প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীৰ মাননীয় অটল জীৰ জীৱনৰ পৰা অনুপ্ৰেৰণা লোৱাৰ ওপৰত গুৰুত্ব আৰোপ
পোষ্ট কৰা হৈছে:
25 DEC 2025 8:58AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাননীয় অটলজীৰ জয়ন্তী উপলক্ষে তেওঁৰ জীৱনৰ পৰা অনুপ্ৰেৰণা লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে -
“यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥"
সুভাশিতমে প্ৰকাশ কৰে যে এগৰাকী মহান ব্যক্তিয়ে যি কৰে সাধাৰণ মানুহেও সেয়া অনুসৰণ কৰে। অন্য অৰ্থত ক’বলৈ গ’লে, এগৰাকী নেতা বা দৃষ্টান্তমূলক ব্যক্তিৰ আচৰণে সমাজ আৰু অনুগামীসকলৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰে।
শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে অটলজীৰ আচৰণ, মৰ্যাদা, আদৰ্শগত দৃঢ়তা আৰু ৰাষ্ট্ৰৰ স্বাৰ্থক সৰ্বোপৰি ৰখাৰ সংকল্পই ভাৰতীয় ৰাজনীতিৰ বাবে এক আদৰ্শ মান হিচাপে কাম কৰে। ‘তেওঁৰ জীৱনৰ জৰিয়তে তেওঁ প্ৰদৰ্শন কৰিছিল যে উৎকৃষ্টতা স্থিতিৰ দ্বাৰা নহয়, বৰঞ্চ আচৰণৰ দ্বাৰা প্ৰতিষ্ঠিত হয় আৰু ইয়েই সমাজক পথ প্ৰদৰ্শন কৰে’, শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
‘মাননীয় অটলজীৰ জয়ন্তী আমাৰ সকলোৰে বাবে তেওঁৰ জীৱনৰ পৰা অনুপ্ৰেৰণা লোৱাৰ এক বিশেষ উপলক্ষ। তেওঁৰ আচৰণ, শালীনতা, আদৰ্শগত দৃঢ়তা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বোপৰি ৰখাৰ সংকল্প ভাৰতীয় ৰাজনীতিৰ এক আদৰ্শ মান। তেওঁ নিজৰ জীৱনৰ জৰিয়তে প্ৰমাণ কৰিছিল যে শ্রেষ্ঠত্ব আচৰণৰ দ্বাৰা প্ৰতিষ্ঠিত হয়, পদৰ দ্বাৰা নহয় আৰু সেইটোৱেই সমাজক নিৰ্দেশনা দিয়ে’।
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥"
***
MJPS/VJ/MK
(ৰিলিজ আই ডি : 2208517)
অতিথি কক্ষ : 34
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada