তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা ২০২৬’লৈ প্ৰকাশন বিভাগে আনিছে গ্ৰন্থ আৰু আলোচনী-ৰ সমৃদ্ধ সংগ্ৰহ

২০২৬ চনৰ ১০ৰ পৰা ১৮ জানুৱাৰীলৈ নতুন দিল্লীৰ ‘প্ৰগতি ময়দান’ত অনুষ্ঠিত হ’ব প্ৰদৰ্শনী

प्रविष्टि तिथि: 09 JAN 2026 6:17PM by PIB Guwahati

 

অহা ১০ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীলৈ নতুন দিল্লীৰ ‘প্ৰগতি ময়দান’ত অনুষ্ঠিত হ’বলগীয়া নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা ২০২৬ত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ‘প্ৰকাশন বিভাগ’-য়ে অংশগ্ৰহণ কৰিছে। শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ ভাৰত চৰকাৰৰ সতন্ত্ৰ সংস্থা নেশ্যনেল বুক ট্ৰাষ্ট-ৰ উদ্যোগত ইণ্ডিয়া ট্ৰেড প্ৰমোশ্যন অৰ্গেনাইজেশ্যন-ৰ সহযোগত ৯ দিনীয়া মেলাখনৰ আয়োজন কৰা হৈছে।

গ্ৰন্থমেলাৰ "ইণ্ডিয়ান মিলিটেৰী হিষ্ট্ৰী: ভেল’ৰ এণ্ড উইজডম @ ৭৫" শীৰ্ষক বিষয়বস্তুৰ সৈতে সংগতি ৰাখি প্ৰকাশন বিভাগে ইংৰাজী, হিন্দী আৰু অন্যান্য ভাৰতীয় ভাষাৰ বিভিন্ন ধৰণৰ গ্ৰন্থৰ দ্বাৰা দৰ্শক আৰু গ্ৰন্থপ্ৰেমীসকলক মোহিত কৰিবলৈ সাজু হৈছে। গ্ৰন্থৰ এই সংকলনটোৱে মেলাখনলৈ অহা গ্ৰন্থপ্ৰেমীসকলক যে আকৰ্ষণ কৰিব সেয়া ধুৰূপ।

এই প্ৰদৰ্শনীত শিল্প আৰু সংস্কৃতি, ইতিহাস, চিনেমা, ব্যক্তিত্ব আৰু জীৱনী, ভূমি আৰু মানুহ, গান্ধী সাহিত্য আৰু শিশু সাহিত্য আদি বিভিন্ন বিষয়ৰ গ্ৰন্থও সন্নিবিষ্ট কৰা হৈছে। বিভাগটোৰ ‘প্ৰিমিয়াম’ শৃংখলাৰ গ্ৰন্থসমূহৰ ভিতৰত আছে ‘ৰাষ্ট্ৰপতি ভৱন শৃংখলা’, ‘ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ নিৰ্বাচিত ভাষণাৱলী’, ‘মহাত্মা গান্ধীৰ সংগৃহীত ৰচনা’ আৰু ‘পণ্ডিত মদন মোহন মালব্যৰ সংকলিত ৰচনা’ ইত্যাদি।

প্ৰকাশন বিভাগে নিজৰ জনপ্ৰিয় আৰু বহুলভাৱে প্ৰচাৰিত আলোচনী যোজনা, কুৰুক্ষেত্ৰ, আজকাল, আৰু বাল ভাৰতী আদি মেলাত প্ৰদৰ্শন কৰিছে। দৰ্শকসকলে বিভাগটোৰ দ্বাৰা প্ৰকাশিত আলোচনী আৰু নিয়োগ বাতৰি/ৰোজগাৰ সমাচাৰৰ বাৰ্ষিক চাবস্ক্ৰিপচন ক্ৰয় কৰিব পাৰিব।

নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা প্ৰকাশন জগতৰ অন্যতম বহু প্ৰত্যাশিত অনুষ্ঠান, য’ত সমগ্ৰ বিশ্বৰ প্ৰধান প্ৰকাশন প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণ কৰে। দৰ্শকে নিজৰ প্ৰিয় গ্ৰন্থধৰাৰ উপৰিও মেলাৰ কাষত চলি থকা আন বিভিন্ন কাৰ্যসূচী যেনে অথৰ্ছ কানেক্ট, যুৱ কৰ্ণাৰ, চাইল্ড অথৰ্ছ কৰ্ণাৰ আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠানৰ সাক্ষী হ’ব পাৰিব।

প্ৰকাশন বিভাগে নতুন দিল্লীৰ ভাৰত মণ্ডপম-ৰ ৫ নং হল-ৰ ষ্টল নং ডি-০৮ত তেওঁলোকৰ গ্ৰন্থ আৰু আলোচনীসমূহ প্ৰদৰ্শন কৰিব।

***

Mahesh Kumar/Vivek Vishwash/KB


(रिलीज़ आईडी: 2213147) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , हिन्दी