গৃহ মন্ত্ৰালয়
আৰক্ষীৰ আধুনিকীকৰণৰ বাবে বিত্তীয় ব্যয়
পোষ্ট কৰা হৈছে:
11 FEB 2026 4:39PM by PIB Guwahati
I) ৰাজ্যিক আৰক্ষী বাহিনী
কেন্দ্ৰই আৰক্ষীৰ আধুনিকীকৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ সমৰ্থন (ASUMP) আঁচনিৰ জৰিয়তে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰচেষ্টালৈ বৰঙণি আগবঢ়াই আহিছে। ইয়াৰ উদ্দেশ্য হৈছে আৰক্ষী থানাসমূহক আধুনিক প্ৰযুক্তি, অস্ত্ৰ-শস্ত্ৰ, যোগাযোগ ব্যৱস্থা, ম’বিলিটি আৰু নিৰ্বাচিত আন্তঃগাঁথনি যেনেঃ আৰক্ষী থানা আৰু গৃহ নিৰ্মাণৰ দ্বাৰা সমৃদ্ধ কৰি অত্যাধুনিক পৰ্য্যায়ত আৰক্ষীৰ আন্তঃগাঁথনিক শক্তিশালী কৰা। ইয়াৰ অৰ্থে ২০২১–২২ ৰ পৰা ২০২৫–২৬ লৈকে ৪,৮৪৬ কোটি টকা ব্যয়ত অনুমোদন জনোৱা হৈছে।
II) কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF):
১,৫২৩ কোটি টকা (০১-০১-২০২২–৩১-০৩-২০২৬) ব্যয় সাপেক্ষে আধুনিকীকৰণ পৰিকল্পনা-IV এ বিএছএফ, চিআৰপিএফ, চিআইএছএফ, আইটিবিপি, আছাম ৰাইফলছ, এনএছজি আৰু এছএছবি-ৰ দৰে বাহিনীসমূহক সামৰি লৈছে। এই পৰিকল্পনাত বৰ্তমানৰ নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ, নিৰীক্ষণ, যোগাযোগৰ আহিলা, বাহন আৰু সুৰক্ষা সামগ্ৰীৰ উন্নীতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
গৃহ পৰিক্ৰমা মন্ত্ৰালয় (MHA) আৰু ডিআৰডিঅ’-এ চিএপিএফ-ত ডিআৰডিঅ’ৰ দ্বাৰা বিকশিত সামগ্ৰীসমূহ অন্তৰ্ভুক্তিৰ বাবে এক সুশৃংখলিত পদ্ধতি যুগুত কৰিছে।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।
******
RK/PR/PS/SK/SC/SB
(ৰিলিজ আই ডি : 2226958)
অতিথি কক্ষ : 5