উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন

পোষ্ট কৰা হৈছে: 30 JAN 2026 2:54PM by PIB Guwahati

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে ইয়াৰ বিভিন্ন আঁচনিৰ অধীনত ৯১৯৫.৬৫ কোটি টকা ব্যয় কৰিছে। ২০২১ চনৰ পৰা পথ আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, শিক্ষা, অসামৰিক বিমান পৰিবহন, শক্তি ইত্যাদিৰ দৰে বিভিন্ন খণ্ডত কাম কৰি আছে। 'এক্ট ইষ্ট, এক্ট ফাষ্ট, এক্ট ফাৰ্ষ্ট' নীতিৰ অধীনত এই মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বিকাশৰ ইঞ্জিনলৈ ৰূপান্তৰিত কৰিবলৈ সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। ১০% ঘৰুৱা বাজেটীয় সমৰ্থন ব্যৱস্থাৰ অধীনত, সকলো অ-মুক্ত মন্ত্ৰালয়/বিভাগে ইয়াৰ বাজেট আৱণ্টনৰ কমেও ১০% উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে ব্যয় কৰিব লাগে। বিগত চাৰিটা বিত্তীয় বৰ্ষত মুঠ আবণ্টিত ৩.২০ কোটি টকাৰ বিপৰীতে সামগ্ৰিকভাৱে ৩.৪৬ লাখ কোটি টকা ব্যয় কৰা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে চৰকাৰে ২০২১ চনৰ পৰা কৰা ব্যয়ৰ পৰিমাণ তলত উল্লেখ কৰা ধৰণৰ:

ক্ৰ.নং

বিত্তীয় বৰ্ষ

সংশোধিত ধন

(কোটি টকাৰ হিচাপত)

প্ৰকৃত ব্যয় (কোটি টকাৰ হিচাপত)

সংশোধিত ধনৰ হিচাৰত প্ৰকৃত ব্যয় (শতাংশ হিচাপত)

২০২১-২২

৬৮,৪৪০.০০

৭০,৮৭৪.০০

১০৩.৫৫

২০২২-২৩

৭২,৫৪০.০০

৮২,৬৯১.০০

১১৩.৯৯

২০২৩-২৪

৯১,৮০২.০০

১,০২,৭৪৯.০০

১১১.৯২

২০২৪-২৫

৮৭,৭৩৬.০০

৮৯,৭৩৪.৪০

১০২.২৮

 

Total

৩,২০,৫১৮.০০

৩,৪৬,০৪৮.৪০

১০৭.৯৭

 

ৰাজ্যসভাত আজি এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কলে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে।

 

*****

PS/DB


(ৰিলিজ আই ডি : 2221198) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी