ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
ভাৰত এআই ইম্পেক্ট সন্মিলনত গৱেষণা আলোচনা চক্ৰই আকৰ্ষিত কৰিছে বিশ্বৰ এআইৰ প্ৰতি আগ্ৰহীসকলক
এআই গৱেষণাক নীতি আৰু বাস্তৱ-জগতৰ ব্যৱহাৰৰ সৈতে সংযোগ
ব্যৱহাৰিক, দায়িত্বশীল আৰু সৰ্বাত্মক এআইৰ বাবে কেন্দ্ৰীভূত মঞ্চ
পোষ্ট কৰা হৈছে:
06 FEB 2026 6:18PM by PIB Guwahati
ভাৰত এআই ইম্পেক্ট সন্মিলন ২০২৬-ৰ অংশ হিচাপে আয়োজিত 'এআই আৰু ইয়াৰ প্ৰভাৱ' সম্পৰ্কীয় গৱেষণা আলোচনা চক্ৰত ৰাষ্ট্ৰীয় আৰু বিশ্ব গৱেষণা সম্প্ৰদায়ে দাখিল কৰা ২৫০ + তকৈও অধিক নথিৰ সৈতে এক শক্তিশালী সঁহাৰি প্ৰতিফলিত হৈছে।
এআই গৱেষণাক বাস্তৱ-জগতৰ সিদ্ধান্ত গ্ৰহণৰ ওচৰলৈ চপাই অনাৰ বাবে আৰ্হি প্ৰস্তুত কৰা এই আলোচনা চক্ৰই গৱেষণা, নীতি আৰু অনুশীলনৰ মাজত এক সেতু হিচাপে কাম কৰিব তথা ভাৰত আৰু বিদেশৰ বিভিন্ন দৃষ্টিভংগী একত্ৰিত কৰিব।
২০২৬চনৰ ১৮ ফেব্ৰুৱাৰীত ভাৰত মণ্ডপমত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত গ্ল’বেল চাউথ পোষ্টাৰ ট্ৰেকৰ অধীনত ৩০খন নিৰ্বাচিত পোষ্টাৰ, ইণ্ডিয়া ফ’ৰাম শ্ব’ কেছৰ পৰা ১৫ খন আৰু ষ্টুডেণ্টছ শ্ব’ কেছৰ অধীনত ১৫ খন পোষ্টাৰ প্ৰদৰ্শন কৰা হ’ব।
এই আলোচনা চক্ৰক এক আন্তঃবিষয়ক মঞ্চ হিচাপে বিবেচনা কৰা হৈছে, যিয়ে ভাৰত, গোলকীয় দক্ষিণ আৰু বিস্তৃত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ আগশাৰীৰ গৱেষক তথা অনুশীলনকাৰীসকলক এআইৰ প্ৰভাৱ, পদ্ধতি আৰু প্ৰমাণৰ বিনিময় তথা সহযোগিতা গঢ়ি তোলা সন্দৰ্ভত শেহতীয়া অগ্ৰগতি উপস্থাপন কৰিবলৈ একত্ৰিত কৰে। তেওঁলোকে মানৱ মূলধন, অন্তৰ্ভুক্তি, সুৰক্ষা আৰু বিশ্বাস, স্থিতিস্থাপকতা, উদ্ভাৱন, বিজ্ঞান আৰু অৰ্থনৈতিক বিকাশ তথা সামাজিক কল্যাণৰ বাবে এআইৰ ব্যৱহাৰৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত মত বিনিময় কৰিব।
এই আলোচনাচক্ৰখনত বিস্তৃতভাৱে পূৰ্ণাংগ মুখ্য বিষয়সমূহ আৰু গৱেষণালব্ধ আলোচনা, আন্তঃৰাষ্ট্ৰীয় গৱেষণা পেনেল আৰু গ্ল’বেল চাউথ ৰিচাৰ্চ এণ্ড পোষ্টাৰ শ্ব’ কেছ অন্তৰ্ভুক্ত কৰা হ’ব।
এই পূৰ্ণাংগ অধিৱেশনত বিশিষ্ট ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষকসকলৰ সৈতে চিন্তা উদ্রেককাৰী গুৰুত্বপূৰ্ণ কথোপকথন আৰু আলোচনা অনুষ্ঠিত হ’ব, য’ত এআইৰ পৰিৱৰ্তনশীল সম্ভাৱনা, তাত্ত্বিক ভেটি, ব্যৱহাৰিক প্ৰয়োগ আৰু সামাজিক প্ৰভাৱৰ অন্বেষণৰ ওপৰত মত বিনিময় কৰা হ’ব।
আন্তঃৰাষ্ট্ৰীয় গৱেষণা পেনেলত আন্তৰ্জাতিক গৱেষণা খণ্ডৰ কৰ্ণধাৰসকলৰ দ্বাৰা চমু, কেন্দ্ৰীভূত উপস্থাপন থাকিব য’ত যুগান্তকাৰী এআই উদ্ভাৱনসমূহৰ ওপৰত আলোকপাত কৰা হ’ব। এই ট্ৰেকটোৱে বিশ্বজুৰি আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ পৰা অত্যাধুনিক পদ্ধতি, নতুন এলগৰিথম আৰু যুগান্তকাৰী এপ্লিকেচনসমূহ বিনিময় কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰে।
গ্ল’বেল চাউথ ৰিচাৰ্ছ এণ্ড পোষ্টাৰ্ছ শ্ব’ কেছৰ সময়ত, গ্ল’বেল চাউথৰ ছাত্ৰ-ছাত্ৰী আৰু সহযোগিতামূলক দলসমূহৰ দ্বাৰা গৱেষণা পোষ্টাৰৰ এক প্ৰাণৱন্ত প্ৰদৰ্শনী অনুষ্ঠিত হ’ব। এই ট্ৰেকটোৱে উদীয়মান প্ৰতিভাক অনুপ্ৰাণিত কৰাৰ লগতে পৰামৰ্শদাতাৰ সুযোগ বৃদ্ধি কৰে আৰু আঞ্চলিক তথা গোলকীয় প্ৰত্যাহ্বানৰ উদ্ভাৱনীমূলক সমাধানৰ ওপৰত আলোকপাত কৰে।
এই আলোচনাচক্ৰত স্পষ্ট আৰু ৰূপায়ণযোগ্য ফলাফল, গৱেষণা প্ৰতিষ্ঠান আৰু সিদ্ধান্ত গ্ৰহণকাৰীসকলৰ মাজত শক্তিশালী সহযোগিতা আৰু দায়িত্বশীল এআই গ্ৰহণক সমৰ্থন কৰিবলৈ গৱেষণাৰ উন্নত ব্যৱহাৰৰ পথ প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে।
গৱেষণা আলোচনা চক্ৰখনৰ বিষয়ে অধিক তথ্য https://impact.indiaai.gov.in/events/research-symposium ত উপলব্ধ। এআই ইম্পেক্ট সন্মিলন ২০২৬ সম্পৰ্কীয় অধিক বিৱৰণ, কাৰ্যসূচী, বিষয়গত গুৰুত্ব আৰু অংশগ্ৰহণৰ পদ্ধতিসমূহকে ধৰি, চৰকাৰী সন্মিলনৰ ৱেবছাইট-https://impact.indiaai.gov.in ত উপলব্ধ। আগ্ৰহী অংশীদাৰসকলক ৱেবছাইটটো প্ৰত্যক্ষ কৰিবলৈ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দায়িত্বশীল তথা প্ৰভাৱশালী ব্যৱহাৰক আগুৱাই নিয়াৰ লক্ষ্যৰে এই আন্তৰ্জাতিক আলোচনাৰ অংশ হ 'বলৈ পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰা হৈছে।
****
MSZ/DD
(ৰিলিজ আই ডি : 2231765)
অতিথি কক্ষ : 27