ৰেচম মন্ত্ৰালয়
azadi ka amrit mahotsav

৮-৯ জানুৱাৰীত গুৱাহাটীত ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলনৰ আয়োজন

प्रविष्टि तिथि: 02 JAN 2026 4:49PM by PIB Guwahati

বস্ত্ৰ মন্ত্ৰালয়ে অসম চৰকাৰৰ সহযোগত ২০২৬-ৰ ৮–৯ জানুৱাৰীত অসমৰ গুৱাহাটীত ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনৰ বিষয়বস্তু হৈছে “ভাৰতৰ বস্ত্ৰশিল্পঃ বয়নৰ বিকাশ, ঐতিহ্য আৰু উদ্ভাৱন”।

দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত এই সন্মিলনৰ লক্ষ্য হৈছে কেন্দ্ৰ আৰু ৰাজ্যৰ বস্ত্ৰ মন্ত্ৰী, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলক একত্ৰিত কৰি ভাৰতক বিশ্বব্যাপী বস্ত্ৰ উৎপাদন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এক সমন্বিত ৰাষ্ট্ৰীয় কৌশল সন্দৰ্ভত আলোচনা কৰা। এই আলোচনা ২০৩০-ৰ ভিতৰত এটি ৩৫০ বিলিয়ন মাৰ্কিন ডলাৰৰ বস্ত্ৰ উদ্যোগ গঢ়ি তোলা আৰু ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ বস্ত্ৰ ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে সংগতিপূৰ্ণ।

৮ জানুৱাৰীত অনুষ্ঠিতব্য উদ্বোধনী অধিবেশনত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব।

দুদিনীয়া এই সন্মিলনত আধুনিক বজাৰৰ বাবে হস্ততাঁত আৰু হস্তশিল্পত গুৰুত্ব আৰোপেৰে কাৰিকৰী বস্ত্ৰশিল্প, গৱেষণা আৰু উন্নয়ন, পৰম্পৰাগত বস্ত্ৰশিল্পক পুনৰুজ্জীৱিতকৰণকে প্ৰমুখ্য কৰি আন্তঃগাঁথনি আৰু বিনিয়োগ, ৰপ্তানিৰ সম্প্ৰসাৰণ, প্ৰতিযোগিতামূলক ক্ষমতা, কেঁচামাল আৰু ফাইবাৰ, নতুন ফ্ৰন্টিয়াৰ সন্দৰ্ভত অধিবেশনসমূহ অনুষ্ঠিত হ’ব।

ইয়াত সমগ্ৰ ৰাষ্ট্ৰৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰী আৰু বিষয়াসকলে অংশগ্ৰহণেৰে অঞ্চল আৰু জিলাসমূহৰ মাজত বস্ত্ৰশিল্পৰ মূল্য শৃংখলক সুদৃঢ় কৰাৰ লক্ষ্যৰে উত্তম পদ্ধতি, প্ৰত্যাহ্বান আৰু নীতিগত পৰামৰ্শসমূহৰ আদান-প্ৰদান কৰিব।

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী, বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী, উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বিভাগীয় মন্ত্ৰী, সাংসদ আৰু জ্যেষ্ঠ বিষয়াসকলৰ অংশগ্ৰহণেৰে ৮ জানুৱাৰীত “ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বস্ত্ৰ খণ্ডক সুদৃঢ় আৰু সবলীকৰণ” শীৰ্ষক এখনি সন্মিলন অনুষ্ঠিত হ’ব। এই কনক্লেভত ছিল্ক, হস্ততাঁত আৰু বাঁহ-ভিত্তিক বস্ত্ৰশিল্প, মহিলা-নেতৃত্বাধীন উদ্যোগৰ প্ৰসাৰ আৰু “উত্তৰ-পূৰ্বাঞ্চলৰ বস্ত্ৰশিল্প”-ৰ ব্ৰেণ্ডিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। ইয়াৰ লক্ষ্য হৈছে অঞ্চলটোৰ বস্ত্ৰশিল্পৰ অনন্য সামৰ্থ্যৰ উন্মেষ ঘটোৱা আৰু ৰাষ্ট্ৰীয় তথা বিশ্বব্যাপী মূল্য শৃংখলৰ সৈতে ইয়াক একত্ৰিত কৰা।

ইয়াত দেশৰ ভিন্ন প্ৰান্তৰ ভাৰতীয় হস্ততাঁত আৰু হস্তশিল্পৰ এখনি বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে।

****

MAM/VN/SB
 


(रिलीज़ आईडी: 2210947) आगंतुक पटल : 34
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Khasi , Urdu , हिन्दी