ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav AI Impact Summit 2026

ভাৰত এ আই ইম্পেক্ট ছামিট ২০২৬ এক্সপ’ৰ পঞ্চম দিনা দৰ্শকৰ ব্যাপক উৎসাহ

যুৱক-যুৱতী আৰু উদ্ভাৱকসকলৰ উপস্থিতিৰে গুঞ্জৰিত পেভিলিয়ন

পোষ্ট কৰা হৈছে: 20 FEB 2026 8:36PM by PIB Guwahati

ইণ্ডিয়া এআই ইম্পেক্ট ছামিট ২০২৬ এক্সপ’ৰ পঞ্চম দিনটোতো দৰ্শকৰ ব্যাপক উচাহ পৰিলক্ষিত হয়। বিশেষকৈ যুৱক-যুৱতীসকলে বিভিন্ন বিপনীত উৎসাহেৰে মত বিনিময় কৰা দেখা যায়। ইয়াত একাংশ প্ৰদৰ্শকৰ পৰা মুল দিশসমূহ আগবঢ়োৱা হ’ল:

 

ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ইয়াৰ মত বিনিময়মুলক প্ৰদৰ্শনীৰে দৰ্শকক মোহিত কৰে, য’ত ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু আইটি উদ্ভাৱন নীতিক আগুৱাই নিয়াত ইয়াৰ ভূমিকাক উজ্জ্বল কৰি তোলা হয়।

জ্ঞান ভাৰতমে এক কোটিৰো অধিক পাণ্ডুলিপি ডিজিটেলাইজ কৰাৰ লগতে ভাৰতৰ জ্ঞান ঐতিহ্যক এক শক্তিশালী ডিজিটেল ভঁৰালৰ জৰিয়তে সুৰক্ষিত কৰাৰ অভিযান প্ৰদৰ্শন কৰাৰ সময়ত শক্তিশালী নিয়োজিততাৰ সাক্ষী হয়।

স্থানীয় ভাষা, উদ্যোগ আৰু ৰাজহুৱা খণ্ডৰ প্ৰয়োগৰ বাবে নিৰ্মিত ভাৰতকেন্দ্ৰিক উদ্ভাৱনীমূলক এআই মডেলৰ পোনপটীয়া প্ৰদৰ্শনেৰে সৰ্বম এআইয়ে আগ্ৰহী দৰ্শকক মোহিত কৰে।

ভাৰতজিপিটিয়ে ভাৰতৰ বৈচিত্ৰময় ভাষিক আৰু ডিজিটেল পৰিৱেশৰ অনুকূল বহুভাষিক এআই মডেল প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকক উৎসাহ যোগায়।

ৱেভছ ক্ৰিয়েটাৰ্ছ কৰ্ণাৰে এভিজিচি-এক্সআৰ (এনিমেচন, ভিএফএক্স, গেমিং, কমিক্স, আৰু এক্সটেণ্ডেড ৰিয়েলিটি) খণ্ডত এআইৰ বাবে এটা মত বিনিময়মূলক উদ্ভাৱন হাব হিচাপে কাম কৰে, য'ত ৫১টা ষ্টাৰ্টআপে মিডিয়া, সৃষ্টিশীল প্ৰযুক্তি আৰু নিমজ্জিত মনোৰঞ্জনত ৰিয়েল-টাইম এআই এপ্লিকেচন প্ৰদৰ্শন কৰে।

জ্ঞানী এআইয়ে এই সন্মিলনত ‘ইনিয়া ভইচ-অ’এছ’ প্ৰৱৰ্তন কৰে, যিটো বহুভাষিক বাক্যৰ বাবে ডিজাইন কৰা ৫ বিলিয়ন পেৰামিটাৰৰ ভইচ-ফাৰ্ষ্ট এআই মডেল। ই চৰকাৰী, উদ্যোগ, আৰু ৰাজহুৱা খণ্ডৰ প্ৰয়োগৰ বাবে নিৰৱচ্ছিন্ন আৰু স্বাভাৱিক কণ্ঠৰ পৰা কণ্ঠলৈ পাৰস্পৰিক মত বিনিময় সক্ষম কৰে।

অসংখ্য যুৱক-যুৱতীৰ উৎসাহৰ লগতে হলটোত বৈপ্লৱিক ধাৰণা সৃষ্টিৰে ইণ্ডিয়া এআই ইম্পেক্ট ছামিট ২০২৬ এক্সপ’ৰ পঞ্চম দিনটোৰ সামৰণি পৰে। এআইৰ জগতখন ওচৰৰ পৰা অন্বেষণ কৰিবলৈ মাত্ৰ এদিন বাকী থকাৰ সময়তে কাইলৈ ​​এক্সপ’ সমাপ্ত হোৱাৰ আগতে উদ্যোগৰ নেতা, শিক্ষাবিদ আৰু ছাত্ৰ-ছাত্ৰীসকলে শেষৰ প্ৰতিটো তথ্য আৰু অভিজ্ঞতা অৰ্জন কৰিব পাৰিব।

*****

Pallavi Chinya/ Mahesh Kumar/Allen Roy Joseph/ Ritu Raj/DB


(ৰিলিজ আই ডি : 2236478) অতিথি কক্ষ : 32
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Telugu , Kannada