নৌ-পৰিবহন মন্ত্ৰালয়
সৰ্বানন্দ সোণোৱালে অনজৌত সংঘটিত দুৰ্ঘটনাত পতিত লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাতেৰে উদ্ধাৰ প্ৰচেষ্টাৰ পৰ্য্যালোচনা কৰে
प्रविष्टि तिथि:
12 DEC 2025 6:47PM by PIB Guwahati
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অৰুণাচল প্ৰদেশৰ অনজৌ জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে। এই দুৰ্ঘটনাত ডিব্ৰুগড় লোকসভা সমষ্টিকে প্ৰমুখ্য কৰি অসমৰ কেইবাজনো লোকৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।
সোণোৱালে তিনিচুকীয়া জিলাৰ গেলাপুখুৰীত শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি আন্তৰিক সমবেদনা জ্ঞাপন কৰে। এই কঠিন সময়ত চৰকাৰ তেওঁলোকৰ কাষত আছে বুলি আশ্বাস প্ৰদানেৰে তেওঁলোকৰ সৈতে সংহতিৰ মনোভাৱ প্ৰকাশ কৰে।
ইয়াত মন্ত্ৰীগৰাকীয়ে ঘটনাৰ পিছৰে পৰাই তেওঁ পৰিস্থিতি সন্দৰ্ভত নিৰন্তৰ নিৰীক্ষণ কৰি আহিছে বুলি কয়। তেওঁ অসমৰ মুখ্য সচিবৰ সৈতে বাৰ্তালাপ কৰি অৰুণাচল প্ৰদেশৰ বিষয়াসকলৰ সৈতে ঘনিষ্ঠ সমন্বয় অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে। সোণোৱালে সংশ্লিষ্ট সকলো চৰকাৰী সংস্থাকে উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষীপ্ৰ আৰু ফলপ্ৰসূতাৰে অব্যাহত থকাটো নিশ্চিত কৰিবলৈ একেলগে কাম কৰিব যাবলৈ নিৰ্দেশনা প্ৰদান কৰে।
সর্বানন্দ সোণোৱালে কয়, “মই নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। এই শোকৰ সময়ত আমি তেওঁলোকৰ কাষত থিয় দিছো।“
দুৰ্ঘটনাস্থলীত সমন্বিত উদ্ধাৰ প্ৰচেষ্টা অব্যাহত আছে, টীমসমূহে সকলো প্ৰয়োজনীয় পদ্ধতি সম্পূৰ্ণ কৰাৰ বাবে কাম কৰি আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিএমএনআৰএফ-ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট-আত্মীয়লৈ ২ লাখ টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। অসম চৰকাৰেও ভুক্তভোগী পৰিয়ালকেইটালৈ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে।
লোকসকলৰ এনে আকস্মিক বিয়োগক “অপূৰণীয় ক্ষতি” বুলি অভিহিত কৰি সোণোৱালে কয় যে শোকসন্তপ্ত লোকসকলৰ যন্ত্ৰণা গভীৰভাৱে অনুভৱ কৰিছো আৰু তেওঁলোকলৈ সম্ভাৱ্য সকলো সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো। তেওঁ মৃত লোকসকলৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে আৰু পৰিয়ালবৰ্গক গভীৰ সমবেদনা জনায়।






ফটো কেপচনঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনজৌ জিলাত (অৰুণাচল প্ৰদেশ) সংঘটিত দুৰ্ঘটনাত আহতসকলক সাক্ষাতেৰে তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় আৰু তেওঁলোকলৈ আগবঢ়োৱা চিকিৎসা সেৱাৰ পৰ্য্যালোচনা কৰে।
*****
PN/IY/SB
(रिलीज़ आईडी: 2204403)
आगंतुक पटल : 6