গৃহ মন্ত্ৰালয়
চাইবাৰ ফৰেনছিক লেবৰেটৰী
পোষ্ট কৰা হৈছে:
03 FEB 2026 4:11PM by PIB Guwahati
“আৰক্ষী” আৰু “চৰকাৰী নিৰ্দেশনা” ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচীৰ অধীনত ৰাজ্যিক বিষয় আৰু আইন-শৃংখলা বজাই ৰখা, তদন্তকে ধৰি নাগৰিকৰ জীৱন তথা সম্পত্তিৰ সুৰক্ষা, অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে গোচৰ চলোৱা , আনুষংগিক ফৰেনছিক বিজ্ঞানৰ সুবিধাসমূহৰ দায়িত্ব সংশ্লিষ্ট ৰাজ্যৰ ওপৰত থাকে।
ৰাজ্যিক ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰসমূহৰ উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অবিৰত সহায় আগবঢ়ায়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল এফ এছ এলত ডি এন এ বিশ্লেষণ আৰু চাইবাৰ ফৰেনছিক ক্ষমতা শক্তিশালী কৰাৰ বাবে নিৰ্ভয়া পুঁজিৰে ৩০ খন ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ২৪৪.৮৯ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনোৱা হৈছে। উপলব্ধ তথ্য অনুসৰি, ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ এফএছএলসমূহত উপলব্ধ / স্থাপনৰ প্ৰক্ৰিয়া চলি থকা চাইবাৰ ফৰেনছিক বিভাগসমূহৰ ৰাজ্যভিত্তিক তালিকা পৰিশিষ্টত দিয়া হৈছে।
ভাৰত চৰকাৰে হায়দৰাবাদৰ চিএফএছএলত এটা ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক লেবৰেটৰী (প্ৰমাণ) (এনচিএফএল (ই)) স্থাপন কৰিছে ।যাৰ মুঠ আৰ্থিক ব্যয় হৈছে ৩৭.৩৪ কোটি টকা। দিল্লী, চণ্ডীগড়, কলকাতা (পশ্চিম বংগ), কামৰূপ (অসম), ভূপাল (মধ্যপ্ৰদেশ), আৰু পুনে (মহাৰাষ্ট্ৰ)ত অৱস্থিত কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰত ০৬টা এন চি এফ এল(ই) স্থাপনৰ বাবে “মহিলাৰ সুৰক্ষা” আঁচনিৰ অধীনত ১২৬.৮৪ কোটি টকা অনুমোদন জনোৱা হৈছে। এতিয়ালৈকে ২২.৫১ কোটি টকা ব্যৱহাৰ কৰা হৈছে।
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৰ্তমানৰ চাইবাৰ ফৰেনছিক পৰীক্ষাগাৰত বৰ্তমান তদন্তৰ বাবে বাকী থকা মুঠ গোচৰৰ সংখ্যা, অনুমোদিত পদৰ মুঠ সংখ্যা আৰু খালী পদ সন্দৰ্ভত সবিশেষ কেন্দ্ৰীয়ভাৱে পৰিচালনা কৰা হোৱা নাই। আজিলৈকে এন চি এফ এল (ই) হায়দৰাবাদত ১৮১ টা গোচৰ পৰীক্ষাৰ বাবে বাকী আছে। এনচিএফএল (ই) হায়দৰাবাদত মুঠ ০৪ জন ইন-হাউছ বিশেষজ্ঞই কাম কৰি আছে । লগতে ০৫ জন ঠিকাভিত্তিক লোকেও কাম কৰি আছে।
চাইবাৰ পেছাদাৰীসকলৰ পুনৰ দক্ষতা আৰু উন্নীতকৰণ এক অন্তৰ্নিহিত আৰু চলি থকা প্ৰক্ৰিয়া আৰু ই তেওঁলোকৰ কাৰ্য্যকৰী দায়িত্বৰ অংশ আৰু ইয়াক মূলতঃ চাকৰিৰ সময়ত শিক্ষণৰ জৰিয়তে উন্নীত কৰা হয়। ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ে চাইবাৰ ফৰেনছিকৰ ক্ষেত্ৰতো বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। যোৱা ৫ বছৰত এন এফ এছ ইউৰ দ্বাৰা বিভিন্ন চৰকাৰী বিভাগ / আইন প্ৰয়োগকাৰী সংস্থাৰ বিষয়াসকলৰ বাবে ১৮৫২ জন অংশগ্ৰহণকাৰীৰে মুঠ ৬৬ টা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।
***
Annexure
ৰাজ্যিক / কেন্দ্ৰীয় শাসিত অঞ্চলৰ এফএছএলসমূহত উপলব্ধ / স্থাপনৰ প্ৰক্ৰিয়া চলি থকা চাইবাৰ ফৰেনছিক বিভাগসমূহৰ ৰাজ্যভিত্তিক তালিকা।
|
ক্ৰমিক নং
|
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল
|
চাইবাৰ ফৰেনছিক সুবিধাৰ স্থিতি
|
|
১.
|
হিমাচল প্ৰদেশ
|
উপলব্ধ
|
|
২.
|
মিজোৰাম
|
উপলব্ধ
|
|
৩.
|
ৰাজস্থান
|
উপলব্ধ
|
|
৪.
|
ঝাৰখণ্ড
|
উপলব্ধ
|
|
৫.
|
কেৰালা
|
উপলব্ধ
|
|
৬.
|
ত্ৰিপুৰা
|
উপলব্ধ
|
|
৭.
|
উত্তৰ প্ৰদেশ
|
উপলব্ধ
|
|
৮.
|
কৰ্ণাটক
|
উপলব্ধ
|
|
৯.
|
ছত্তীশগড়
|
উপলব্ধ
|
|
১০.
|
গুজৰাট
|
উপলব্ধ
|
|
১১.
|
ওড়িশা
|
উপলব্ধ
|
|
১২.
|
পুডুচেৰী
|
উপলব্ধ
|
|
১৩.
|
তেলেংগানা
|
উপলব্ধ
|
|
১৪
|
উত্তৰাখণ্ড
|
উপলব্ধ
|
|
১৫
|
অসম
|
উপলব্ধ
|
|
১৬
|
মণিপুৰ
|
উপলব্ধ
|
|
১৭
|
দিল্লী
|
উপলব্ধ
|
|
১৮
|
মহাৰাষ্ট্ৰ
|
উপলব্ধ
|
|
১৯
|
পশ্চিমবংগ
|
উপলব্ধ
|
|
২০
|
হাৰিয়ানা
|
উপলব্ধ
|
|
২১
|
অন্ধ্ৰপ্ৰদেশ
|
উপলব্ধ
|
|
২২
|
তামিলনাডু
|
উপলব্ধ
|
|
২৩
|
বিহাৰ
|
উপলব্ধ
|
|
২৪
|
জম্মু-কাশ্মীৰ
|
উপলব্ধ
|
|
২৫
|
ছিকিম
|
উপলব্ধ নহয়
|
|
২৬
|
পঞ্জাব
|
স্থাপনৰ প্ৰক্ৰিয়াত আছে
|
|
২৭
|
মেঘালয়
|
উপলব্ধ
|
|
২৮
|
মধ্যপ্ৰদেশ
|
উপলব্ধ নহয়
|
|
২৯
|
গোৱা
|
উপলব্ধ
|
|
৩০
|
নাগালেণ্ড
|
স্থাপনৰ প্ৰক্ৰিয়াত আছে
|
|
৩১
|
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
|
স্থাপনৰ প্ৰক্ৰিয়াত আছে
|
|
৩২
|
অৰুণাচল প্ৰদেশ
|
উপলব্ধ
|
*বাকী ৪ কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়, দমন ডিউ, দাদৰা আৰু নগৰ হাভেলী, লাক্ষাদ্বীপ আৰু লাডাখে তেওঁলোকৰ চুবুৰীয়া ৰাজ্য/কেন্দ্ৰ শাসিত অঞ্চলৰ লগতে কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰত উপলব্ধ ফৰেনছিক বিজ্ঞানৰ সুবিধাসমূহ ব্যৱহাৰ কৰি আছে।
(উৎস – ফৰেনছিক বিজ্ঞান সেৱা সঞ্চালকালয়)
লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা উল্লেখ কৰে গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত বন্দী সঞ্জয় কুমাৰে ।
***
RK/RR/PR/PS/DM
(ৰিলিজ আই ডি : 2222939)
অতিথি কক্ষ : 7