গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৰাজস্থানৰ যোধপুৰত মাহেশ্বৰী গ্ল’বেল কনভেনচন আৰু এক্সপ’ – ২০২৬ সম্বোধন কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত দশকত ভাৰত বিশ্বৰ ১১ সংখ্যক সৰ্ববৃহৎ অৰ্থনীতিৰ পৰা চতুৰ্থ স্থানলৈ আগবাঢ়িছে আৰু অতি সোনকালেই তৃতীয়-সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হৈ উঠিব
উৎপাদন, দক্ষতা প্ৰশিক্ষণ, সম্পদ সৃষ্টি আৰু প্ৰযুক্তিৰ অভিযোজনাৰ জৰিয়তে মাহেশ্বৰী সমাজে পৰম্পৰা আৰু প্ৰগতিক একেলগে আগুৱাই আনিছে
মোগলৰ বিৰুদ্ধে সংগ্ৰামৰ পৰা আৰম্ভ কৰি স্বাধীনতা আন্দোলনলৈকে আৰু স্বাধীনতাৰ পিছত দেশখনক আত্ম-নিৰ্ভৰ কৰি তোলাৰ প্ৰচেষ্টা গ্ৰহণলৈকে মাহেশ্বৰী সমাজে অমূল্য অৱদান আগবঢ়াইছে
ৰাষ্ট্ৰ-নিৰ্মাণত অৰিহণা যোগোৱা মাহেশ্বৰী সমাজ কেতিয়াও চাকৰি প্ৰত্যাশী নাছিল, বৰঞ্চ সদায় নিয়োগ সৃষ্টি কৰি আহিছে
আমাৰ সমাজসমূহে কেতিয়াও ৰাষ্ট্ৰখনক বিভাজিত কৰা নাই; এইসমূহ সংকীৰ্ণ-মনোভাৱাপন্ন নহয়, বৰঞ্চ সংগঠনৰ প্ৰতীক
দেশৰ প্ৰতিখন সমাজে নিজ-নিজ জনসাধাৰণৰ উত্থান ঘটাই তেওঁলোকক আত্ম-নিৰ্ভৰ কৰি তোলাৰ সংকল্প গ্ৰহণ কৰা মাত্ৰেকে নিশ্চিতভাৱে এখনি আত্ম-নিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ’ব পাৰিম
ভাৰতীয় ভাষাসমূহৰ ব্যৱহাৰেই হৈছে সমাজ আৰু সংস্কৃতিক জীয়াই ৰখাৰ উপায়
স্বদেশী আৰু স্বভাষাৰ মন্ত্ৰক আঁকোৱালি লোৱা মাত্ৰেকেহে ভাৰত আত্ম-নিৰ্ভৰ হৈ উঠিব
মোদী চৰকাৰে উৎপাদন বৃদ্ধি, ৰপ্তানি দুগুণ, ডিজিটেল লেনদেন বৃদ্ধি আৰু ৪ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰে দেশখনক আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে
प्रविष्टि तिथि:
10 JAN 2026 4:07PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ যোধপুৰত মাহেশ্বৰী গ্ল’বেল কনভেনচন আৰু এক্সপ’ – ২০২৬ সম্বোধন কৰে। এই কাৰ্য্যসূচীত লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা, ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজন লাল শৰ্মা, কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটকে প্ৰমুখ্য কৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
ইয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজি তেওঁ এনে এখন সমাজৰ মাজত উপস্থিত আছে, যিখন সমাজে এই দেশলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। এইদৰে উপস্থিত থাকি সন্তোষ লভাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে মাহেশ্বৰী সমাজৰ পৰা উদ্ভৱ হোৱা ৰত্নসমূহে পৰিধান কৰা অলংকাৰৰ দৰেই প্ৰতিটো ক্ষেত্ৰতে ৰাষ্ট্ৰখনৰ শোভাবৰ্ধন আৰু আলোকিত কৰিছে। তেওঁ কয় যে দেশ-বিদেশৰ অতি উচ্চ পদবীত উপনীত হোৱাৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানত ব্যাপক স্বীকৃতি লাভ কৰাৰ পিছতো যিখন সমাজ শিপাৰ সৈতে ইমান গভীৰভাৱে সংযুক্ত হৈ আছে, সেইখন সমাজেই হৈছে মাহেশ্বৰী সমাজ। যেতিয়াই ৰাষ্ট্ৰখনক যিকোনো ৰূপত ইয়াৰ প্ৰয়োজন হৈছে, সেই অনুসৰি এই সমাজে নিজকে উপস্থাপন কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে যেতিয়া মোগলৰ বিৰুদ্ধে যুদ্ধ অব্যাহত আছিল, তেতিয়া মাহেশ্বৰী সমাজে আমাৰ দেশৰ ৰজা আৰু শাসকৰ যুদ্ধৰ ভঁৰাল ভৰোৱাত সহায় কৰিছিল। একেদৰে যেতিয়া ইংৰাজৰ বিৰুদ্ধে স্বাধীনতাৰ সংগ্ৰাম অব্যাহত আছিল, তেতিয়া মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলনৰ এক অতি বৃহৎ অংশ গ্ৰহণ কৰা মাহেশ্বৰী সমাজৰ আগশাৰীৰ ব্যৱসায়ীসকলে আৰ্থিকভাৱে সহায় কৰিছিল। তেওঁ কয় যে যদিও ইয়াৰ সম্পূৰ্ণ বিৱৰণ পোৱা নাযায়, তথাপিও সমগ্ৰ বিশ্বই জানে যে মাহেশ্বৰী সমাজৰ ছেঠসকলে এই আন্দোলনক অক্ষুণ্ণ ৰখা আৰু পৰিচালনা কৰাত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁ কয় যে মোগলৰ বিৰুদ্ধে সংগ্ৰামৰ পৰা আৰম্ভ কৰি স্বাধীনতা আন্দোলনলৈকে আৰু স্বাধীনতাৰ পিছত দেশখনক আত্ম-নিৰ্ভৰ কৰি তোলাৰ প্ৰচেষ্টা গ্ৰহণলৈকে মাহেশ্বৰী সমাজে অমূল্য অৱদান আগবঢ়াইছে।
গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে স্বাধীনতাৰ পিছত দেশখন উন্নয়ন আৰু আত্ম-নিৰ্ভৰ হোৱাৰ পথত ধাৱমান হৈছিল। উদ্যোগৰ ক্ষেত্ৰত বিশ্বব্যাপী কৌশল অতিক্ৰম কৰি দেশখন আগবাঢ়িবলগীয়া হৈছিল। এই দিশতো মাহেশ্বৰী সমাজে কেতিয়াও পিছলৈ ঘূৰি চোৱা নাছিল। তেওঁ কয় যে উৎপাদন, ব্যৱসায়, সম্পদ সৃষ্টি, প্ৰযুক্তিৰ অভিযোজনা নিৰ্বিশেষে মাহেশ্বৰী সমাজে এই সকলোবোৰ ক্ষেত্ৰতে সদায়েই এখনি প্ৰগতিশীল আৰু দূৰদৰ্শী সমাজৰ চৰিত্ৰ প্ৰদৰ্শন কৰি আহিছে। তেওঁ কয় যে ইয়াৰ দ্বাৰা মাহেশ্বৰী সমাজে পৰম্পৰা আৰু প্ৰগতিক একেলগে আগুৱাই আনিছে।
শ্ৰী অমিত শ্বাহে কয় যে গুজৰাটত মাৰোৱাৰীসকলৰ বিষয়ে এষাৰ বিখ্যাত কথাৰ প্ৰচলন আছেঃ “জহা ন পহুচে ৰেলগাড়ী ৱহা পহুচে মাৰোৱাৰী”। তেওঁ কয় যে ঠিক এই কথাষাৰৰ দৰেই মাহেশ্বৰী সমাজে প্ৰতিটো ক্ষেত্ৰকে আৰু বিশ্বৰ প্ৰতিটো প্ৰান্তকে স্পৰ্শ কৰিছে। ইয়াৰ জৰিয়তে তেওঁলোকে ৰাজস্থান আৰু ভাৰতক স্পন্দনশীল কৰি ৰখাই নহয়, বৰঞ্চ শক্তিশালী আৰু সমৃদ্ধিশালী কৰাতো উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁ কয় যে আমাৰ সমাজসমূহে কেতিয়াও ৰাষ্ট্ৰখনক বিভাজিত কৰা নাই; এইসমূহ সংকীৰ্ণ-মনোভাৱাপন্ন নহয়, বৰঞ্চ সংগঠনৰ প্ৰতীক। দেশৰ প্ৰতিখন সমাজে নিজ-নিজ জনসাধাৰণৰ উত্থান ঘটাই তেওঁলোকক আত্ম-নিৰ্ভৰ কৰি তোলাৰ সংকল্প গ্ৰহণ কৰা মাত্ৰেকে নিশ্চিতভাৱে এখনি আত্ম-নিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ’ব পাৰিম।
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীজনে কয় যে সংগঠনৰ জৰিয়তে সৃষ্টি হোৱা শক্তি কেৱল সমাজৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ দেশৰ বাবেও অত্যন্ত উপযোগী বুলি প্ৰমাণিত হৈছে। শ্ৰী শ্বাহে কয় যে মাহেশ্বৰী সমাজেও সেৱাৰ প্ৰতি থকা দায়বদ্ধতাক পালন কৰিছে। তেওঁ কয় যে মাহেশ্বৰী সমাজে ১,০০০-ৰো অধিক বৃদ্ধ লোকক এটি মৰ্য্যাদাপূৰ্ণ জীৱন, বাসগৃহ আৰু পৰ্য্যাপ্ত জীৱন-যাপনৰ সুবিধা প্ৰদানেৰে “অপনা ঘৰ” (নিজৰ ঘৰ) ৰ ধাৰণাটোক বাস্তৱ ৰূপ প্ৰদান কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে ১৮৯১-ৰ পৰা বৰ্তমানলৈকে মাহেশ্বৰী সমাজ সংগঠিত হৈ আছে আৰু কেৱল নিজৰ সমাজৰ কল্যাণৰ বাবেই কাম কৰাই নহয়, বৰঞ্চ ৰাষ্ট্ৰ আৰু আন-আন সমাজৰ প্ৰতিও সদায় চিন্তা প্ৰকাশ কৰি আহিছে। তেওঁ কয় যে মাহেশ্বৰী সমাজে প্ৰতিটো ক্ষেত্ৰতে দেশৰ সৈতে ঐক্যবদ্ধভাৱে থিয় দি আহিছে। তেওঁ কয় যে মাহেশ্বৰী সমাজৰ স্বাধীনতা সংগ্ৰামীসকলৰ তালিকাখন বহু দীঘলীয়া।
গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ৫৫০ বছৰৰ পাছত ৰামললাক তেওঁৰ বিশাল মন্দিৰত প্ৰতিষ্ঠা কৰা হৈছে। মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে, প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে আৰু ইয়াৰ ওপৰত এতিয়া উৰি আছে গেৰুৱা পতাকা। তেওঁ কয় যে ৰাম মন্দিৰ আন্দোলনত প্ৰথমেই সৰ্বোচ্চ ত্যাগ কৰা ভাতৃদ্বয় আছিল মাহেশ্বৰী সমাজৰ। তেওঁ কয় যে এই দেশৰ সাংস্কৃতিক নৱজাগৰণতো মাহেশ্বৰী সমাজে অসীম ত্যাগ আৰু অৱদান আগবঢ়াইছে। তেওঁ মাহেশ্বৰী সমাজৰ যুৱক-যুৱতীসকলক ৰাষ্ট্ৰক আত্ম-নিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ আহ্বান জনায়। শ্ৰী শ্বাহে কয় যে স্বদেশী আমাৰ জীৱন মন্ত্ৰ হ’ব লাগে আৰু আমাৰ নিজৰ ভাষা আমাৰ আচৰণত প্ৰতিফলিত হ’ব লাগে। তেওঁ কয় যে মাহেশ্বৰী সমাজ কেতিয়াও চাকৰি প্ৰত্যাশী নাছিল, বৰঞ্চ সদায় নিয়োগ সৃষ্টি কৰি আহিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে দুবছৰ পূৰ্বে আমাৰ দেশে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ শুভ লগনত আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰা হৈছিল। দেশৰ সকলো গাঁৱতে এই উদযাপন কৰা হৈছিল। সকলোতে অতিশয় উৎসাহেৰে ৰাষ্ট্ৰৰ বাবে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামৰ বীৰসকলক স্মৰণ কৰা আৰু সন্মান জনোৱা হৈছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪০ কোটি ভাৰতীয়ক এটা সংকল্প গ্ৰহণৰ আহ্বান জনাইছিল। সেই সংকল্প আছিল আমি ২০৪৭-ৰ ১৫ আগষ্টত স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপনৰ শুভ লগনত সমগ্ৰ বিশ্বৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰথম স্থানত থকা এখনি উন্নত ভাৰত গঢ়ি তুলিম। প্ৰধানমন্ত্ৰীৰ এই বক্তব্য এতিয়া ১৪০ কোটি ভাৰতীয়ৰ সামূহিক সংকল্পত পৰিণত হৈছে। শ্ৰী শ্বাহে কয় যে ১৪০ কোটি নাগৰিক একে দিশত আগবঢ়া মাত্ৰেকে ৰাষ্ট্ৰখন ১৪০ কোটি খোজ আগুৱাই যায়।
শ্ৰী অমিত শ্বাহে কয় যে ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ প্ৰধানমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। তেওঁ কয় যে উৎপাদনৰ সৈতে জড়িত উদ্যোগীসকলে কেৱল নিজৰ কাম অব্যাহত ৰখাই নহয়, বৰঞ্চ ইয়াক অধিক সম্প্ৰসাৰিত কৰিব লাগে। তেওঁলোকে বিশ্বতকৈ আগবাঢ়িব লাগে আৰু লগতে বৰ্তমান ভাৰতত নিৰ্মাণ নোহোৱা সামগ্ৰীৰো উৎপাদন আৰম্ভ কৰিব লাগে। তেওঁ কয় যে আত্মনিৰ্ভৰ ভাৰতৰ এই দৃষ্টিভংগীয়েই ভাৰতক বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে গঢ়ি তুলিব পাৰে। শ্ৰী শ্বাহে কয় যে ২০১৪-ত শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হওঁতে ভাৰত বিশ্বৰ ১১ সংখ্যক সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ আছিল। আজি আমি চতুৰ্থ স্থানত উপনীত হৈছো। অহা কেইবছৰমানৰ ভিতৰতে আমি বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হ’বলৈ সাজু হৈছো। তেওঁ কয় যে যদি আমি শীৰ্ষ স্থানত উপনীত হ’ব বিচাৰো তেন্তে আত্মনিৰ্ভৰ ভাৰতেই একমাত্ৰ বিকল্প। স্বদেশীক আত্মনিৰ্ভৰ ভাৰতক সফল কৰাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ সূত্ৰ বুলি গৃহমন্ত্ৰীগৰাকীয়ে কয়। যিমানদূৰ সম্ভৱ থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। তেওঁ কয় যে প্ৰতিজন ব্যৱসায়ীয়ে সংকল্প গ্ৰহণ কৰিব লাগে যে তেওঁলোকে আমাৰ দেশত নিৰ্মিত সামগ্ৰীৰহে ব্যৱসায় কৰিব। স্বদেশী হৈছে আত্মনিৰ্ভৰতাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ স্তম্ভ।
শ্ৰী অমিত শ্বাহে কয় যে বিগত ১১ বছৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক বহু মাত্ৰাত আগুৱাই নিয়াৰ বাবে কাম কৰি আহিছে। মোদী চৰকাৰে উৎপাদন বৃদ্ধি, ৰপ্তানি দুগুণ, ডিজিটেল লেনদেন বৃদ্ধি আৰু ৪ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰে দেশখনক আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। উৎপাদন ৭০ শতাংশৰো অধিক বৃদ্ধি পাইছে। বিশ্বজুৰি প্ৰতি ১০০ টা ডিজিটেল লেনদেনৰ ভিতৰত ৫০ টা ভাৰতত সম্পন্ন হৈছে। ম’বাইল ফোন খণ্ডত আমি বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ উৎপাদনকাৰী দেশ। ষ্টাৰ্টআপৰ ক্ষেত্ৰত আমি বিশ্বজুৰি তৃতীয় স্থানত আছো। ঔষধ যুগুত আৰু অট’ম’বাইল খণ্ডতো আমি বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছো। তেওঁ কয় যে এতিয়া এনে এখনি শক্তিশালী মঞ্চ গঢ়ি তোলা হৈছে যাৰ জৰিয়তে দেশৰ যুৱ প্ৰজন্মই সমগ্ৰ বিশ্বৰ যুৱক-যুৱতীসকলৰ সৈতে মুখামুখিকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ আগবাঢ়ি যাব পাৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে স্বদেশীৰ লগতে স্বভাষা (নিজৰ ভাষা) ও অপৰিহাৰ্য্য। বিশ্বৰ প্ৰগতিৰ বাবে যি ভাষাৰ প্ৰয়োজন হয় ক’ব লাগে আৰু যি ভাষাৰ প্ৰয়োজন হয় শিকিব লাগে—তাৰ কোনো বিৰোধিতা নাই। অৱশ্যে ঘৰত ল’ৰা-ছোৱালীৰ লগত কেৱল আমাৰ মাতৃভাষাত কথা পতা উচিত। তেওঁ কয় যে আমি যদি শিশুসকলৰ সৈতে নিজৰ ভাষাত কথা-বতৰা পাতি মাতৃভাষা শিকাওঁ তেন্তে স্বাভাৱিকতে তেওঁলোকৰ ইতিহাসৰ সৈতে, মাৰৱাৰৰ সৈতে আৰু ৰাজস্থানৰ গৌৰৱময় ইতিহাসৰ সৈতে গভীৰ সম্পৰ্ক গঢ় লৈ উঠিব। শ্ৰী শ্বাহে কয় যে ভাৰতীয় ভাষাসমূহৰ ব্যৱহাৰেই হৈছে সমাজ আৰু সংস্কৃতিক জীয়াই ৰখাৰ উপায়। প্ৰয়োজন সাপেক্ষে বিদেশী ভাষা নিশ্চয়কৈ ক’ব লাগে, কিন্তু পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ সৈতে সদায় মাতৃভাষাত কথা পাতিব লাগে বুলি তেওঁ আহ্বান জনায়। তেওঁ দেশক আগুৱাই নিয়াৰ বাবে এয়া অতি গুৰুত্বপূৰ্ণ বুলি কয়।
***
RK/PR/PS/SB
(रिलीज़ आईडी: 2213332)
आगंतुक पटल : 8