স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই ভাৰত এআই ইমপেক্ট ছামিট ২০২৬ত দায়িত্বশীল স্বাস্থ্য এআই পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ বাবে এছএএইচআই আৰু বিঅ’ডিএইচ পদক্ষেপৰ শুভাৰম্ভ কৰে
স্বাস্থ্যসেৱাত এআইৰ নৈতিক, স্বচ্ছ আৰু জনকেন্দ্ৰিক ব্যৱহাৰক পথ প্ৰদৰ্শন কৰিব এছএএইচআইয়ে: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী
ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি, ২০১৭ ৰাষ্ট্ৰীয় ডিজিটেল দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি পৰিকল্পিত আন্তঃকাৰ্য্যকৰী, অন্তৰ্ভুক্ত আৰু স্কেলেবল ডিজিটেল স্বাস্থ্য পৰিৱেশ তন্ত্ৰ: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী
ফাৰ্মাচিউটিকেলছ আৰু ক্লিনিকেল ৰিচাৰ্চত এআই প্ৰয়োগে নিখুঁততা উন্নত কৰিব পাৰে, সময়সীমা হ্ৰাস কৰিব পাৰে আৰু খৰচ কম কৰিব পাৰে: শ্ৰী নাড্ডা
স্বাস্থ্যসেৱাত সুৰক্ষিত, স্বচ্ছ আৰু জবাবদিহি এআইক প্ৰসাৰিত কৰাৰ বাবে এআই ইণ্ডিয়া শীৰ্ষ সন্মিলনত এছএএইচআই আৰু বিঅ’ডিএইচ পদক্ষেপ আৰম্ভ
পোষ্ট কৰা হৈছে:
17 FEB 2026 6:27PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই আজি ভাৰত এআই ইমপেক্ট ছামিট–২০২৬ উপলক্ষে ভাৰতৰ স্বাস্থ্যসেৱা পৰিৱেশ তন্ত্ৰত কৃত্ৰিম বুদ্ধিমত্তা (এআই) সংহতিৰ দিশত দুটা অগ্ৰণী ডিজিটেল স্বাস্থ্য পদক্ষেপ—এছএএইচআই (ভাৰতৰ বাবে স্বাস্থ্যসেৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ কৌশল) আৰু বিঅ’ডিএইচ (স্বাস্থ্য এআইৰ বাবে মুক্ত তথ্য মঞ্চৰ বেঞ্চমাৰ্কিং)—আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
শীৰ্ষ সন্মিলনখনক সময়োপযোগী আৰু অত্যন্ত প্ৰয়োজনীয় বুলি অভিহিত কৰি শ্ৰী নাড্ডাই উল্লেখ কৰে যে কৃত্ৰিম বুদ্ধিমত্তা স্বতন্ত্ৰভাৱে কাৰ্যকৰী নহয়, বৰঞ্চ শক্তিশালী ডিজিটেল আন্তঃগাঁথনি আৰু উচ্চমানৰ তথ্যৰ ওপৰত ভিত্তি কৰি বিকশিত হয়। এই বাস্তৱতা আগতীয়াকৈ স্বীকাৰ কৰি ভাৰতে প্ৰায় এটা দশক পূৰ্বেই ডিজিটেল ভেটি গঢ়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ২০১৫ চনত মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আৰম্ভ কৰা ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীয়ে ভাৰতক ডিজিটেলভাৱে সবল সমাজ আৰু জ্ঞানভিত্তিক অৰ্থনীতিলৈ ৰূপান্তৰিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলষ্টোন হিচাপে কাম কৰিছে।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে স্বাস্থ্য খণ্ডই এই ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে নিজকে দৃঢ়ভাৱে সংযুক্ত কৰিছিল। ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি–২০১৭ত এক আন্তঃকাৰ্য্যকৰী, অন্তৰ্ভুক্তিমূলক আৰু স্কেলেবল ডিজিটেল স্বাস্থ্য পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ পৰিকল্পনা কৰা হৈছিল। এই দৃষ্টিভংগীৰ আধাৰত চৰকাৰে ২০২০ চনত আয়ুষ্মান ভাৰত ডিজিটেল মিছন (এবিডিএম) আৰম্ভ কৰি স্বাস্থ্যসেৱাৰ বাবে এক শক্তিশালী ডিজিটেল ৰাজহুৱা স্থাপত্য স্থাপন কৰে।
লাভ কৰা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি শ্ৰী নাড্ডাই কয় যে ধাৰাবাহিক প্ৰচেষ্টাৰ ফলস্বৰূপে স্বাস্থ্য খণ্ডত এক সুদৃঢ় ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গঢ় লৈ উঠিছে। বিভিন্ন প্লেটফৰ্মৰ মাজত আন্তঃকাৰ্য্যকৰী ব্যৱস্থা সক্ষম কৰা হৈছে আৰু নাগৰিকসকলৰ সবলীকৰণ নিশ্চিত কৰাৰ লগতে তথ্যৰ গোপনীয়তা আৰু সুৰক্ষাক গুৰুত্ব দি বৃহৎ পৰিসৰৰ, সন্মতি-ভিত্তিক স্বাস্থ্য তথ্য কাঠামো বিকশিত কৰা হৈছে।
এই প্ৰসংগত মন্ত্ৰীগৰাকীয়ে ভাৰতৰ স্বাস্থ্যসেৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ কৌশল এছএএইচআইৰ শুভাৰম্ভৰ কথা উল্লেখ কৰি ইয়াক কেৱল এক প্ৰযুক্তিগত নীতি নহয়, বৰঞ্চ স্বাস্থ্যসেৱাত এআইৰ দায়িত্বশীল ব্যৱহাৰৰ বাবে এক শাসন কাঠামো, নীতিগত দিশনিৰ্দেশনা আৰু ৰাষ্ট্ৰীয় ৰোডমেপ বুলি অভিহিত কৰে। তেওঁ কয় যে এছএএইচআইয়ে নৈতিকতা, স্বচ্ছতা, জবাবদিহিতা আৰু জনকেন্দ্ৰিক দৃষ্টিভংগীৰ আধাৰত ভাৰতক এআইৰ পূৰ্ণ লাভ উঠাবলৈ পথ প্ৰদৰ্শন কৰিব।

শ্ৰী নাড্ডাই আৰু জোৰ দি কয় যে এছএএইচআইয়ে সহযোগিতাৰ বাবে এক সুসংগঠিত কাঠামো প্ৰদান কৰে, যাৰ জৰিয়তে জনস্বাৰ্থ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ থাকিব আৰু একে সময়তে উদ্ভাৱনো বিকশিত হ’ব।
মন্ত্ৰীগৰাকীয়ে ঔষধ আৰু জীৱ বিজ্ঞানত কৃত্ৰিম বুদ্ধিমত্তাৰ ৰূপান্তৰকাৰী সম্ভাৱনাৰ ওপৰতো আলোকপাত কৰে। এআই-চালিত সঁজুলিসমূহে ঔষধ আৱিষ্কাৰ ত্বৰান্বিত কৰিব, গৱেষণাৰ সময়সীমা হ্ৰাস কৰিব, ক্লিনিকেল ট্ৰায়েলৰ নিখুঁততা বৃদ্ধি কৰিব আৰু গৱেষণা প্ৰক্ৰিয়াক অধিক ব্যয়-দক্ষ কৰি তুলিব পাৰে, যাৰ ফলস্বৰূপে সুলভ আৰু গুণগত স্বাস্থ্যসেৱা প্ৰদান অধিক শক্তিশালী হ’ব।
তেওঁ ভৱিষ্যতৰ বাবে সাজু স্বাস্থ্যসেৱা এআই কৰ্মশক্তি গঢ়ি তোলাৰ ক্ষেত্ৰত শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও উল্লেখ কৰে। চৰকাৰ আৰু শিক্ষাবিদৰ মাজৰ ঘনিষ্ঠ সহযোগিতাৰ ফলস্বৰূপে বিঅ’ডিএইচ—স্বাস্থ্য এআইৰ বাবে মুক্ত তথ্য মঞ্চৰ বেঞ্চমাৰ্কিং—ৰ বিকাশ সম্ভৱ হৈছে, যিয়ে বৃহৎ পৰিসৰত মোতায়েন কৰাৰ পূৰ্বে এআই সমাধানসমূহ পৰীক্ষা আৰু বৈধতা নিশ্চিত কৰাৰ এক গাঁথনিগত ব্যৱস্থা প্ৰদান কৰে।
শ্ৰী নাড্ডাই পুনৰ উল্লেখ কৰে যে এআই সমাধানসমূহৰ পৰিৱেশন, নিৰ্ভৰযোগ্যতা আৰু বাস্তৱ জগতত প্ৰয়োগযোগ্যতা নিশ্চিত কৰিবলৈ কঠোৰ মূল্যায়ন অতি আৱশ্যক। এছএএইচআই আৰু বিঅ’ডিএইচে একেলগে উদ্ভাৱন, দায়িত্ববোধ আৰু জনসাধাৰণৰ আস্থাৰ আধাৰত এক বিশ্বাসযোগ্য, অন্তৰ্ভুক্তিমূলক আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক স্বাস্থ্য এআই পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ প্ৰতি ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।

সভাত ভাষণ দি কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱে কয় যে মাননীয় প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে শাসন ব্যৱস্থাক অধিক অন্তৰ্ভুক্তিমূলক, স্বচ্ছ আৰু কাৰ্যক্ষম কৰি তুলিবলৈ প্ৰযুক্তিৰ সদ্ব্যৱহাৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।
তেওঁ জোৰ দি কয় যে এছএএইচআই আৰু বিঅ’ডিএইচৰ আৰম্ভণিয়ে স্বাস্থ্যসেৱাত এআই প্ৰয়োগ আগুৱাই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰে। তেওঁৰ মতে, এই পদক্ষেপসমূহে চৰকাৰৰ দীৰ্ঘম্যাদী নীতিগত প্ৰতিশ্ৰুতি প্ৰতিনিধিত্ব কৰে আৰু স্বাস্থ্যসেৱা পৰিৱেশ তন্ত্ৰৰ ভিতৰত এআইৰ মূল্যায়ন, গ্ৰহণ আৰু সংহতিৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে ব্যক্তিগত অংশীদাৰসকলৰ বাবে এক উমৈহতীয়া কাঠামো প্ৰদান কৰে।
শ্ৰীমতী শ্ৰীবাস্তৱে উল্লেখ কৰে যে চিকিৎসকসকলৰ দ্বাৰা ব্যৱহৃত এআই সঁজুলিসমূহ মোতায়েনৰ পূৰ্বে বাস্তৱ জগতৰ পৰিমাপকসমূহৰ সৈতে মিলাই সুৰক্ষিত, নিৰ্ভৰযোগ্য আৰু বৈধ হোৱাটো নিশ্চিত কৰাত বিঅ’ডিএইচে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ স্পষ্ট কৰি কয় যে বিশ্বাস, সুৰক্ষা আৰু জবাবদিহিতাই ভাৰতৰ স্বাস্থ্য এআই যাত্ৰাৰ কেন্দ্ৰবিন্দু হৈ থাকিব লাগিব।
বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়া আঞ্চলিক কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ কেথাৰিনা ব’মেইয়ে সন্মিলনত ভাষণ দি ডিজিটেল স্বাস্থ্য উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে স্বাস্থ্যৰ বাবে ৰাষ্ট্ৰীয় এআই কৌশল গ্ৰহণ কৰা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম, যিয়ে এক গুৰুত্বপূৰ্ণ বিশ্বব্যাপী মাপকাঠী স্থাপন কৰিছে।
ডাঃ ব’মেইয়ে কয় যে এই কৌশলটো স্বাস্থ্যসেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰা, সিদ্ধান্ত গ্ৰহণ উন্নত কৰা আৰু বঞ্চিত জনসংখ্যালৈ সেৱাৰ পৰিসৰ বিস্তাৰ কৰাৰ লক্ষ্যৰে প্ৰণয়ন কৰা হৈছে। তেওঁ জোৰ দি কয় যে এই দৃষ্টিভংগীয়ে এটা সহজ কিন্তু শক্তিশালী নীতি প্ৰতিফলিত কৰে—উদ্ভাৱনে ব্যৱস্থাসমূহ শক্তিশালী কৰিব লাগিব, প্ৰৱেশাধিকাৰ বৃদ্ধি কৰিব লাগিব আৰু জনসাধাৰণৰ বিশ্বাস গঢ়ি তুলিব লাগিব।
সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে ভাৰতৰ “সমগ্ৰ চৰকাৰ” আৰু “সমগ্ৰ সমাজ” দৃষ্টিভংগীয়ে এছএএইচআইক ক্ষেত্ৰভিত্তিক ৰূপায়ণৰ বাস্তৱতাৰ সৈতে সুসংগত কৰি তোলে, যাৰ ফলস্বৰূপে ইয়াৰ ফলপ্ৰসূতা আৰু বহনক্ষমতা বৃদ্ধি পায়।

স্বাস্থ্য খণ্ডত সুৰক্ষিত, আন্তঃকাৰ্য্যকৰী আৰু বিশ্বাসযোগ্য এআই সমাধান প্ৰসাৰৰ বাবে এছএএইচআইক এক বিস্তৃত কাঠামো হিচাপে কল্পনা কৰা হৈছে। এই পদক্ষেপে স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, প্ৰযুক্তি বিকাশক, গৱেষক আৰু নীতি নিৰ্ধাৰকসকলৰ মাজত সহযোগিতা বৃদ্ধি কৰিব যাতে এআই সঁজুলিসমূহ বৃহৎ পৰিসৰত গ্ৰহণ কৰাৰ পূৰ্বে সুৰক্ষা, কাৰ্যকাৰিতা আৰু নৈতিকতাৰ কঠোৰ মানদণ্ড পূৰণ কৰে।
এই প্লেটফৰ্মে জ্ঞান-বিনিময় আৰু শাসন কেন্দ্ৰ হিচাপেও কাম কৰিব আৰু স্বাস্থ্য এআই বিকাশ আৰু ৰূপায়ণৰ ক্ষেত্ৰত উত্তম অনুশীলনসমূহ প্ৰসাৰিত কৰাৰ লগতে ৰোগীৰ তথ্য সুৰক্ষা আৰু এলগৰিদমিক জবাবদিহিতাৰ বাবে শক্তিশালী সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিব।
ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান কানপুৰৰ সহযোগত আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষৰ অংশীদাৰিত্বত বিকশিত বিঅ’ডিএইচে বিভিন্ন, বেনামী বাস্তৱ জগতৰ স্বাস্থ্য ডাটাছেট ব্যৱহাৰ কৰি এআই মডেলসমূহৰ পদ্ধতিগত মূল্যায়ন সক্ষম কৰিব।
এই প্লেটফৰ্মটো জনসংখ্যা স্কেলত মোতায়েন কৰাৰ পূৰ্বে এআই প্ৰণালীৰ পৰিৱেশন, দৃঢ়তা, পক্ষপাতিত্ব আৰু সাধাৰণীকৰণযোগ্যতা মূল্যায়নৰ লক্ষ্যৰে ডিজাইন কৰা হৈছে। বেঞ্চমাৰ্কিং মানদণ্ডসমূহ প্ৰতিষ্ঠানিকৰণৰ জৰিয়তে বিঅ’ডিএইচে নিশ্চিত কৰিব যে এআই সমাধানসমূহ নিৰ্ভৰযোগ্য, ক্লিনিকেলভাৱে প্ৰাসংগিক আৰু ৰাষ্ট্ৰীয় জনস্বাস্থ্য অগ্ৰাধিকাৰৰ সৈতে সামঞ্জস্যপূর্ণ হয়।

ভাৰত এআই ইমপেক্ট ছামিটত এছএএইচআই আৰু বিঅ’ডিএইচৰ শুভাৰম্ভে জনস্বাস্থ্য অগ্ৰাধিকাৰৰ সৈতে ডিজিটেল উদ্ভাৱন সংহত কৰাৰ ক্ষেত্ৰত ভাৰতৰ আগন্তুক দৃষ্টিভংগী প্ৰতিফলিত কৰে। এই পদক্ষেপসমূহে এআই-সক্ষম স্বাস্থ্যসেৱা সমাধানৰ ওপৰত আস্থা দৃঢ় কৰাৰ লগতে দায়িত্বশীল উদ্ভাৱনক উৎসাহিত কৰিব।
এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া, প্ৰধান শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰতিনিধি, স্বাস্থ্যসেৱা পেছাদাৰী, এআই উদ্ভাৱক আৰু উদ্যোগৰ অংশীদাৰসকলে অংশগ্ৰহণ কৰে।
*****
SR
HFW–HFM Launches SAHI and BODH at India AI Summit 2026 /17th February 2026/2/AA
(ৰিলিজ আই ডি : 2234095)
অতিথি কক্ষ : 29