নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

“গ্ৰন্থই মনক আলোকিত কৰে, সমাজৰ বিবেক গঢ়ে আৰু এখনি বৌদ্ধিকভাৱে প্ৰগতিশীল ৰাষ্ট্ৰ নিৰ্মাণ কৰে”, অসম গ্ৰন্থমেলাত সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম গ্ৰন্থমেলাত ভাগ লৈ যুৱ পাঠকসকলক পঠনৰ সংস্কৃতি গঢ়ি তুলিবলৈ উৎসাহিত কৰে

সোণোৱালে ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ বিষয়ক গ্ৰন্থকে প্ৰমুখ্য কৰি ভালেকেইখন কিতাপ ক্ৰয় কৰে

प्रविष्टि तिथि: 02 JAN 2026 7:28PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী (MoPSW) সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাত ভাগ লৈ গ্ৰন্থমেলাক বৌদ্ধিক বিকাশ আৰু এখনি চিন্তাশীল সমাজক লালন-পালন কৰা “জ্ঞানৰ তীৰ্থস্থান” বুলি অভিহিত কৰে।

ইয়াত গ্ৰন্থপ্ৰেমী আৰু প্ৰকাশকসকলক সম্বোধন কৰি সৰ্বানন্দ সোণোৱালে কয়, “গ্ৰন্থই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মনক আলোকিত কৰে, চিন্তাক শুদ্ধ কৰে আৰু সমাজখনক সমৃদ্ধ কৰে। সাহিত্যই সামগ্ৰিকভাৱে এখন সমাজৰ বিবেক, সৃষ্টিশীলতা আৰু কল্পনাশক্তিকে প্ৰতিফলিত কৰে তথা এখনি বৌদ্ধিকভাৱে প্ৰগতিশীল ৰাষ্ট্ৰ গঢ়ি তোলাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।”

নৱ প্ৰজন্মক পঠনৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনাই সোণোৱালে লগতে কয়, “পঠনৰ প্ৰসাৰৰ বাবে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপেই হৈছে মানৱৰ বৌদ্ধিক অগ্ৰগতিৰ দিশত এক দৃঢ় পদক্ষেপ। সোণোৱালে কয় যে এই মেলাত পাঠকসকলৰ উৎসাহপূৰ্ণ অংশগ্ৰহণে অসম সমাজ হিচাপে সঠিক দিশত আগবঢ়া কাৰ্য্যক পুনৰ দৃঢ় কৰি তুলিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে গ্ৰন্থসমূহ হৈছে বাৰে বাৰে খুলিব পৰা উপহাৰ, যিয়ে প্ৰতিবাৰেই নতুন অন্তৰ্দৃষ্টি আৰু দৃষ্টিভংগী আগবঢ়ায়। তেওঁ স্বকীয় কথা আৰু ধাৰণাৰে অসমীয়া মানুহৰ পৰিচয় গঢ় দিয়া তথা অসমৰ কণ্ঠক বিশ্বৰ দৰবাৰলৈ নিয়া অসমীয়া সংস্কৃতি আৰু সাহিত্যিৰ অগ্ৰদূতসকলৰ চিৰস্থায়ী উত্তৰাধিকাৰৰ কথা স্মৰণ কৰে।

দাৰ্শনিক ফ্ৰান্সিছ বেকনে পঠনে এজন পূৰ্ণাংগ মানৱ গঢ়ে বুলি কৈছিল বুলি উল্লেখেৰে সোণোৱালে কয় যে ক্ষন্তেকীয়া ডিজিটেল ব্যৱহাৰে গভীৰ অধ্যয়নক প্ৰভাৱিত কৰিলে নহ’ব। আমি যিমানেই ছ’চিয়েল মিডিয়া ব্যৱহাৰ নকৰোঁ কিয়, কেৱল গ্ৰন্থইহে আমাক সম্পূৰ্ণ কৰিব পাৰে। কেৱল পঠনেহে আমাক গভীৰতা, কল্পনা শক্তি প্ৰদান আৰু আমাৰ সমালোচনাত্মক চিন্তাৰ উন্মেষ ঘটাব পাৰে।  

একে সময়তে সোণোৱালে প্ৰযুক্তিয়ে পঠনৰ অভ্যাস সলনি কৰিছে বুলি স্বীকাৰেৰে ই-বুক, অডিঅ’বুক আৰু ডিজিটেল লাইব্ৰেৰীৰ দৰে ডিজিটেল প্লেটফৰ্মে পৰম্পৰাগত পঠনৰ পৰিপূৰক হিচাপে জ্ঞানক অধিক সুলভ কৰি তুলিব পাৰে বুলি কয়। বিশেষকৈ যুৱক-যুৱতীসকলৰ বাবে পঠনক পুনৰ আনন্দদায়ক কৰি তোলাই আচল প্ৰত্যাহ্বান বুলি তেওঁ কয়।

সোণোৱালে বিশেষকৈ সৰু-সৰু চহৰসমূহত পুথিভঁৰালসমূহৰ আধুনিকীকৰণৰ লগতে অসমীয়া সাহিত্যক সমসাময়িক আৰু পাঠকৰ-অনুকূল ৰূপত অধিক সুলভ কৰি তোলাৰ প্ৰয়োজনীয়তাতো আলোকপাত কৰে। তেওঁ আধুনিক সফলতাৰ আকাংক্ষা আৰু নিজ-নিজ মাতৃভাষাৰ প্ৰতি থকা মোহৰ মাজত বহু যুৱক-যুৱতীয়ে মোকাবিলা কৰা নীৰৱ সংঘাতৰ কথা উল্লেখ কৰে।

ইয়াত মন্ত্ৰীগৰাকীয়ে প্ৰকাশক আৰু পাঠকসকলৰ সৈতে মত-বিনিময় কৰি বনলতা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত অধ্যাপক ভৱানী পেগুমৃত ঈশ্বৰকে প্ৰমুখ্য কৰি অনুৰাধা শৰ্মা পূজাৰীভাৰত ৰত্ন ভূপেন হাজৰিকা, হৰেন গগৈবোধিদ্ৰুম - ২, দেৱজিৎ ভূঞা মায়াবিনী ৰাতিৰ বুকুত — জুবিনৰ জীৱন আৰু গান, বাবুল কুমাৰ বৰুৱামোৰ জেল যাত্ৰাৰ কাহিনী আদি ভালে কেইখন গ্ৰন্থ ক্ৰয় কৰে।

 

 

***

PN/IY/SB


(रिलीज़ आईडी: 2211082) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Urdu