উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন আৰু যোগাযোগ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই ত্ৰিপুৰাত ৩৬৫ কোটি টকাৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

জনজাতীয় অধ্যুষিত আৰু দুৰ্গম অঞ্চলসমূহৰ মাজত সংযোগ শক্তিশালী কৰাৰ পদক্ষেপ

কেন্দ্ৰ–ৰাজ্যৰ সমন্বয়ে ত্ৰিপুৰাৰ ৰূপান্তৰক আগুৱাই লৈ গৈছে

‘অষ্ট লক্ষ্মী দৃষ্টিভংগী’ আৰু উত্তৰ-পূবৰ উন্নয়ণৰ কাঠামো

प्रविष्टि तिथि: 23 JAN 2026 6:59PM by PIB Guwahati

আগৰতলা, ত্ৰিপুৰা

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াই মুখ্যমন্ত্ৰী ড° মাণিক সাহাৰ সৈতে আজি বসন্ত পঞ্চমী উপলক্ষত ত্ৰিপুৰাত ২৭০ কোটি টকাৰ পাঁচটা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে ৯৫ কোটি টকাৰ তিনিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ লক্ষ্য হৈছে পথ সংযোগ উন্নত কৰা, বিদ্যুতৰ প্ৰৱেশানুকূলতা বৃদ্ধি কৰা, আৰু জনজাতীয় আৰু দুৰ্গম অঞ্চলসমূহৰ জীৱিকাৰ প্ৰসাৰ কৰা।

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এইসমূহ প্ৰকল্প ত্ৰিপুৰাক সংযুক্ত, প্ৰতিযোগিতামূলক, আৰু বহনক্ষম ৰাজ্যলৈ ৰূপান্তৰিত কৰাৰ বিস্তৃত প্ৰচেষ্টাৰ অংশ বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সকলো কেন্দ্ৰীয় মন্ত্ৰালয়ৰ মুঠ বাজেটীয় সহযোগিতা (জিবিএছ) ১০% অঞ্চলটোত বিনিয়োগ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিয়া আদেশৰ অধীনত যোৱা দশকত উত্তৰ-পূবৰ আঠখন ৰাজ্যত ৬.৫ লাখ কোটিৰো অধিক ধন বিনিয়োগ কৰা হৈছে। ইয়াৰ ফলত আন্তঃগাঁথনিৰ উন্নয়ন, অৰ্থনৈতিক বিকাশ, আৰু নিয়োগৰ সুযোগ সৃষ্টিত ইন্ধন যোগাইছে।

যোৱাটো দশকত ত্ৰিপুৰাত উল্লেখযোগ্য অগ্ৰগতি দেখা গৈছে। ৰাজ্যখনত এতিয়া ছাব্ৰুমলৈকে ব্ৰড-গেজ ৰে’ল সংযোগ আছে, পথৰ দৈৰ্ঘ্য ৮৫০ কিলোমিটাৰৰ পৰা ১৫৫০ কিলোমিটাৰৰ ওপৰলৈ বৃদ্ধি কৰা হৈছে, আৰু মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ বছৰি ৩০ লাখ যাত্ৰীক চম্ভালিব পৰাকৈ উন্নীত কৰা হৈছে। প্ৰায় ১০০০ মেগাৱাট উত্পাদনী সামৰ্থ্যৰে ৰাজ্যখনো শক্তি-উদ্বৃত্ত ৰাজ্য হৈ উঠিছে, পৰিয়াল, কৃষি, আৰু উদ্যোগক সহায় কৰিছে।

আজি উদ্বোধন কৰা আৰু আধাৰশিলা স্থাপন কৰা মূল প্ৰকল্পসমূহৰ ভিতৰত আছে:

  • গাঁও, বজাৰ, বিদ্যালয়, চিকিৎসালয়ৰ সুবিধা উন্নত কৰিবলৈ যতনবাৰী–মন্দিৰঘাট–তীৰ্থমুখ পথ (১৪ কিঃমিঃ)।
  • জনজাতীয় বাসস্থানক জিলা সদৰৰ সৈতে সংযুক্ত কৰিবলৈ গণ্ডাচেৰা–ৰাইশ্যবাৰী–নাৰিকেল কুঞ্জা পথ (৮ কিঃমিঃ)।
  • অভ্যন্তৰীণ আৰু পাহাৰীয়া অঞ্চলসমূহক সংযোগ কৰা পিএমজিএছওৱাই পথ প্ৰকল্প।
  • পিএম-ডিভাইন-ৰ অধীনত সৌৰ মাইক্ৰ’-গ্ৰিড প্ৰকল্প, দূৰৱৰ্তী বাসস্থানসমূহলৈ পৰিষ্কাৰ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ প্ৰদান, শিক্ষা, স্বাস্থ্যসেৱা, আৰু ক্ষুদ্ৰ উদ্যোগৰ উন্নতি।

 

মুখ্যমন্ত্ৰী ড০ মাণিক সাহাক তেওঁৰ “কেন্দ্ৰৰ সৈতে গতি, নিষ্ঠা আৰু সমন্বয়”ৰ বাবে প্ৰশংসা কৰি শ্ৰী সিন্ধিয়াই কয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ সংযুক্ত প্ৰচেষ্টাই ত্ৰিপুৰাৰ ৰূপান্তৰ ত্বৰান্বিত কৰিছে। তেওঁ লগতে উল্লেখ কৰে, “ত্ৰিপুৰা কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ হোৱাই নহয়, দক্ষিণ-পূব এছিয়াৰো দুৱাৰমুখ হ’ব লাগিব। গুৱাহাটী আৰু ত্ৰিপুৰাক আন্তঃৰাষ্ট্ৰীয় সংযোগৰ কেন্দ্ৰ হিচাপে শক্তিশালী কৰা হ’ব, বাণিজ্য আৰু পৰ্যটনক উন্নীত কৰা হ’ব।”

মন্ত্ৰীগৰাকীয়ে সামৰণিত এই কথাত গুৰুত্ব আৰোপ কৰি কয় যে এই পদক্ষেপসমূহ সৰ্বাংগীন উন্নতি আৰু বহনক্ষম জীৱিকা প্ৰদানৰ বাবে গ্ৰহণ কৰা হৈছে, একে সময়তে ত্ৰিপুৰাৰ ঐতিহ্য সংৰক্ষণ কৰা হৈছে। "পথসমূহে কেৱল বাহনৰ যাত্ৰাকে প্ৰশস্ত নকৰে — ই উচ্চাকাংক্ষাৰো পথ প্ৰশস্ত কৰে। শক্তিয়ে কেৱল ঘৰবোৰেই পোহৰাই নোতোলে — ই ভৱিষ্যতকো আলোকিত কৰে," তেওঁ কয়।

উদ্বোধনী অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাৰ সৈতে শ্ৰী সিন্ধিয়াই আগৰতলাৰ দুটা মূল পিএম-ডিভাইন স্বাস্থ্যসেৱা প্ৰকল্প: দন্ত শিক্ষা আৰু ৰাজহুৱা মৌখিক স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ লক্ষ্যৰে আগৰতলা চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয় ভৱন আৰু মাতৃ, নৱজাতক, আৰু শিশুৰ কল্যাণত গুৰুত্ব আৰোপ কৰে স্বাস্থ্যসেৱা সেৱাত গুৰুত্ব দিয়া এজিএমচি জিবিপি চিকিৎসালয়ৰ মাতৃ শিশু স্বাস্থ্য (এমচিএইচ) কোষ পৰিদৰ্শন কৰে।

 

এই প্ৰকল্পসমূহে পৰ্যটন, ঔদ্যোগিক উন্নয়ন, আৰু সামাজিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত চলি থকা পদক্ষেপসমূহৰ সৈতে মিলি উত্তৰ-পূবৰ কৌশলগত কেন্দ্ৰ হিচাপে ত্ৰিপুৰাৰ ভূমিকা শক্তিশালী কৰিব আৰু বিকশিত ভাৰত @২০৪৭-ত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

******

PS/KB


(रिलीज़ आईडी: 2217958) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी