উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূবৰ ৰাজ্যসমূহত স্বাস্থ্য আৰু শিক্ষাৰ আন্তঃগাঁথনি

পোষ্ট কৰা হৈছে: 04 FEB 2026 2:26PM by PIB Guwahati

ইয়াৰ আঁচনিসমূহৰ অধীনত, উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ে (ডনাৰ) উত্তৰ-পূবৰ ৰাজ্যসমূহত ২০২২-২৩ৰ পৰা ২০২৫-২৬ (৩১.১২.২০২৫)লৈ ৪৯টা শিক্ষা আৰু ২৬টা স্বাস্থ্য খণ্ডৰ প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ মুঠ অনুমোদিত ব্যয় হৈছে ৩৬০১.০৬ কোটি টকা। ইয়াৰে ১৬৩৫.৩৯ কোটি টকা মুকলি কৰা হৈছে আৰু ৯৯৫.৩৭ কোটি টকাৰ ব্যৱহাৰ কৰা হৈছে। এই প্ৰকল্পসমূহৰ ৰাজ্য অনুসৰি সবিশেষ তলত দিয়া ধৰণৰঃ

ক্ৰমিক নং

ৰাজ্য

শিক্ষা প্ৰকল্প

(মুঠ)

স্বাস্থ্য প্ৰকল্প

(মুঠ)

মুঠ অনুমোদিত পুঁজি

(কোটিৰ হিচাপত)

মুঠ মুকলি কৰা পুঁজি (কোটিৰ হিচাপত)

মুঠ ব্যৱহৃত পুঁজি

(কোটিৰ হিচাপত)

অৰুণাচল প্ৰদেশ

২৪০.৬৬

১১৮.৮২

৭৬.২৫

অসম

১৫৩২.৭৭

৬৮৮.৮২

৩৮৫.৯০

মণিপুৰ

৪৪৮.৭০

১৪৮.৪১

৮১.৫৫

মেঘালয়

৪৪.৩১

২৩.৮৬

৯.৩৩

মিজোৰাম

-

৮১.৬৮

২৭.০২

১২.২৮

নাগালেণ্ড

১৭৫.৮০

৭১.৬৬

৪৮.৫৪

ছিকিম

৩২৩.৮৯

২৭৯.৭১

২৭৬.২৭

ত্ৰিপুৰা

৫০১.৩২

১২৫.৫৭

৪৫.৫৭

অন্যান্য সংস্থা

১৮

২৫১.৯৩

১৫১.৫৩

৫৯.৬৯

মুঠ

৪৯

২৬

৩৬০১.০৬

১৬৩৫.৩৯

৯৯৫.৩৭

 

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আইআইএম) শ্বিলঙে পৰিচালনা কৰা আঁচনিসমূহৰ স্বতন্ত্ৰ মূল্যায়নে স্বাস্থ্য আৰু শিক্ষাকে ধৰি বিভিন্ন খণ্ডত উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ বাবে ডনাৰ মন্ত্ৰালয়ৰ আঁচনিসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী ডঃ সুকান্ত মজূমদাৰে এই তথ্য প্ৰদান কৰে।

 

*****

PS/MK


(ৰিলিজ আই ডি : 2223114) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी