উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূব অৰ্থনৈতিক কৰিডৰৰ অধীনত সংযোগ প্ৰকল্প

পোষ্ট কৰা হৈছে: 30 JAN 2026 2:57PM by PIB Guwahati

২০২৪ চনৰ ডিচেম্বৰত আগৰতলাত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ ৭২সংখ্যক পূৰ্ণাংগ বৈঠকত হোৱা সহমত অনুসৰি উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে ৮টা উচ্চ পৰ্যায়ৰ টাস্ক ফ'ৰ্চ গঠন কৰিছে। এই টাস্ক ফ'ৰ্চসমূহক উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীয়ে নেতৃত্ব দিব। উত্তৰ-পূব অৰ্থনৈতিক কৰিড'ৰ (এনইইচি) ৰ এইচএলটিএফ মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে আহ্বান কৰিছে, য'ত কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী আৰু অসম, মেঘালয় আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীসকল সদস্য হিচাপে আছে। এনইইচিৰ ক্ষেত্ৰত এইচএলটিএফৰ দায়িত্ব হৈছে এনইইচিৰ বৰ্তমানৰ অৰ্থনৈতিক আন্তঃগাঁথনি আৰু বিনিয়োগ ব্যৱস্থাৰ মূল্যায়ন কৰা, শূন্যস্থানসমূহ চিনাক্ত কৰা আৰু অঞ্চলটোত বিনিয়োগ আকৰ্ষণৰ বাবে কৌশল প্ৰস্তুত কৰা। এইচএলটিএফৰ তিনিখন বৈঠক এনইইচি সন্দৰ্ভত অনুষ্ঠিত কৰা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত আৰু সৰ্বাংগীন বিকাশৰ জৰিয়তে 'পিএম-ডেভাইন'ৰ প্ৰধান উদ্দেশ্যসমূহ হ'লঃ

ক। আন্তঃগাঁথনি উন্নয়নৰ প্ৰকল্পসমূহ

খ। অঞ্চলটোৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি সামাজিক বিকাশৰ প্ৰকল্প;

গ। অঞ্চলটোৰ যুৱক-যুৱতী আৰু মহিলাসকলৰ জীৱিকাৰ বাবে বিভিন্ন কাৰ্যকলাপ বৃদ্ধি কৰা আৰু

ঘ। বিভিন্ন খণ্ডত বিকাশৰ ব্যৱধান পূৰণ কৰা।

উপৰোক্ত উদ্দেশ্যসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিৰ অধীনত ৬০৪৪.৩৬ কোটি টকাৰ মুঠ ৪৮টা প্ৰকল্পৰ অনুমোদন ২১.০১.২০২৬ লৈকে দিয়া হৈছে।

ডনাৰ মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত অনুমোদিত প্ৰকল্পসমূহ ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কাৰ্যকৰী সংস্থা (আইএ)ৰ দ্বাৰা ৰূপায়ণ কৰা হয় আৰু এই প্ৰকল্পসমূহৰ নিৰীক্ষণৰ প্ৰাথমিক দায়িত্ব সংশ্লিষ্ট ৰাজ্য চৰকাৰ/আইএৰ ওপৰত নিৰ্ভৰ কৰে। অৱশ্যে, প্ৰকল্পসমূহ ক্ষেত্ৰীয় কাৰিকৰী সমৰ্থন গোট (এফটিএছইউ), প্ৰকল্প মান পৰ্যবেক্ষক (পিকিউএম) আৰু তৃতীয় পক্ষৰ কাৰিকৰী পৰিদৰ্শন সংস্থা (টিপিটিআই) আৰু পৰ্যালোচনা বৈঠকৰ সময়ত ডনাৰ মন্ত্ৰালয় আৰু উত্তৰ পূব পৰিষদৰ বিষয়াসকলৰ দ্বাৰা পৰিদৰ্শন কৰা হয়। প্ৰকল্পসমূহৰ ডিজিটেল নিৰীক্ষণৰ বাবে উপৰোক্ত সংস্থাসমূহৰ পৰিদৰ্শন প্ৰতিবেদন ডনাৰ মন্ত্ৰালয় 'পুৰ্বোত্তৰ বিকাশ সেতু' (পিভিএছ) পৰ্টেলত আপলোড কৰা হয়। তদুপৰি, এফটিএছইউসমূহে আইএসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ লগতে সমস্যাসমূহ সমাধান কৰে। ইয়াৰ জৰিয়তে পিএম গতি শক্তি প'ৰ্টেলত প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে আপডেট কৰাৰ লগতে ক্ষেত্ৰ পৰ্যায়ত তৎকালীন পদক্ষেপ গ্ৰহণৰ নিশ্চয়তা প্ৰদান কৰে।

ৰাজ্যসভাত আজি এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কলে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে।

*****

PS/DB


(ৰিলিজ আই ডি : 2221197) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी