ্ট অনুভূত প্ৰয়োজনীয়তাৰ বাবে পিআৰআই/আৰএলবি-এ আনটাইড অনুদানসমূহ ব্যৱহাৰ কৰিব। ইয়াত দৰমহা আৰু অন্যান্য প্ৰতিষ্ঠানিক ব্যয় অন্তৰ্ভুক্ত নহয়। টাইড অনুদানসমূহক (ক) অনাময় আৰু অ’ডিএফ স্বীকৃতি ৰক্ষণাবেক্ষণৰ মৌলিক সেৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ ভিতৰত ঘৰুৱা আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিশোধনক অন্তৰ্ভুক্ত কৰিব লাগে। (খ) খোৱাপানীৰ যোগান, বৰষুণৰ পানী সংগ্ৰহ আৰু পানীৰ পুনঃব্যৱহাৰতো ব্যৱহাৰ কৰিব পাৰি।  

***

AA/SB


(ৰিলিজ আই ডি : 2236731) অতিথি কক্ষ : 19
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil