ৰেচম মন্ত্ৰালয়
নীতিগত আলোচনা আৰু ভৱিষ্যতৰ ৰোডমেপ নিৰ্ধাৰণেৰে গুৱাহাটীত ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলনৰ সামৰণি
प्रविष्टि तिथि:
09 JAN 2026 4:32PM by PIB Guwahati
উদ্ভাৱন, বহনক্ষমতা, ঐতিহ্য সংৰক্ষণ আৰু ৰপ্তানি বৃদ্ধিৰ জৰিয়তে ভাৰতৰ বস্ত্ৰ পৰিৱেশতন্ত্ৰক শক্তিশালী কৰাৰ লক্ষ্যৰে গুৱাহাটীত দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলনৰ আজি সামৰণি পৰে । সন্মিলনত বস্ত্ৰ উদ্যোগৰ বিভিন্ন দিশকলৈ বিস্তৃত আলোচনা কৰা হয়। এই সন্মিলনত সমগ্ৰ দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মন্ত্ৰী তথা বিষয়াসকলে অংশগ্ৰহণ কৰে। সন্মিলনত ভাষণ দি ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে এই সন্মিলনত বস্ত্ৰ খণ্ডৰ বিভিন্ন দিশৰ বিষয়ত গুৰুত্ব সহকাৰে আলোচনা কৰা হৈছে। তেওঁ এই সন্মিলনৰ জৰিয়তে ভাৰতক বিশ্বৰ বস্ত্ৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগী পূৰণৰ এক স্পষ্ট ৰোডমেপৰ সৃষ্টি হ’ব বুলি আস্থা প্ৰকাশ কৰে। সন্মিলনৰ দ্বিতীয় দিনা টেক্সটাইলছ অৱ ইণ্ডিয়াৰ ৰপ্তানি সম্প্ৰসাৰণ, প্ৰতিযোগিতামূলক ক্ষমতা আৰু ব্ৰেণ্ডিঙৰ বিষয়ত বিশদভাবে আলোচনা কৰা হয়। কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত হোৱা আলোচনাত প্ৰতিযোগিতামূলক ক্ষমতা, সমৰ্থন, আশা তথা ২০৩০ চনৰ ভিতৰত বস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত ১০০ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্জন কৰাৰ দৃষ্টিভংগীৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়।

সন্মিলনৰ মূল অধিৱেশনত পৰম্পৰাগত বস্ত্ৰশিল্প, হস্ততাঁত আৰু হস্তশিল্পৰ বিষয়ত আলোচনা কৰা হয়। ইয়াত লগতে ভাৰতৰ চহকী বস্ত্ৰ ঐতিহ্য সংৰক্ষণৰ লগতে শিল্পী আৰু শিপিনীসকলৰ বাবে বজাৰত প্ৰৱেশ, মূল্য সংযোজন, ব্ৰেণ্ডিং আৰু জীৱিকা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অংশগ্ৰহণকাৰীসকলে আয় , উৎপাদন বৃদ্ধিৰ বাবে আঁচনি, অভিনৱ আৰ্হিৰ উদ্ভাৱন আৰু ডিজিটেল প্লেটফৰ্মৰ অভিসৰণৰ প্ৰয়োজনীয়তাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। সন্মিলনত জ্যেষ্ঠ বিষয়া আৰু মন্ত্ৰীসকলে কেন্দ্ৰ তথা ৰাজ্যসমূহৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।

দুদিনীয়া সন্মিলনখনত ৰাজ্যসমূহক আন্তঃগাঁথনি উন্নয়ন, প্ৰযুক্তি উন্নীতকৰণ আৰু বহনক্ষমতা নিৰ্ভৰ পদক্ষেপকে ধৰি বস্ত্ৰ মন্ত্ৰালয়ৰ ফ্লেগশ্বিপ আঁচনিসমূহৰ লাভ অৰ্জন কৰিবলৈ উৎসাহিত কৰা হয়। দুদিনীয়াকৈ আয়োজিত এই সন্মিলন খনক কেন্দ্ৰ-ৰাজ্যসমূহৰ মাজত হোৱা বিস্তৃত আলোচনাই ভাৰতৰ বস্ত্ৰ খণ্ডৰ নীতিগত সমন্বয়, বিনিয়োগ প্ৰসাৰ আৰু সামগ্ৰিক উন্নয়নৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত কৰিছে।
MAM/VN/DM
(रिलीज़ आईडी: 2212991)
आगंतुक पटल : 14