গৃহ মন্ত্ৰালয়
গুজৰাটৰ বদোদৰাত মহাশিৱৰাত্ৰি উপলক্ষে শিৱ পৰিবাৰ মহা আৰতিত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ আত্মসন্মানৰ প্ৰতীকবোৰক সেইবোৰৰ উচিত গৌৰৱৰ স্থানলৈ ঘূৰাই অনাৰ সংকল্প লৈছে
অযোধ্যাত দশক দশক ধৰি সাধাৰণ তম্বুত থকা ৰাম লাল্লাক শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এটা পবিত্ৰ মন্দিৰলৈ নিয়া হৈছে
ঔৰংজেৱে কাশী বিশ্বনাথ মন্দিৰ ভাঙি পেলাইছিল; শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কাশী বিশ্বনাথ কৰিডৰ পুনৰ নিৰ্মাণ কৰা হৈছে আৰু এতিয়া অপৰিসীম সম্ভাৱনাৰ সৈতে থিয় দিছে
মহাকাল কৰিডৰৰ পুনৰ্নিৰ্মাণেই হওক বা ‘সোমনাথ স্বাভিমান পৰ্ব’ উদযাপনেই হওক, মোদী জীয়ে আমাৰ সংস্কৃতিৰ গৌৰৱ পুনৰ প্ৰতিষ্ঠা কৰিছে়
দেশক ঔপনিৱেশিকতাৰ সকলো প্ৰতীকৰ মুক্ত কৰি মোদীজীয়ে দেশবাসীৰ মনৰ পৰা সামূহিকভাৱে হীনমন্যতাৰ ভাবনা নাইকিয়া কৰিছে
পোষ্ট কৰা হৈছে:
15 FEB 2026 9:53PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে গুজৰাটৰ বদোদৰাত মহাশিৱৰাত্ৰি উপলক্ষে শিৱ পৰিবাৰ মহা আৰতিত অংশগ্ৰহণ কৰে। এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে যেতিয়া এজন গুণী ব্যক্তিয়ে নিৰ্মল হৃদয়েৰে সংকল্প লয়, তেতিয়া অতি কঠিন সংকল্পও ঈশ্বৰৰ কৃপাত পূৰণ হয় আৰু প্ৰায় ক্ষেত্ৰতে সেইবোৰ স্থায়ী পৰম্পৰালৈ ৰূপান্তৰিত হয়।
আজি শিৱৰাত্ৰি উপলক্ষে আমাৰ সন্মুখত থিয় হৈ থকা সৰ্বেশ্বৰ মহাদেৱৰ মূৰ্তিয়েই ইয়াৰ আটাইতকৈ ডাঙৰ আৰু প্ৰাঞ্জল উদাহৰণ— নিজৰ মাজতে এক অলৌকিকতা বিৰাজ কৰিছে। তেওঁ কয় যে সাভিল ৱালে মহাৰাজে তিনিটা মহান সংকল্প লৈছে: সুৰসাগৰ হ্ৰদৰ মাজত ভগৱান শিৱৰ মূৰ্তি স্থাপন কৰা; শিৱৰাত্ৰিৰ দিনা বদোদৰাত ভগৱান শিৱৰ এক অনন্য শোভাযাত্ৰাৰ আয়োজন কৰা; আৰু ভগৱান গণেশক স্থাপন কৰা।
তিনিওটা সংকল্প এতিয়া আমাৰ চকুৰ সন্মুখত বাস্তৱায়িত হৈছে। শ্ৰী শ্বাহে উল্লেখ কৰে যে পূজ্য সাভিল ৱালে স্বামীৰ উদাৰ সংকল্প পূৰণত বহু ভক্তই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ লগতে কয় যে এই সংকল্প এটা পৰিয়ালতে সীমাবদ্ধ হৈ নাথাকিল, বৰঞ্চ সমগ্ৰ বদোদৰা চহৰখনক এক উমৈহতীয়া বন্ধনেৰে ই একত্ৰিত কৰিলে।
অমিত শ্বাহে কয় যে আজি কাশী, কইম্বাটুৰ, ৰামেশ্বৰম, বা গীৰ সোমনাথত শিৱৰাত্ৰিৰ ধ্বনি উচ্চাৰিত হৈছে, সুৰসাগৰৰ সৰ্বেশ্বৰ মহাদেৱৰ নাম সমগ্ৰ দেশতে প্ৰতিধ্বনিত হৈছে। তেওঁ কয় যে অপৰিসীম সামূহিক প্ৰচেষ্টা, ভাগ-বতৰা সংকল্প, আৰু সন্তসকলৰ আশীৰ্বাদৰ ফলেই এই হ্ৰদটোক বিশ্বাস আৰু ভক্তিৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব পৰা গৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে আজি দেশৰ হয়তো এনে কোনো গাঁও নাই , য’ত শিৱৰাত্ৰি উদযাপন কৰা নহয়। তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ আত্মসন্মানৰ প্ৰতীকবোৰক সেইবোৰৰ উচিত গৌৰৱৰ স্থানলৈ ঘূৰাই অনাৰ সংকল্প লৈছে। তেওঁৰ নেতৃত্বত এই কাম ক্ৰমাগতভাৱে আগবাঢ়িছে। তেওঁ কয় যে অযোধ্যাত কেইবা দশক ধৰি ৰামলাল্লা এটা তম্বুত আছিল যদিও প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এতিয়া তেওঁক এটা পবিত্ৰ মন্দিৰত স্থাপন কৰা হৈছে। শ্ৰী শ্বাহে কয় যে অযোধ্যাত ভগৱান শ্ৰীৰামৰ জন্মস্থানত এক অনন্য মন্দিৰ নিৰ্মাণ কৰাটো লাখ লাখ মানুহৰ সংকল্পৰ ফল।
বাবৰৰ সময়ৰে পৰা আজিলৈকে এই সংকল্প অপূৰ্ণ হৈ আছিল যদিও আমি সৌভাগ্যৱান যে এতিয়া সেই পবিত্ৰ অযোধ্যাৰ ভূমিত ভগৱান শ্ৰীৰামৰ এক মূৰ্তি প্ৰতিষ্ঠা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে একেদৰে কাশীতো ঔৰংজেৱে কাশী বিশ্বনাথ মন্দিৰ ধ্বংস কৰিছিল। আজি মোদী জীৰ নেতৃত্বত কাশী বিশ্বনাথ কৰিডৰটো অপৰিসীম সম্ভাৱনাৰে পুনৰ নিৰ্মাণ কৰা হৈছে।
অমিত শ্বাহে কয় যে বিগত এহেজাৰ বছৰত সোমনাথৰ জ্যোতিৰ্লিংগত অগণনবাৰ আক্ৰমণকাৰীয়ে আক্ৰমণ চলাইছিল। কিন্তু চৰ্দাৰ বল্লভভাই পেটেল, কে এম মুনন্সী আৰু ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ দৃঢ় সংকল্পৰ বাবে মন্দিৰটো পুনৰ নিৰ্মাণ কৰা সম্ভৱ হৈছে । আজি আৰব সাগৰৰ পাৰত দৃঢ়তাৰে থিয় হৈ থকা সোমনাথ মন্দিৰটো সকলো আক্ৰমণকাৰীৰ বিৰুদ্ধে সনাতন ধৰ্মৰ গুঞ্জৰিত বিজয়ৰ প্ৰতীক হিচাবে পৰিগণিত হৈছে ।
তেওঁ কয় যে সোমনাথ মন্দিৰত কৰা প্ৰথম আক্ৰমণৰ এহেজাৰ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে এইবাৰ ‘সোমনাথ স্বাভিমান পৰ্ব’ উদযাপন কৰা হৈছে। তেওঁ কয়, সেয়া মহাকাল কৰিডৰৰ পুনৰ্নিৰ্মাণেই হওক বা ‘সোমনাথ স্বাভিমান পৰ্ব’ উদযাপনেই হওক, মোদী জীয়ে আমাৰ সংস্কৃতিৰ গৌৰৱ পুনৰ প্ৰতিষ্ঠা কৰিছে। শ্ৰী শ্বাহে লগতে কয়, ঔপনিৱেশিকতাৰ সকলো প্ৰতীকৰ পৰা দেশক মুক্ত কৰি মোদীজীয়ে দেশবাসীৰ মনৰ পৰা সামূহিকভাৱে হীনমন্যতাৰ ভাব নাইকিয়া কৰিছে।
****
RK/PR/PS/DM
(ৰিলিজ আই ডি : 2228578)
অতিথি কক্ষ : 5