প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীজীক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

পোষ্ট কৰা হৈছে: 25 DEC 2025 8:43AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীজীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে বাজপেয়ীজীয়ে তেওঁৰ গোটেই জীৱন সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উৎসৰ্গা কৰিছিল। ‘তেওঁ কেৱল এগৰাকী বাকপটু বক্তা হিচাপেই নহয়, এগৰাকী উৎসাহী কবি হিচাপেও সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ ব্যক্তিত্ব, কৰ্ম আৰু নেতৃত্বই দেশৰ সৰ্বাংগীন উন্নয়নৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰি থাকিব’, শ্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

 ‘প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীজীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ তেওঁৰ গোটেই জীৱনটো সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উৎসৰ্গা কৰিছিল। এগৰাকী বাকপটু বক্তাৰ লগতে এগৰাকী প্ৰাণৱন্ত কবি হিচাপে তেওঁ সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ ব্যক্তিত্ব, সৃষ্টিশীলতা আৰু নেতৃত্বই দেশৰ সৰ্বাংগীন উন্নয়নৰ পথ প্ৰদৰ্শন কৰি থাকিব’।

 

***

MJPS/VJ/MK


(ৰিলিজ আই ডি : 2208518) অতিথি কক্ষ : 28