গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

এফআৰএৰ অধীনত সম্প্ৰদায়ৰ অধিকাৰ

পোষ্ট কৰা হৈছে: 03 FEB 2026 4:12PM by PIB Guwahati

ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী অনুসৰি আৰক্ষী আৰু জনশৃংখলাৰ বিষয় ৰাজ্য চৰকাৰসমূহৰ বিষয়। কিন্তু ভাৰত চৰকাৰে বাওঁপন্থী উগ্ৰবাদ (LWE)ৰ দ্বাৰা প্ৰভাৱান্বিত ৰাজ্যসমূহৰ প্ৰচেষ্টাৰ পৰিপূৰক হিচাপে কাম কৰি আহিছে। এল ডব্লিউ ইৰ বিপদক সামগ্ৰিকভাৱে মোকাবিলা কৰিবলৈ ২০১৫ চনত “এল ডব্লিউ ইক প্ৰতিহত  কৰিবলৈ ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্য্য পৰিকল্পনা” অনুমোদন কৰা হৈছিল।ইয়াত নিৰাপত্তা সম্পৰ্কীয় ব্যৱস্থা, উন্নয়নৰ হস্তক্ষেপ, স্থানীয় সম্প্ৰদায়ৰ অধিকাৰ আৰু প্ৰাপ্যতা নিশ্চিত কৰা আদিৰ সৈতে জড়িত বহুমুখী কৌশলৰ কল্পনা কৰা হৈছে।

নিৰাপত্তাৰ দিশত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু ইণ্ডিয়া ৰিজাৰ্ভ  বেটেলিয়ন নিয়োগ কৰা হৈছে, হেলিকপ্টাৰৰ সহায় লোৱা, নিৰাপত্তা শিবিৰৰ আন্তঃগাঁথনি শক্তিশালী কৰা, প্ৰশিক্ষণ, ৰাজ্যিক আৰক্ষী বাহিনী, সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰৰ আধুনিকীকৰণৰ বাবে ধন, চোৰাংচোৱাৰ তথ্য  ভাগ-বতৰা কৰা, দুৰ্গম স্থানত  আৰক্ষী থানা নিৰ্মাণ আদিৰ জৰিয়তে চৰকাৰে এল ডব্লিউ ই প্ৰভাৱান্বিত  ৰাজ্যসমবহৰ  চৰকাৰক সহায়  কৰিছে।

• ২০১৪-১৫ চনৰ পৰা ৰাজ্যসমূহৰ সামৰ্থ্য বিকাশৰ বাবে নিৰাপত্তা সম্পৰ্কীয় ব্যয় (SRE) আঁচনিৰ অধীনত নিৰাপত্তা বাহিনীৰ কাৰ্যকৰী ব্যয় আৰু প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা, আত্মসমৰ্পণ কৰা এল ডব্লিউ ই কেডাৰৰ পুনৰ সংস্থাপন, এল ডব্লিউ ই হিংসাত নিহত শ্বহীদ নিৰাপত্তা বাহিনীৰ জোৱান/অসামৰিক লোকৰ পৰিয়ালক এক্স-গ্ৰেচিয়া আদিৰ বাবদ  ৩৬৮১.৭৩ কোটি টকা এল ডব্লিউ ই ক্ষতিগ্ৰস্ত ৰাজ্যসমূহক মুকলি কৰি দিয়া হৈছে।

 

• চৰকাৰ আৰু ৰাজ্য চৰকাৰে আত্মসমৰ্পণ-সহ-পুনৰ্বাসন নীতি প্ৰণয়ন কৰিছে। নিৰাপত্তা সম্পৰ্কীয় ব্যয় (এছ আৰ ই) আঁচনিৰ অংশ হিচাপে ‘আত্মসমৰ্পন-তথা -পুনৰ্বাসন’ নীতিৰ জৰিয়তেও ৰাজ্যসমূহক এই প্ৰচেষ্টাত সহায় কৰিছে। এছ আৰ ই আঁচনিৰ অধীনত আত্মসমৰ্পণ কৰা লোকসকলৰ পুনৰ্বাসনৰ বাবে এল ডব্লিউ ই প্ৰভাৱান্বিত ৰাজ্যসমূহে কৰা ব্যয় চৰকাৰীভাৱে পৰিশোধ কৰিছে।

পুনৰ্বাসন পেকেজত অন্যান্য বিষয়ৰ লগতে তাৎক্ষণিকভাৱে   উচ্চ পদবীৰ এল ডব্লিউ ই কেডাৰৰ বাবে ৫ লাখ আৰু আন এল ডব্লিউ ই কেডাৰৰ বাবে ২.৫ লাখ টকাৰ অনুদান অন্তৰ্ভুক্ত কৰা হৈছে।  ইয়াৰ উপৰি আঁচনিৰ অধীনত অস্ত্ৰ-শস্ত্ৰ/গোলা-বাৰুদসহ আত্মসমৰ্পণৰ বাবেও উদগনি যোগোৱা হৈছে। ইয়াৰ উপৰিও মাহিলী ষ্টাইপেণ্ডৰ সৈতে তেওঁলোকৰ পছন্দৰ বাণিজ্য/বৃত্তিৰ বাবে প্ৰশিক্ষণ প্ৰদানৰো ব্যৱস্থাও আছে। তিনি বছৰৰ বাবে প্ৰতি মাহে ১০,০০০/- টকা আগবঢ়োৱা হৈছে। এল ডব্লিউ ই প্ৰভাৱান্বিত  ৰাজ্যসমূহে তেওঁলোকৰ আত্মসমৰ্পণ কাম, পুনৰ্বাসন নীতিসমূহ অধিক সংশোধন কৰি লাভজনক আৰু সময় উপযোগী  কৰি তুলিছে।

• ৰাজ্যসমূহে নিজৰ আৰক্ষী বাহিনীক সজ্জিত আৰু আধুনিকীকৰণৰ বাবে কৰাৰ প্ৰচেষ্টাক “আৰক্ষী বাহিনীৰ আধুনিকীকৰণ” আঁচনিৰ অধীনত পৰিপূৰক হিচাপে গ্ৰহণ কৰা হৈছে। আঁচনিৰ অধীনত ৰাজ্য চৰকাৰসমূহক অস্ত্ৰ-শস্ত্ৰ, তথ্য প্ৰযুক্তি, যোগাযোগ, প্ৰশিক্ষণৰ বাবে সঁজুলি, আৰক্ষী থানা নিৰ্মাণ, গতিশীলতা আৰু আৰক্ষীৰ আৱাস আৰু অন্যান্য আৰক্ষী আন্তঃগাঁথনি নিৰ্মাণ আদিৰ বাবে কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হৈছে।ইয়াৰ উপ আঁচনি অৰ্থাৎ বিশেষ আন্তঃগাঁথনি আঁচনি (SIS)ৰ অধীনত কামৰ বাবে ৰাজ্য চৰকাৰসমূহক কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হয়। ৰাজ্যৰ বিশেষ বাহিনী, ৰাজ্যিক চোৰাংচোৱা শাখা (এছ আই বি), জিলা আৰক্ষী আৰু দুৰ্গম আৰক্ষী থানা (এফ পি এছ) নিৰ্মাণৰ বাবে এল ডব্লিউ ই ক্ষতিগ্ৰস্ত ৰাজ্যসমূহক ১৭৬১ কোটি টকা অনুমোদন জনোৱা হৈছে। নিৰাপত্তা আন্তঃগাঁথনিৰ বিষয়ত  চৰকাৰৰ গুৰুত্ব অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে। এই পৰ্যন্ত নিৰ্মাণ কৰা হৈছে ৬৫৬ খন  দুৰ্গম স্থানৰ  থানা।

• এল ডব্লিউ ই পৰিচালনাৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহক সহায় (এ চি এল ডব্লিউ ই এম এছ) আঁচনিৰ অধীনত শিবিৰৰ মৌলিক গঠন আৰু কাউণ্টাৰ এল ডব্লিউ ই কাৰ্য্যকলাপৰ বাবে হেলিকপ্টাৰ ব্যৱস্থাৰ বাবে সাহায্য প্ৰদান কৰা হৈছে। ২০১৪-১৫ চনৰ পৰা এই আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় সংস্থাসমূহক ১২২৪.৫৯ কোটি টকা প্ৰদান কৰা হৈছে।

• এল ডব্লিউ ইৰ আৰু চি পি আই (মাওবাদী) তথা ইয়াৰ আৰ্থিক সমৰ্থকৰ মাজৰ সম্পৰ্ক উন্মোচন কৰাত বিশেষ গুৰুত্ব দিয়া হৈছে। এল ডব্লিউ ইলৈ ধন আৰু অন্যান্য সম্পদ যোগান ধৰা বন্ধ কৰাৰ দিশত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যসমূহৰ আৰক্ষীয়ে কেন্দ্ৰীয় সংস্থাসমূহৰ সহযোগত বিভিন্ন উপায়েৰে সমন্বিত ব্যৱস্থা গ্ৰহণ কৰিছে।

উন্নয়নৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ ফ্লেগশ্বিপ আঁচনিৰ বাহিৰেও পথ নেটৱৰ্ক সম্প্ৰসাৰণ, দূৰসংযোগ সংযোগৰ উন্নতি, শিক্ষা, দক্ষতা বিকাশ আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ওপৰত বিশেষ জোৰ দি কেইবাটাও এল ডব্লিউ ই প্ৰভাৱান্বিত অঞ্চলত নিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰে কেইটামান তলত উল্লেখ কৰা হৈছে:

• পথ নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে ০২ খন এল ডব্লিউ ই নিৰ্দিষ্ট আঁচনিৰ অধীনত ১৫,০১৬ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে আৰু  পথ প্ৰয়োজনীয়তাৰ পৰিকল্পনা (আৰ আৰ পি) তথা এল ডব্লিউ ই প্ৰভাৱান্বিত  এলেকাৰ বাবে পথ সংযোগ প্ৰকল্প (আৰ চি পি এল ডব্লিউ ই এ) গ্ৰহণ কৰা হৈছে।

• এল ডব্লিউ ই ক্ষতিগ্ৰস্ত অঞ্চলত টেলিকম সংযোগ উন্নত কৰাৰ বাবে ৯,২৩৩ টা টাৱাৰ আৰম্ভ কৰা হৈছে।

• দক্ষতা বিকাশৰ বাবে ৪৬টা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি আই) আৰু ৪৯টা দক্ষতা বিকাশ কেন্দ্ৰ (এছ ডি চি) মুকলি কৰা হৈছে।

• জনজাতীয় অঞ্চলত গুণগত শিক্ষাৰ বাবে ১৭৯ খন একলব্য আৰ্হি আৱাসিক বিদ্যালয় (ই এম আৰ এছ) কাৰ্যক্ষম কৰি তোলা হৈছে।

• বিত্তীয় অন্তৰ্ভুক্তিৰ বাবে ডাক বিভাগে এল এল ডব্লিউ ই প্ৰভাৱান্বিত   জিলাসমূহত বেংকিং সেৱা থকা ৬,০২৫টা ডাকঘৰ মুকলি কৰিছে। এল ডব্লিউ ই ক্ষতিগ্ৰস্ত বেছিভাগ জিলাতে ১৮০৪টা বেংক শাখা আৰু ১৩২১টা এ টি এম মুকলি কৰা হৈছে।

• উন্নয়নৰ বাবে অধিক প্ৰেৰণা যোগোৱাৰ অৰ্থে  বিশেষ কেন্দ্ৰীয় সাহায্য (এছচিএ) আঁচনিৰ অধীনত অধিকাংশ এলডব্লিউই প্ৰভাৱিত জিলাৰ ৰাজহুৱা আন্তঃগাঁথনিৰ জটিল ব্যৱধান পূৰণৰ বাবে ধনৰ ব্যৱস্থা কৰা হয়। ২০১৭ চনত আঁচনি আৰম্ভ হোৱাৰ পিছৰে পৰা ৩,৯৫৩.৬৭ কোটি টকা মুকলি কৰা হৈছে।

• স্থানীয় সম্প্ৰদায়ৰ অধিকাৰ আৰু প্ৰাপ্য  নিশ্চিত কৰাৰ বাবে হিতাধিকাৰীসকলক ২১,২৯,৭৫৩ টা টাইটেল ডীড বিতৰণ কৰা হৈছে (২০,২৪,৯৭৫ টা ব্যক্তিগত টাইটেল আৰু ১,০৪,৭৭৮ টা কমিউনিটি টাইটেল)।

এল ডব্লিউ ই ক্ষতিগ্ৰস্ত অঞ্চলত স্থানীয় শাসনক আৰু অধিক শক্তিশালী কৰিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ সৈতে যৌথ পৰিকল্পনাৰে কাম কৰি আছে।  এই ব্যৱস্থাসমূহে সম্প্ৰদায়ৰ অধিকাৰ শক্তিশালী কৰাৰ দিশত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে আৰু এল ডব্লিউ ই প্ৰভাৱান্বিত  অঞ্চলসমূহত অংশগ্ৰহণমূলক শাসন ব্যৱস্থা বৃদ্ধি পাইছে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ছত্তীশগড়ৰ বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱান্বিত সাতখন জিলাত এক সমীক্ষা চলাই বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনি, উন্নয়নমূলক পদক্ষেপ তথা এটা স্বতন্ত্ৰ সংস্থাৰ জৰিয়তে জীৱিকা সৃষ্টিৰ সম্ভাৱনাৰ পৰিসৰৰ বিষয়ে মূল্যায়ন কৰিছে। এই সমীক্ষাত শিক্ষাৰ স্তৰ, স্বাস্থ্য সূচক আৰু প্ৰাথমিক বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ, আৰু মাধ্যমিক স্বাস্থ্য সুবিধা আদিৰ দৰে মৌলিক সেৱাৰ উপলব্ধতাৰ সবিশেষ একত্ৰিত কৰা হৈছে।ইয়াৰ দ্বাৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰক উন্নয়নমূলক ব্যৱধান দূৰ কৰাৰ উদ্দেশ্য পূৰণ আৰু জীৱিকা নিশ্চিত কৰাত সহায়  হৈছে।

‘ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্য্য পৰিকল্পনা ২০১৫’ৰ দৃঢ় ৰূপায়ণৰ ফলত হিংসাৰ ধাৰাবাহিক হ্ৰাস আৰু ভৌগোলিক বিস্তাৰৰ সংকোচন ঘটিছে। দেশৰ  আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে গুৰুতৰ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হোৱা এল ডব্লিউ ইক শেহতীয়াকৈ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰা হৈছে আৰু মাত্ৰ কেইটামান স্থানলৈ ই   সংকুচিত হৈছে। এল এল ডব্লিউ ই প্ৰভাৱান্বিত   জিলাৰ সংখ্যা ২০১৮ চনত ১২৬ খনৰ পৰা ডিচেম্বৰ-২০২৫ চনত মাত্ৰ ০৮ খনলৈ হ্ৰাস পাইছে আৰু এতিয়া মাত্ৰ ৩ খন জিলাহে আটাইতকৈ বেছি এল ডব্লিউ ই প্ৰভাৱান্বিত  হৈ আছে।

এল ডব্লিউ ইয়ে সংঘটিত কৰা  হিংসাৰ ঘটনাৰ সংখ্যা   ২০১০ চনত ১৯৩৬টাৰ   পৰা ৮৮% হ্ৰাস পাই ২০২৫ চনত হৈছে। ফলস্বৰূপে অসামৰিক আৰু নিৰাপত্তা বাহিনীৰ লোকৰ মৃত্যুও ২০১০ চনত ১০০৫ টাৰ পৰা ৯০% হ্ৰাস পাই ২০২৫ চনত ১০০ জন হৈছে। ২০২৫ চনত নিৰাপত্তা বাহিনীয়ে ৩৬৪ জন নক্সালক নিষ্ক্ৰিয় কৰে,  ১০২২ জনক গ্ৰেপ্তাৰ কৰাৰ লগতে ২৩৩৭ জনক আত্মসমৰ্পণৰ সুবিধা প্ৰদান কৰিছে।এল ডব্লিউ ই সম্পৰ্কীয় হিংসা সংঘটিত হোৱা  আৰক্ষী থানাৰ সংখ্যা ২০১০ চনত ৪৬৫ খনৰ পৰা ২০২৫ চনত ১১৯খন থানালৈ যথেষ্ট হ্ৰাস পাইছে।

নিৰাপত্তা পৰিস্থিতি উন্নত হোৱাৰ লগে লগে আৰু অধিক জিলা বাওঁপন্থী উগ্ৰবাদৰ পৰা মুক্ত হৈছে আৰু চৰকাৰে এই অঞ্চলসমূহৰ স্থায়ী আৰ্থ-সামাজিক পৰিৱৰ্তনৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। এই পৰিপ্ৰেক্ষিতত ২০২৪ চনত জিলাৰ এক নতুন শ্ৰেণী প্ৰৱৰ্তন কৰা হয়,  সেয়া হৈছে লেগেচি আৰু থ্ৰাষ্ট জিলা। যদিও এই জিলাসমূহ এতিয়া এল ডব্লিউ ই প্ৰভাৱান্বিত  নহয় , কিন্তু এই জিলাসমূহৰ বাবে ৰাজ্যসমূহক সমৰ্থন দিয়াটো  অব্যাহত থাকিব ।বৰ্তমান ৩০খন জিলা এই শ্ৰেণীৰ অন্তৰ্গত। এনেদৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ লক্ষ্য হৈছে এই অঞ্চলসমূহত দীৰ্ঘম্যাদী স্থিতিশীলতা আৰু সৰ্বাংগীন বৃদ্ধি নিশ্চিত কৰা।আমাৰ দেশৰ পৰা এল ডব্লিউ ই সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লগতে বাওঁপন্থী উগ্ৰবাদৰ পৰা মুক্ত হোৱা অঞ্চলসমূহৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে  গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত নিত্যানন্দ ৰায়ে ।

 

*******

RK/RR/PR/PS/DM


(ৰিলিজ আই ডি : 2222938) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी