কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়
আইবিবিআই-ৰ অধ্যক্ষ শ্ৰী ৰবি মিট্টালে আইআইচিএ পিজিআইপি প্ৰগ্ৰেমৰ ৱেবচাইট মুকলি কৰে
प्रविष्टि तिथि:
06 JAN 2026 4:38PM by PIB Guwahati
ভাৰতীয় অৰ্থশূন্যতা আৰু দেউলীয়া পৰিষদৰ (IBBI) অধ্যক্ষ শ্ৰী ৰবি মিট্টালে সোমবাৰে ইয়াৰ চৌহদত অনুষ্ঠিত এক কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ভাৰতীয় কৰ্পৰেট পৰিক্ৰমা প্ৰতিষ্ঠানৰ (IICA) পিজিআইপি প্ৰগ্ৰেমৰ শুভাৰম্ভ কৰে।
ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি আইবিবিআই-ৰ অধ্যক্ষজনে তেওঁলোকলৈ ব্যাপক প্ৰতিষ্ঠানিক সমৰ্থন আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে আৰু পিজিআইপি-ৰ কেইগৰাকীমান নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীলৈ আইবিবিআই-ত এবছৰীয়া ইন্টাৰ্ণশ্বিপৰ সুযোগ নিশ্চিতকৰণৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে।
তেওঁ আৰু কয় যে গৱেষণামূলক কাৰ্য্যকলাপৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে আগন্তুক আইবিবিআই-ৰ ৰিচাৰ্ছ প্ৰগ্ৰেমৰ বাবে আবেদন কৰিব পাৰে আৰু বাছনিৰ পিছত তেওঁলোকে আইবিবিআই-ত নিযুক্তিৰ সুযোগ লাভ কৰিব।
আইআইচিএ-ৰ সঞ্চালক প্ৰধান আৰু চিইঅ’ শ্ৰী জ্ঞানেশ্বৰ কুমাৰ সিঙে ৱেবছাইট মুকলি কাৰ্য্যসূচীত আদৰণি ভাষণ প্ৰদান কৰি প্ৰতিষ্ঠানটোৰ সামৰ্থ্য বিকাশ, শৈক্ষিক উৎকৰ্ষতা আৰু নিয়ন্ত্ৰক তথা উদ্যোগৰ সৈতে ঘনিষ্ঠ সংযোগৰ প্ৰতি থকা দায়বদ্ধতাত আলোকপাত কৰে।

এই কাৰ্য্যসূচীত আইআইচিএ-ৰ চেন্টাৰ ফৰ ইনছলভেন্সি এণ্ড বেংকৰাপ্টচিৰ বিভাগীয় মুৰব্বী শ্ৰী সুধাকেৰ শুক্লাই চেন্টাৰ ফৰ পিজিআইপি-ৰ কাৰ্য্যকলাপ আৰু কৃতিত্বৰাজিৰ চমু আভাস দাঙি ধৰে তথা ইয়াৰ শৈক্ষিক স্থিতি, ইণ্ডাষ্ট্ৰী ইন্টাৰফেছ আৰু ক্ৰমবৰ্ধমান প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ নেটৱৰ্ক সম্পৰ্কে কয়।
ৱেবছাইটটো হৈছে পিজিআইপি-ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সংযোগ কৰিবলৈ ডিজাইন কৰা এক সমৰ্পিত ডিজিটেল প্লেটফৰ্ম। ইয়াৰ জৰিয়তে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক সংযোগৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিৰন্তৰ মত-বিনিময়, জ্ঞানৰ আদান-প্ৰদান, সমস্যা-সমাধান আৰু বৰ্ধিত ইণ্ডাষ্ট্ৰী এক্সপ’জাৰ প্ৰশস্ত হ’ব।

মত-বিনিময় অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে এনে সমৰ্থন আগবঢ়োৱাৰ বাবে আইআইচিএ-ৰ শলাগ লয়। এই সমৰ্থনে উদ্যোগ বিশেষজ্ঞসকলৰ সৈতে কনক্লেভ, আলোচনা চক্ৰ আৰু ফলপ্ৰসূ মত-বিনিময়ত অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদানেৰে তেওঁলোকৰ শৈক্ষিক আৰু পেছাদাৰী যাত্ৰাক যথেষ্ট সমৃদ্ধ কৰিছে।
***
NB/ONP/SB
(रिलीज़ आईडी: 2211898)
आगंतुक पटल : 14