ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

নিৰ্বাচন আয়োগৰ দ্বাৰা নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহত ই ভি এম/ভি ভি পেট সজাগতা অভিযানৰ আয়োজন

ই ভি এম প্ৰদৰ্শন কেন্দ্ৰ আৰু ভ্ৰাম্যমাণ প্ৰদৰ্শন বাহনৰ জৰিয়তে ব্যাপক প্ৰচাৰ

পোষ্ট কৰা হৈছে: 11 FEB 2026 4:31PM by PIB Guwahati

১. ভাৰতীয় নিৰ্বাচন আয়োগে (ই চি আই) ইলেক্ট্ৰনিক ভোটিং মেচিন (ই ভি এম) আৰু ভোটাৰ ভেৰিফায়েবল পেপাৰ অডিট্ৰেল (ভি ভি পেট) ইউনিটৰ কাম-কাজৰ সৈতে ভোটাৰসকলক পৰিচিত কৰিবলৈ অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলত ই ভি এম/ভি ভি পেটৰ ব্যাপক সজাগতা অভিযানৰ আয়োজন কৰিছে।

২. ই ভি এম প্ৰদৰ্শন কেন্দ্ৰ (ই ডি চি) আৰু ভ্ৰাম্যমাণ প্ৰদৰ্শন বাহন (এম ডি ভি)ৰ জৰিয়তে এক গঠনমূলক আৰু সময়সীমাৰ ভিতৰত এই অভিযান পৰিচালনা কৰা হৈছে।

. জিলা নিৰ্বাচনী বিষয়া (ডি ই অ’)ৰ মুখ্য কাৰ্যালয়ৰ লগতে পাঁচখন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৰিটাৰ্ণিং বিষয়া/ৰাজহ মহকুমা মুখ্য কাৰ্যালয়ত ই ভি এম প্ৰদৰ্শন কেন্দ্ৰ স্থাপন আৰু কাৰ্য্যকৰী কৰা হৈছে।

. ১০.০২.২০২৬ পৰ্যন্ত অনুসৰি ৫ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ ই ডি চিত অনুষ্ঠিত ই ভি এম প্ৰদৰ্শন শিবিৰত ১.২০ লাখৰো অধিক ভোটদাতাই অংশগ্ৰহণ কৰে আৰু এই প্ৰদৰ্শনসমূহত ১.১৬ লাখৰো অধিক ভোটদাতাই অনুশীলনমূলক ভোট দিছিল। ইতিমধ্যে ২৯ হাজাৰৰো অধিক ভোটদান কেন্দ্ৰ (পি এছ এল)ক এম ডি ভিৰ দ্বাৰা সামৰি লোৱা হৈছে।

. ১০.০২.২০২৬ পৰ্যন্ত ই ভি এম-ভি ভি পেট প্ৰদৰ্শন অভিযানৰ স্থিতি তলত দিয়া ধৰণৰঃ

­­­

 

 

 

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

 

 

 

অভিযান আৰম্ভ হোৱাৰ তাৰিখ

 

 

 

মুঠ ই ডি চি

 

ডি ই অ’ মুখ্য কাৰ্যালয়ত ই ডি চি

 

আৰ অ’/ৰাজহ মহকুমা মুখ্য কাৰ্যালয়ত ই ডি চি

 

ই ডি চি ভ্ৰমণ কৰা লোকৰ সংখ্যা

ই ডি চিত অনুশীলন ভোট দিয়া লোকৰ সংখ্যা

 

এম ডি ভিয়ে সামৰি লোৱা ভোটদানৰ কেন্দ্ৰসমূহ

অসম

০৫.০২.২০২৬

১৬১

৩৫

১২৬

৬৫৭০

৫৭৯৪

২৭১৭

কেৰালা

০৩.০২.২০২৬

৬২

১৪

৪৮

৫৮৫৯

৫৮৫৯

-*

পুডুচেৰী

২৭.০১.২০২৬

১৯

১৭

৬৪৭৪

৬৪৭৪

৯২

তামিলনাডু

২৫.০১.২০২৬

১৫৭

৩৮

১১৯

৭৫৮১৬

৭৫৫৮৬

৮০২৫

পশ্চিমবংগ

২৩.০১.২০২৬

৩১৮

২৪

২৯৪

২৫৩২২

২২৪৫০

১৮৬৫৭

মুঠ

৭১৭

১১৩

৬০৪

১,২০,০৪১

১,১৬,১৬৩

২৯,৪৯১

 

*এম ডি ভি ১২.০২.২০২৬ত আৰম্ভ হ’ব

৬. ই ভি এম/ভি ভি পেট সজাগতা অভিযানৰ লক্ষ্য হৈছে যন্ত্ৰবোৰৰ সৈতে ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান কৰি সেইবোৰৰ কাৰ্য্যকলাপ সম্পৰ্কে থকা আশংকা দূৰ কৰি আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত সম্পূৰ্ণ স্বচ্ছতা নিশ্চিত কৰি ভোটাৰৰ আস্থা বৃদ্ধি কৰা। ব্যৱহাৰিক প্ৰদৰ্শন কেন্দ্ৰ আৰু ভ্ৰাম্যমাণ প্ৰসাৰৰ জৰিয়তে আয়োগে চহৰ আৰু গ্ৰাম্য অঞ্চলৰ ভোটাৰসকলৰ কাষ চাপিবলৈ চেষ্টা কৰে।

৭. স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আয়োগ প্ৰতিশ্ৰুতিবদ্ধ আৰু অনাগত দিনবোৰত ভোটাৰ সজাগতাৰ পদক্ষেপবোৰ অধিক শক্তিশালী কৰি তুলিব।

**********

PK/GDH/RP/NB

 


(ৰিলিজ আই ডি : 2226913) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Malayalam