ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
পৰীক্ষাগাৰৰ পৰা জীৱনলৈ এ আইৰ গতি : ইণ্ডিয়া এ আই ইমপেক্ট ছামিট এক্সপোৱে বিভিন্ন খণ্ডত ইয়াৰ বাস্তৱ-জগতৰ প্ৰয়োগক উজলাই তুলিছে
বিশিষ্ট উদ্যোগৰ ৰূপৰেখা প্ৰস্তুত আৰু জনসাধাৰণৰ অংশগ্ৰহণ
মূল উল্লেখযোগ্য দিশসমূহৰ ভিতৰত অন্যতম হল মানৱ ৰবটিক্স, বহুভাষিক এ আই আৰু ফিনটেক সুৰক্ষা
পোষ্ট কৰা হৈছে:
17 FEB 2026 8:21PM by PIB Guwahati
ইণ্ডিয়া এ আই ইমপেক্ট ছামিট ২০২৬ প্ৰদৰ্শনীত আগশাৰীৰ প্ৰযুক্তি কোম্পানী, শৈক্ষিক প্ৰতিষ্ঠান, ষ্টাৰ্টআপ, উদ্যোগ সংস্থা আৰু বিশ্বৰ অংশীদাৰসকলক একত্ৰিত কৰি বিভিন্ন খণ্ডত অত্যাধুনিক কৃত্ৰিম বুদ্ধিমত্তা (এ আই) সমাধান প্ৰদৰ্শন কৰা হয়। ভাৰত আৰু ৩০খনতকৈও অধিক দেশৰ ৩০০ৰো অধিক প্ৰদৰ্শকৰ সন্মুখত দহটা বিষয়ভিত্তিক পেভিলিয়নে এ আয়ে কেনেকৈ বৈজ্ঞানিক অগ্ৰগতি, ঔদ্যোগিক স্থিতিস্থাপকতা, উদ্ভাৱন আৰু ডিজিটেল সম্পদৰ গণতান্ত্ৰিককৰণ ত্বৰান্বিত কৰিছে সেই বিষয়ে আলোকপাত কৰে।
এই সন্মিলনে এ আই আন্তঃগাঁথনি, স্বতন্ত্ৰ আৰ্হি, ৰবটিক্স, ছুপাৰ কম্পিউটিং, শিক্ষা প্ৰযুক্তি, স্বাস্থ্যসেৱা উদ্ভাৱন আৰু ফিনটেক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান সামৰ্থ্য প্ৰদৰ্শনৰ বাবে এখন গোলকীয় মঞ্চ হিচাপে কাম কৰে।
ৰবটিক্স আৰু বুদ্ধিমত্তাসম্পন্ন উৎপাদন
এই প্ৰদৰ্শনীত লজিষ্টিক, উৎপাদন, খুচুৰা আৰু স্মাৰ্ট কৃষিৰ বাবে উন্নত ৰবটিক্স প্লেটফৰ্মসমূহো প্ৰদৰ্শিত কৰা হৈছে। এই উদ্ভাৱনসমূহ উৎপাদনশীলতা বৃদ্ধি, কাৰ্যকৰী খৰচ হ্ৰাস আৰু উচ্চ চাহিদাবিশিষ্ট খণ্ডত কৰ্মশক্তিৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ প্ৰস্তুত কৰা হৈছে।
বিজ্ঞান আৰু গৱেষণাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা
ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহে দেখুৱাইছে যে এ আয়ে কেনেদৰে গৱেষণা আৰু উদ্ভাৱনক ত্বৰান্বিত কৰিছে।
প্ৰদৰ্শিত মূল ক্ষেত্ৰসমূহৰ ভিতৰত আছে :
- কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা চালিত প্ৰটিন ইঞ্জিনীয়াৰিং আৰু ঔষধ আৱিষ্কাৰ
- স্নায়ুবিজ্ঞান আৰু জ্ঞানমূলক প্ৰক্ৰিয়াৰ গৱেষণা
- বৃহৎ পৰিসৰৰ জৈৱিক আৰু ক্লিনিকেল তথ্য প্ৰক্ৰিয়াকৰণৰ বাবে উন্নত কম্পিউটিং আৰু কোৱাণ্টাম-কেন্দ্ৰিক পদ্ধতিৰ ব্যৱহাৰ
- বহুভাষিক আৰু সুৰক্ষিত প্ৰয়োগসমূহৰ বাবে জেনেৰেটিভ এ আই আৰু বৃহৎ ভাষা আৰ্হি (LLMs)।
এই প্ৰচেষ্টাসমূহে জৈৱ-চিকিৎসা গৱেষণাক আগুৱাই নিয়া, নিদানৰ উন্নতি সাধন কৰা আৰু তথ্য-চালিত স্বাস্থ্যসেৱা ব্যৱস্থা সক্ষম কৰাত এ আইৰ ভূমিকাত আলোকপাত কৰে।
এ আই আন্তঃগাঁথনি আৰু স্থিতিস্থাপকতা
উচ্চ-কাৰ্যক্ষম কম্পিউটিং আৰু তথ্য-অনুকূল কৰ্মবোজা নিয়ন্ত্ৰণ কৰিবলৈ আৰ্হি প্ৰস্তুত কৰা পৰৱৰ্তী প্ৰজন্মৰ এ আই-ভিত্তিক আন্তঃগাঁথনি উপস্থাপন কৰা প্ৰদৰ্শকসকল এই সন্মিলনৰ উল্লেখযোগ্য দিশসমূহৰ ভিতৰত অন্যতম। এ আই কেনেকৈ পৰীক্ষাগাৰৰ পৰা বাস্তৱ জগতৰ ঔদ্যোগিক প্ৰয়োগলৈ গৱেষণাই গতি কৰিছে সেই সন্দৰ্ভত ৰবটিক্স প্ৰচেছৰ আৰু প্ৰয়োগৰ বাবে সাজু মানৱসৃষ্ট ব্যৱস্থা প্ৰদৰ্শন কৰে। ইয়াৰ দ্বাৰা এক বৃহৎসংখ্যক জনসাধাৰণ আকৰ্ষিত হৈছে।
শিক্ষা আৰু দক্ষতা বিকাশত এ আই
আগশাৰীৰ শিক্ষানুষ্ঠানসমূহে কৰ্মৰত পেছাদাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে আৰ্হি প্ৰস্তুত কৰা এ আই-সক্ষম শিক্ষাৰ কাঠামো প্ৰৱৰ্তন কৰিছে।
এ আই আৰু মেচিন লাৰ্নিং কাৰ্যসূচীত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণৰ জৰিয়তে এই সন্মিলনে ভৱিষ্যতৰ বাবে সাজু কৰ্মশক্তি গঢ়ি তোলা আৰু এ আই শিক্ষাৰ সুবিধা গণতান্ত্ৰিক কৰাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰদৰ্শন কৰে।
বিত্ত, গণনা আৰু জালিয়াতি ধৰা পেলোৱাত এ আই
এই প্ৰদৰ্শনীত প্ৰদৰ্শিত এ আই সঁজুলিসমূহে ফিনটেক আৰু চাইবাৰ সুৰক্ষাত এ আইৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ ওপৰত আলোকপাত কৰে, যি দ্ৰুত গণনা, জালিয়াতি ধৰা পেলোৱা, উন্নত অনুসৰণ আৰু বৰ্ধিত দক্ষতা সক্ষম কৰে।
গণতান্ত্ৰিককৰণ আৰু অন্তৰ্ভুক্তিৰ বাবে এ আই
বহুভাষিক এ আই বিষয়বস্তু সৃষ্টি, ক্ষুদ্ৰ ব্যৱসায় আৰু পেছাদাৰী প্ৰতিষ্ঠানৰ বাবে সঁজুলি, নগৰ আৰু দূৰৱৰ্তী পৰিৱেশ উভয়ৰে বাবে উপযোগী মডিউলাৰ এ আই আন্তঃগাঁথনি আৰু এ আই-চালিত জনসেৱা প্ৰয়োগ, যেনে- স্মাৰ্ট আৱৰ্জনা ব্যৱস্থাপনা আৰু কৃষি ৰবটিক্সে এ আই সম্পদৰ গণতান্ত্ৰিককৰণক প্ৰতিফলিত কৰে।
সহযোগিতা আৰু উদ্ভাৱনৰ বাবে এখন মঞ্চ
ইণ্ডিয়া এ আই ইমপেক্ট ছামিট ২০২৬ৰ অনুষ্ঠিত প্ৰদৰ্শনীয়ে উদ্যোগৰ নেতা, ষ্টাৰ্টআপ, শিক্ষাৰ্থী, গৱেষক, নীতি নিৰ্ধাৰক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ অংশগ্ৰহণ নিশ্চিত কৰি অন্যতম আকৰ্ষণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। এই প্ৰদৰ্শনীয়ে প্ৰমাণ কৰে যে এ আই এতিয়া গৱেষণাগাৰত সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ সকলো খণ্ডতে ইয়াৰ ব্যৱহাৰ হৈছে। ইয়াত গুৰুত্ব দিয়া হৈছে যে এ আই হৈছে বিজ্ঞান, অৰ্থনৈতিক শক্তি, উদ্ভাৱন আৰু সৰ্বাংগীন বিকাশৰ বাবে এক কৌশলগত সম্বল।
*****
PC/MK/RR/KD
(ৰিলিজ আই ডি : 2233427)
অতিথি কক্ষ : 13