গৃহ মন্ত্ৰালয়
আঞ্চলিক পৰিষদৰ স্থায়ী কমিটিসমূহৰ ভূমিকা
পোষ্ট কৰা হৈছে:
11 FEB 2026 4:37PM by PIB Guwahati
ভিন্ন মাণ্ডলিক পৰিষদৰ (অৰ্থাৎঃ উত্তৰ, দক্ষিণ, পূব, পশ্চিম আৰু মধ্য মণ্ডল পৰিষদ) বিবেচনাৰ বাবে সদস্য ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল (UT) আৰু কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগে পৃষ্ঠপোষকতা কৰা বিষয়সমূহ প্ৰথমে এই মাণ্ডলিক পৰিষদসমূহৰ নিজ-নিজ স্থায়ী কমিটিসমূহে তন্ন-তন্নকৈ পৰীক্ষা কৰে। স্থায়ী কমিটিসমূহে মাণ্ডলিক পৰিষদৰ পৰামৰ্শৰ ভিত্তিত গ্ৰহণ কৰা ব্যৱস্থাও নিৰীক্ষণ কৰে।
২০২৩-ৰ ১ ফেব্ৰুৱাৰীৰ পৰা ২০২৬-ৰ ৩১ জানুৱাৰীলৈকে যোৱা তিনি বছৰৰ ভিতৰত ভিন্ন মাণ্ডলিক পৰিষদৰ স্থায়ী কমিটিৰ দহখন (১০) বৈঠক অনুষ্ঠিত হৈছে। ইয়াৰ মাজতে ২০২৬-ৰ জানুৱাৰীত পশ্চিম আৰু কেন্দ্ৰীয় মাণ্ডলিক পৰিষদৰ স্থায়ী কমিটিৰ দুখন বৈঠকো অনুষ্ঠিত হৈছে।
এই বৈঠকসমূহত আলোচনা কৰা বিষয়সমূহ বিস্তৃতভাৱে ৰাজ্যসমূহৰ পুনৰ্গঠনৰ পৰা উদ্ভৱ হোৱা উদ্বেগসমূহ কেন্দ্ৰিক আছিল। একেদৰে খনন, পৰিবেশ আৰু বনাঞ্চলৰ সৈতে জড়িত বিষয়সমূহ, আন্তঃগাঁথনি প্ৰকল্পৰ উন্নয়নক ত্বৰান্বিত কৰা, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত জল বিনিময়ৰ সমস্যা, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদান সম্পৰ্কেও আলোচনা কৰা হয়।
ইয়াৰ উপৰিও এই বৈঠকসমূহত ৰাষ্ট্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কেইবাটাও বিষয়ত আলোচনা কৰা হয়। এই বিষয়সমূহ আছিল নিৰ্দিষ্ট এলেকাৰ ভিতৰত বেংকিং সুবিধাৰ দ্বাৰা গাঁওসমূহক সামৰি লোৱা, শিশুৰ পুষ্টিহীনতা, বিদ্যালয়ৰ শিক্ষাৰ হাৰ আৰু আনুষংগিক বিষয়সমূহ যেনেঃ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ৰাজহুৱা চিকিৎসালয়সমূহৰ কাম-কাজ, শক্তি খণ্ডৰ সংস্কাৰ, নগৰ পৰিকল্পনা, মহিলা আৰু শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ সময়োচিত তদন্ত তথা বিচাৰ, ডিজিটেল আন্তঃগাঁথনিৰ সৈতে জড়িত বিষয়, চাইবাৰ অপৰাধৰ সৈতে জড়িত বিষয়ৰ তদন্ত তথা বিচাৰ আদি।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।
******
RK/PR/PS/SK/SC/SB
(ৰিলিজ আই ডি : 2227010)
অতিথি কক্ষ : 3