ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় , ইণ্ডিয়া এআই , অসম চৰকাৰ আৰু আইআইটি গুৱাহাটীৰ উদ্যোগত হিউমেন কেপিটেল ৱৰ্কিং গ্ৰুপৰ বৈঠক
শিক্ষাৰ সংস্কাৰ, কৰ্মশক্তিৰ পৰিৱৰ্তন আৰু অন্তৰ্ভুক্ত এআই কৌশল আগবঢ়াই নিয়াৰ বিষয়ত আলোচনা
ভাৰত এআই ইমপেক্ট ছামিট ২০২৬ৰ বিষয়ে অৱগত কৰিবলৈ হিউমেন কেপিটেলৰ বিষয়ে আলোচনা
प्रविष्टि तिथि:
05 JAN 2026 7:22PM by PIB Guwahati
ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY), ইণ্ডিয়াএআই মিছন, অসম চৰকাৰ আৰু আই আই টি গুৱাহাটীৰ উদ্যোগত আই আই টি গুৱাহাটী চৌহদত “হিউমেন কেপিটেল”ত দুদিনীয়া কৰ্মগোটৰ বৈঠক আয়োজন কৰা হয়। বৈঠকত শিক্ষাৰ সংস্কাৰ, কৰ্মশক্তিৰ পৰিৱৰ্তন আৰু সৰ্বাংগীন, মানৱকেন্দ্ৰিক এআই গ্ৰহণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আলোচনা আগবঢ়াই নিয়াৰ বাবে জ্যেষ্ঠ নীতি নিৰ্ধাৰক, শৈক্ষিক নেতা, উদ্যোগ বিশেষজ্ঞ আৰু ব্যৱহাৰকাৰীসকলক আহ্বান জনোৱা হয়।

অধ্যাপক টি জি সীতাৰামৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা দুদিনীয়া বৈঠকখনে (৫–৬ জানুৱাৰী ২০২৬) ২০২৬ চনৰ ১৫–২০ ফেব্ৰুৱাৰীৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ভাৰত এ আই ইমপেক্ট ছামিট ২০২৬ৰ মূল বিষয়ভিত্তিক পূৰ্বসূৰী হিচাপে কাম কৰিছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু এই বিষয়ক নীতিগত ফলাফলৰ বিষয়ে অৱগত কৰাৰ সম্ভাৱনা আছে। মুকলি অধিৱেশনত অসম চৰকাৰৰ বিশেষ মুখ্য সচিব আই এ এছ শ্ৰীযুত চৈয়দৈন আব্বাছি, অসম চৰকাৰৰ প্ৰধান সচিব (আই টি) শ্ৰীযুত কে.এছ গোপীনাথ নাৰায়ণ, আইএএএছ, অসম চৰকাৰৰ প্ৰধান সচিব (আই টি), অধ্যাপক টি জি সীতাৰাম, অধ্যক্ষ, মানৱ মূলধন কাৰ্য্যগোষ্ঠী, আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল আৰু মেইটৱাইৰ ইণ্ডিয়া এআইৰ যুটীয়া সঞ্চালক শ্ৰীমতী শিখা দহিয়া আদি বক্তাসকলে ভাৰতৰ এআই যাত্ৰাত মানৱ পুঁজিৰ কেন্দ্ৰীভূত বিষয়ত আলোকপাত কৰে। তেওঁলোকে গতানুগতিক দক্ষতা আৰ্হিৰ বাহিৰলৈ গৈ আজীৱন শিক্ষণ, বৃদ্ধি আৰু প্ৰতিষ্ঠানিক প্ৰস্তুতিৰ দিশত আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।

এই বৈঠকক জনাই আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহালে এ আইৰ যুগত ভৱিষ্যতৰ বাবে সাজু মানৱ পুঁজি গঢ় দিয়াৰ নীতি নিৰ্ধাৰক, শিক্ষাবিদ, উদ্যোগ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে এক আহ্বায়ক মঞ্চ হিচাপে প্ৰতিষ্ঠানটোৰ ভূমিকাৰ বিষয়ত আলোকপাত কৰে। তেওঁ আই আই টি গুৱাহাটীৰ প্ৰযুক্তি, শিক্ষা আৰু সমাজৰ সংযোগস্থলত কাম কৰাৰ প্ৰতিশ্ৰুতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে, এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ শক্তিশালী অংশগ্ৰহণক অন্তৰ্ভুক্ত এআই পৰিৱেশ তন্ত্ৰৰ সৈতে সংযুক্ত কৰাত গুৰুত্ব আৰোপ কৰে।
বৈঠকত ইণ্ডিয়া এআই, মেইটৱাইৰ যুটীয়া সঞ্চালিকা শ্ৰীমতী শিখা দহিয়াই ভাৰত এআই ইমপেক্ট ছামিট ২০২৬ৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে। বিশেষকৈ গ্ল’বেল চাউথৰ বাবে মানৱ মূলধন, এআই সম্পদৰ গণতান্ত্ৰিককৰণ আৰু সৰ্বাংগীন, দায়িত্বশীল এআই গ্ৰহণৰ ওপৰত ইয়াৰ গুৰুত্বৰ বিষয়ে তেওঁ আলোকপাত কৰে। কম্পিউট ক্ষমতা, থলুৱা ডাটাছেট আৰু মডেল আৰু দেশব্যাপী এআই দক্ষতা আৰু সামৰ্থ্য বিকাশৰ প্ৰচেষ্টাক সামৰি লোৱা পদক্ষেপৰ জৰিয়তে ভৱিষ্যতৰ বাবে সাজু মানৱ পুঁজি গঢ়ি তোলাত ইণ্ডিয়াএআই মিছনৰ ভূমিকাৰ বিষয়ত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে গুৱাহাটীৰ এই বৈঠকৰ ফলাফলে শীৰ্ষ সন্মিলনত বিশ্ব পৰ্যায়ৰ আলোচনাক প্ৰত্যক্ষভাৱে সহায় কৰিব।
মানৱ মূলধন কাৰ্য্যগোষ্ঠীৰ অধ্যক্ষ অধ্যাপক টি জি সীতাৰামে কয় যে এআই সক্ষম অৰ্থনীতিলৈ পৰিৱৰ্তন সৰ্বাংগীন আৰু জনকেন্দ্ৰিক হ’ব লাগিব, য’ত মানৱ মূলধন মূলত থাকিব লাগিব। তেওঁ খণ্ডিত দক্ষতা প্ৰচেষ্টাৰ বাহিৰলৈ গৈ আজীৱন শিক্ষণ পৰিৱেশ তন্ত্ৰৰ দিশত আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । যিয়ে কাৰিকৰী দক্ষতাৰ সমান্তৰালভাৱে অভিযোজন ক্ষমতা, বিচাৰ আৰু মানৱকেন্দ্ৰিক সামৰ্থ্যক অগ্ৰাধিকাৰ দিয়ে। এই পদক্ষেপৰ লক্ষ্য হৈছে প্ৰযুক্তিগত অগ্ৰগতি শেষত মৰ্যাদা, সুযোগ আৰু স্থিতিস্থাপকতালৈ ৰূপান্তৰিত কৰা।
অসম চৰকাৰৰ প্ৰধান সচিব (আই টি) শ্ৰী কে. এছ গোপীনাথ নাৰায়ণ, আএএএছে স্বয়ংক্ৰিয়কৰণতকৈ মানৱ বৃদ্ধিক অগ্ৰাধিকাৰ দিয়াৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। তেওঁ অনিয়ন্ত্ৰিত প্ৰযুক্তিগত পৰিৱৰ্তনে খণ্ড আৰু অঞ্চলসমূহৰ মাজত বৈষম্য বহল কৰিব পাৰে বুলি সতৰ্ক কৰি দিয়ে আৰু নিৰন্তৰ শিক্ষণ, ক্ষুদ্ৰ দক্ষতা আৰু এআই সাক্ষৰতাক অপৰিহাৰ্য ৰাজহুৱা সামৰ্থ্য হিচাপে গুৰুত্ব আৰোপ কৰে। অসম চৰকাৰৰ বিশেষ মুখ্য সচিব শ্ৰী চৈয়দৈন আব্বাছিয়ে লক্ষ্য কৰে যে এআইৰ উত্তৰণে অতীতৰ প্ৰযুক্তিৰ চক্ৰক প্ৰতিফলিত কৰিলেও এই মুহূৰ্তটো মৌলিকভাৱে পৃথক কাৰণ এআইয়ে ক্ৰমান্বয়ে স্বায়ত্তশাসিত এজেণ্ট হিচাপে কাম কৰি আছে। তেওঁ সকীয়াই দিয়ে যে বিশ্বৰ কেইটামান কোম্পানীৰ মাজত এআইৰ ক্ষমতাৰ কেন্দ্ৰীভূতকৰণে বৈষম্যক আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে আৰু ভাৰতৰ পৰম্পৰাগত আই টি আৰু আউটচ’ৰ্চিং নেতৃত্বাধীন নিয়োগ আৰ্হিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। তেওঁ থলুৱা গণনা ক্ষমতা, শক্তিশালী ৰাজহুৱা–ব্যক্তিগত সহযোগিতা আৰু শিক্ষাৰ স্তৰত পৃথক দক্ষতা বৃদ্ধিৰ বাবেও আহ্বান জনায়।
উদ্বোধনী অধিৱেশনৰ সামৰণি পৰে অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ সঞ্চালক আই এ এছ শ্ৰীযুত অশ্বনী কুমাৰৰ শলাগৰ শৰাইৰ জড়িয়তে। তেওঁ মানৱ মূলধন কাৰ্য্যগোষ্ঠীৰ চিন্তাশীল নেতৃত্বৰ বাবে গৱেষণা, নীতি আৰু বাস্তৱ জগতৰ প্ৰভাৱৰ সেতুবন্ধন কৰা এক শৈক্ষিক মঞ্চ প্ৰদান কৰাৰ বাবে আই আই টি গুৱাহাটীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় এ আই এজেণ্ডা আগুৱাই নিয়াত ইণ্ডিয়াএআই মিছনে আগবঢ়োৱা অবিৰত সহায়ৰ কথায তেওঁ স্বীকাৰ কৰে। শ্ৰীমতী শিখা দহিয়াই ভাৰত এআই ইমপেক্ট ছামিট ২০২৬ৰ এক আভাস দাঙি ধৰে। ইয়াৰ বহুদিনীয়া কাৰ্যসূচীৰ বিষয়ত আলোকপাত কৰি তেওঁ কয় যে ই নতুন দিল্লীত নেতাসকলৰ পূৰ্ণাংগ সভা আৰু কৰ্মগোটৰ ফলাফলত বিশেষ সহায়ক হ’ব। য’ত এআই সম্পদসমূহ গণতান্ত্ৰিকীকৰণ, থলুৱা আৰ্হিসমূহ সক্ষম কৰা আৰু গ্ল’বেল চাউথৰ দৃষ্টিভংগী বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হ’ব। বৈঠকৰ প্ৰথম দিনৰ এটা মূল উল্লেখনীয় দিশ আছিল অধ্যাপক ড. গৌতম বৰুৱা, আই আই টি গুৱাহাটীৰ প্ৰাক্তন সঞ্চালকৰ ভাষণ। তেওঁ ব্যক্তিগত বিশেষজ্ঞ উৎপাদনৰ বাবে ডিজাইন কৰা শিক্ষা ব্যৱস্থাৰ পৰা ডমেইন নিৰ্দিষ্ট এ আই সঁজুলিৰ জৰিয়তে বৃহৎ পৰিসৰৰ মানৱ বৃদ্ধি সক্ষম কৰা আৰ্হিৰ দিশত গাঁথনিগত পৰিৱৰ্তনৰ বিষয়ে পৰীক্ষা কৰাৰ বিষয়ত আলোকপাত কৰে। ভাষণ প্ৰসংগত তেওঁ স্বয়ংক্ৰিয়কৰণৰ দ্বাৰা প্ৰভাৱান্বিত শ্ৰমিকসকলৰ বাবে পৰিৱৰ্তন বিষয়ক সুৰক্ষা আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ লগতে ভিত্তি ৰেখাৰ আধাৰত মানৱ সামৰ্থ্য বৃদ্ধি কৰা সাৰ্বভৌম, খণ্ড-সংলগ্ন এআই ব্যৱস্থাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।
বৈঠকত “এআই পৰিৱৰ্তনৰ বাবে লিংগ-প্ৰতিক্ৰিয়াশীল কৌশল” বিষয়ক পেনেল আলোচনাও অনুষ্ঠিত হয়। য’ত কৰ্মশক্তিৰ সৈতে জড়িত মহিলাসকলৰ ক্ষেত্ৰত এআইৰ প্ৰভাৱ পৰীক্ষা কৰা হয়। আলোচনাত প্ৰৱেশ পৰ্যায়ৰ ভূমিকাসমূহৰ স্বয়ংক্ৰিয়কৰণ, মজুৰিৰ ব্যৱধান বৃদ্ধি, তথ্য আৰু এলগৰিদমিক পক্ষপাতিত্ব আৰু এআই দক্ষতাৰ প্ৰৱেশৰ সৈতে জড়িত বিপদসমূহৰ বিষয়ত আলোকপাত কৰা হয়। একে সময়তে সমতাপূৰ্ণ আৰু জনকেন্দ্ৰিক এআই পৰিৱৰ্তন নিশ্চিত কৰিবলৈ অন্তৰ্ভুক্ত ডিজাইন, ব্যাখ্যাযোগ্য এআই, গ্ৰহণ-নেতৃত্বাধীন পুনৰ দক্ষতা তথা পৰিৱেশ তন্ত্ৰ-চালিত নীতিগত হস্তক্ষেপৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰা হয়।
দ্য এছিয়া গ্ৰুপৰ সহযোগী উপ-সভানেত্ৰী শ্ৰীমতী অৰ্পিতা দেশায়ে আঁত ধৰা এই পেনেলত ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ বিজ্ঞানী-জি শ্ৰীমতী তুলিকা পাণ্ডে (ভাৰ্চুৱেল); ইক্লাৰ্কছৰ এআইৰ মুৰব্বী শ্ৰী সঞ্জয় কুক্ৰেজা; চেলছফৰ্চৰ ৰাজহুৱা নীতি আৰু চৰকাৰী পৰিক্ৰমা বিভাগৰ পৰিচালক শ্ৰীমতী উৰ্মি টাট; আইচিআৰআইইআৰৰ জ্যেষ্ঠ ফেলো ড° তনু এম গোৱাল; তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য; আৰু এমএফএছডিএছ এণ্ড এআইৰ মুৰব্বী আৰু আইআইটি গুৱাহাটীৰ এমচিইএনএছএছআৰৰ মুৰব্বী অধ্যাপক ৰত্নজিৎ ভট্টাচাৰ্য উপস্থিত থাকে।
“জ্ঞানমূলক যুগৰ বাবে শিক্ষাক পুনৰ সংজ্ঞায়িত কৰা” বিষয়ত আয়োজিত পেনেল আলোচনাত এআইয়ে কিদৰে শিক্ষণ লক্ষ্য, শিক্ষাবিজ্ঞান আৰু মূল্যায়ন ব্যৱস্থাক পুনৰ গঢ় দিছে সেই বিষয়ে আলোচনা কৰা হয় । পেনেলিষ্টসকলে মুখস্থ ভিত্তিক নিৰ্দেশনাৰ পৰা জ্ঞানমূলক, প্ৰক্ৰিয়ামুখী শিক্ষণলৈ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰে; শিক্ষকৰ ক্ষেত্ৰত প্ৰশাসনিক বোজা হ্ৰাস কৰাৰ লগতে শিক্ষাক ব্যক্তিগতকৰণত এআইৰ ভূমিকা; সম্প্ৰদায়-পৰীক্ষিত, মানুহকেন্দ্ৰিক এআই সঁজুলিৰ প্ৰয়োজনীয়তা; আৰু শিক্ষা ব্যৱস্থা আৰু দ্ৰুতগতিত বিকশিত হোৱা উদ্যোগৰ দক্ষতাৰ প্ৰয়োজনীয়তাৰ মাজত ঘনিষ্ঠ প্ৰান্তিককৰণ, এআই যুগৰ বাবে মূল ক্ষমতা হিচাপে অভিযোজন ক্ষমতাৰ বৃদ্ধি, সমালোচনাত্মক চিন্তাধাৰা, সহযোগিতা আৰু আজীৱন শিক্ষণৰ বিষয়ত বিশদভাবে আলোচনা কৰা হয়। । দ্য এছিয়া গ্ৰুপৰ জ্যেষ্ঠ উপ-সভাপতি সুভোদীপ জাছে আঁত ধৰা এই পেনেল আলোচনাত কনভেজিনিয়াছৰ মুখ্য বিষয়া তথা সভাপতি ভেংকটেশ ৰেড্ডী মাল্লাপু ৰেড্ডী; ৰকেট লাৰ্নিঙৰ সহ-প্ৰতিষ্ঠাপক শ্ৰীযুত সিদ্ধান্ত সচদেৱ; কিণ্ড্ৰিলৰ চৰকাৰী পৰিক্ৰমা বিভাগৰ উপ-সভাপতি শ্ৰী পাৰমিন্দৰ সিং কাক্ৰিয়া; এন আই টি দুৰ্গাপুৰৰ প্ৰাক্তন সঞ্চালক অধ্যাপক অনুপম বসু; আৰু আই আই টি গুৱাহাটীৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ মুৰব্বী অধ্যাপক শ্যামন্ত এম হাজৰিকাই ভাগ লয় । আই আই টি গুৱাহাটীত মানৱ পুঁজিৰ কৰ্মগোটৰ বৈঠক কাইলৈও অব্যাহত থাকিব । এই বৈঠকত এ আই যুগৰ বাবে শিক্ষাৰ সংস্কাৰ, কৰ্মশক্তিৰ পৰিৱৰ্তন, আজীৱন শিক্ষণ ব্যৱস্থা আৰু লিংগ-প্ৰতিক্ৰিয়াশীল কৌশলৰ বিষয়ত কেন্দ্ৰীভূত আলোচনাৰে ৰাষ্ট্ৰীয় নীতিৰ ফলাফলসমূহ অৱগত কৰাৰ লগতে মূল পৰামৰ্শসমূহ একত্ৰীকৰণৰ কৰা হ’ব। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ভাৰত এআই ইমপেক্ট ছামিট ২০২৬ৰ বিষয়ভিত্তিক পূৰ্বসূৰী হিচাপে গুৱাহাটীত আয়োজিত এই বৈঠকে ভাৰতএআই মিছনৰ অধীনত সৰ্বাংগীন, মানৱকেন্দ্ৰিক এআই পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ বাবে ভাৰত চৰকাৰৰ দায়বদ্ধতাক শক্তিশালী কৰি তুলিছে। লগতে ই বিকশিত ভাৰত ২০৪৭ৰ বাবে ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ সৈতে আঞ্চলিক দৃষ্টিভংগীক একাকাৰ কৰিবলৈ সক্ষম হৈছে।
****
MSZ/DM
(रिलीज़ आईडी: 2211667)
आगंतुक पटल : 9