গৃহ মন্ত্ৰালয়
মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ
प्रविष्टि तिथि:
10 DEC 2025 2:43PM by PIB Guwahati
ভাৰতৰ সংবিধানৰ সপ্তম অনুসূচীৰ অধীনত ‘আৰক্ষী’ আৰু ‘ৰাজহুৱা শৃংখলা’ ৰাজ্যৰ বিষয়। আইন-শৃংখলা বৰ্তাই ৰখা, মহিলা আৰু শিশুসহ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ দায়িত্ব সংশ্লিষ্ট ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত প্ৰশাসনৰ ওপৰত ন্যস্ত আৰু ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত প্ৰশাসন আইনৰ বৰ্তমান ব্যৱস্থাৰ অধীনত এনে অপৰাধৰ মোকাবিলা কৰিবলৈ সক্ষম। অৱশ্যে ভাৰত চৰকাৰে মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে আৰু কেইবাটাও ব্যৱস্থাৰ জৰিয়তে প্ৰয়োজনীয় হস্তক্ষেপ কৰে, যাৰ ভিতৰত আছে অপৰাধমূলক আইনৰ সংশোধনী, প্ৰযুক্তিগত আৰু আন্তঃগাঁথনিগত সহায়তাৰ বিকাশ, আৰক্ষী কৰ্মচাৰীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰা, বিত্তীয় সহায়তা আৰু ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক পৰামৰ্শ প্ৰদান কৰা। এই পদক্ষেপসমূহ তলত উল্লেখ কৰা হ’ল-
১. গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আৰক্ষী থানাসমূহক মহিলাসকলৰ বাবে অধিক সহজ আৰু বন্ধুত্বপূৰ্ণ কৰি তোলাৰ উদ্দেশ্যৰে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰতিখন আৰক্ষী থানাত মহিলা হেল্প ডেস্ক (ডব্লিউ এইচ ডি) স্থাপনৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক বিত্তীয় সাহায্য প্ৰদান কৰিছে।
২. জৰুৰীকালীন সহায়তা ব্যৱস্থাই সকলোধৰণৰ জৰুৰীকালীন অৱস্থাৰ বাবে সমগ্ৰ ভাৰততে প্ৰযোজ্য হোৱাকৈ একক আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত নম্বৰ (১১২) আধাৰিত প্ৰণালী প্ৰদান কৰিছে, য’ত কম্পিউটাৰৰ সহায়ত সংকটৰ স্থানলৈ ক্ষেত্ৰভিত্তিক দল প্ৰেৰণ কৰা হয়।
৩. স্মাৰ্ট পুলিচিং আৰু সুৰক্ষা ব্যৱস্থাপনাত সহায় কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰি ‘ছেফ চিটি’ প্ৰকল্প ৮ খন চহৰত (আহমেদাবাদ, বেংগালুৰু, চেন্নাই, দিল্লী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণৌ আৰু মুম্বাই) প্ৰথম পৰ্যায়ত ৰূপায়ণৰ অধীনত আছে।
৪. আইন বলৱৎকাৰী সংস্থাসমূহৰ দ্বাৰা সমগ্ৰ দেশতে যৌন অপৰাধীৰ তদন্ত আৰু ট্ৰেকিঙৰ সুবিধাৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ‘যৌন অপৰাধীৰ ৰাষ্ট্ৰীয় তথ্য ভাণ্ডাৰ’ (এন ডি এছ অ’) আৰম্ভ কৰিছে।
৫. গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আৰক্ষীৰ বাবে অপৰাধ আইন (সংশোধনী) বিধি ২০১৮ অনুসৰি যৌন অপৰাধৰ গোচৰত সময়বদ্ধ তদন্ত নিৰীক্ষণ আৰু অনুসৰণ কৰাত সহায় কৰিবলৈ এক অনলাইন বিশ্লেষণাত্মক সঁজুলি ‘যৌন অপৰাধৰ বাবে অনুসন্ধান ট্ৰেকিং ছিষ্টেম’ আৰম্ভ কৰিছে।
৬. তদন্ত উন্নীত কৰাৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক ফৰেনছিক বিজ্ঞান গৱেষণাগাৰত ডি এন এ বিশ্লেষণ গোট শক্তিশালী কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আছে চণ্ডীগড়ৰ কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান গৱেষণাগাৰত অত্যাধুনিক ডি এন এ বিশ্লেষণ গোট স্থাপন। নিৰ্ভয়া পুঁজিৰ অধীনত ৰাজ্যিক ফৰেনছিক বিজ্ঞান গৱেষণাগাৰত (এফ এছ এল) ডি এন এ ফৰেনছিক ক্ষমতা শক্তিশালী কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক সহায় আগবঢ়োৱা হৈছে।
৭. গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে যৌন অপৰাধৰ গোচৰত ফৰেনছিক প্ৰমাণ সংগ্ৰহ আৰু যৌন অপৰাধৰ প্ৰমাণ সংগ্ৰহ কিটত মানক সংমিশ্ৰণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।
৮. মানৱ শক্তিৰ ক্ষেত্ৰত পৰ্যাপ্ত সামৰ্থ্যৰ সুবিধাৰ বাবে অনুসন্ধান বিষয়া, অভিযোজন বিষয়া আৰু চিকিৎসা বিষয়াসকলৰ বাবে প্ৰশিক্ষণ আৰু দক্ষতা নিৰ্মাণ কাৰ্যসূচী হাতত লোৱা হৈছে। এতিয়ালৈকে ৩৫,৩৭৭ গৰাকী অনুসন্ধান বিষয়া, অভিযোজক আৰু চিকিৎসা বিষয়াক আৰক্ষী গৱেষণা আৰু উন্নয়ন সংস্থা (বি পি আৰ এণ্ড ডি) আৰু এল এন জে এন নেচনেল ইনষ্টিটিউট অব ক্ৰিমিন’লজী এণ্ড ফৰেনছিক ছায়েন্স (বৰ্তমান ৰাষ্ট্ৰীয় ফৰেনছিক ছায়েন্স বিশ্ববিদ্যালয়ৰ দিল্লী চৌহদ)ৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে। আৰক্ষী গৱেষণা আৰু উন্নয়ন সংস্থাই প্ৰশিক্ষণৰ অংশ হিচাপে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক অভিযোজন কিট হিচাপে ১৮,০২০ টা যৌন অপৰাধৰ প্ৰমাণ সংগ্ৰহ কিট বিতৰণ কৰিছে।
৯. তিনিখন নতুন আইন অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতা, ২০২৩ (বি এন এছ), ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ (বি এন এছ এছ) আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ (বি এছ এ) ৰূপায়ণ কৰা হৈছে। মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত প্ৰতিৰোধ, তদন্ত আৰু গোচৰ চলোৱা সম্পৰ্কীয় এই আইনসমূহৰ মুখ্য বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-
(ক) মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধসমূহক আন সকলো অপৰাধতকৈ অগ্ৰাধিকাৰ দিয়া হৈছে। মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধসমূহক ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ পঞ্চম অধ্যায়ত একত্ৰিত কৰা হৈছে, যি হৈছে বি এন এছৰ প্ৰথম গুৰুত্বপূৰ্ণ অধ্যায়।
(খ) বিবাহ, নিযুক্তি, পদোন্নতিৰ মিছা প্ৰতিশ্ৰুতি বা পৰিচয় লুকুৱাই ৰাখি যৌন সম্পৰ্ক স্থাপন আদি অপৰাধো বি এন এছত অন্তৰ্ভুক্ত কৰা হৈছে।
(গ) বি এন এছত গণধৰ্ষণৰ বলি নাবালিকাৰ বয়সৰ পাৰ্থক্য আঁতৰ কৰা হৈছে। পূৰ্বে ১৬ বছৰ আৰু ১২ বছৰৰ তলৰ নাবালিকাৰ গণধৰ্ষণৰ বাবে বিভিন্ন শাস্তি নিৰ্ধাৰণ কৰা হৈছিল। এই ব্যৱস্থাটো সংশোধন কৰা হৈছে আৰু এতিয়া আঠ বছৰৰ তলৰ নাবালিকাৰ গণধৰ্ষণৰ বাবে যাৱজ্জীৱন কাৰাবাস বা মৃত্যুদণ্ড বিহাৰ ব্যৱস্থা কৰা হৈছে।
(ঘ) ধৰ্ষণৰ অপৰাধৰ ক্ষেত্ৰত ভুক্তভোগীক অধিক সুৰক্ষা প্ৰদান কৰিবলৈ আৰু অপৰাধ সম্পৰ্কীয় তদন্তত স্বচ্ছতা নিশ্চিত কৰিবলৈ আৰক্ষীয়ে অডিঅ’-ভিডিঅ’ৰ জৰিয়তে বিবৃতি ৰেকৰ্ড কৰিব লাগিব।
(ঙ) মহিলাৰ বিৰুদ্ধে কিছুমান অপৰাধৰ ক্ষেত্ৰত যিমান দূৰ সম্ভৱ, এগৰাকী মহিলা দণ্ডাধীশৰ দ্বাৰা আৰু তেওঁৰ অনুপস্থিতিত সংবেদনশীলতা আৰু নিৰপেক্ষতা নিশ্চিত কৰিবলৈ এগৰাকী মহিলাৰ উপস্থিতিত এজন পুৰুষ দণ্ডাধীশৰ দ্বাৰা ভুক্তভোগীৰ বাবে এক সহায়ক পৰিবেশৰ সৃষ্টি কৰি ভুক্তভোগীৰ বিবৃতি ৰেকৰ্ড কৰিব লাগিব।
(চ) চিকিৎসকে ৭ দিনৰ ভিতৰত ধৰ্ষণৰ বলিৰ চিকিৎসা প্ৰতিবেদন তদন্তকাৰী বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰাটো বাধ্যতামূলক।
(ছ) অপৰাধ সংঘটিত কৰিবলৈ শিশুক নিযুক্তি দিয়া, নিয়োগ কৰা বা নিয়োজিত কৰাৰ বাবে এক নতুন অপৰাধ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি পতিতা বৃত্তি আদিৰ উদ্দেশ্যে শিশু ক্ৰয় কৰাৰ বাবে সৰ্বাধিক শাস্তি ১৪ বছৰলৈ বৃদ্ধি কৰা হৈছে, যিটো আগতে মাত্ৰ ১০ বছৰ আছিল।
(জ) বি এন এছৰ ১৪৩ নং অনুচ্ছেদে শোষণৰ উদ্দেশ্যে শিশু চোৰাং সৰবৰাহৰ বাবে (১৮ বছৰৰ তলৰ যিকোনো ব্যক্তি হিচাপে সংজ্ঞায়িত) কমেও ১০ বছৰৰ সশ্ৰম কাৰাবাস, যাৰ ম্যাদ আজীৱন কাৰাবাসলৈ বৃদ্ধি কৰিব পাৰি আৰু জৰিমনা আৰোপ কৰে। চোৰাং সৰবৰাহৰ ক্ষেত্ৰত ‘ভিক্ষা বৃত্তি’ক শোষণৰ এক প্ৰকাৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে আৰু ই বি এন এছ, ২০২৩ৰ ধাৰা ১৪৩ৰ অধীনত শাস্তিযোগ্য। ইয়াৰ উপৰি ধাৰা ১৪৪(১)ই সৰবৰাহ কৰা শিশুৰ যৌন শোষণৰ বাবে কমেও ৫ বছৰৰ সশ্ৰম কাৰাবাসৰ শাস্তিৰ বিধান নিশ্চিত কৰে, ই দহ বছৰলৈ বৃদ্ধি হ’ব পাৰে আৰু জৰিমনাৰ বাবেও দায়বদ্ধ হ’ব।
নতুন আইনসমূহে সকলো চিকিৎসালয়ত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ ভুক্তভোগীসকলক বিনামূলীয়া প্ৰাথমিক চিকিৎসা বা চিকিৎসাৰ ব্যৱস্থা কৰিছে। এই ব্যৱস্থাই প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভুক্তভোগীসকলৰ সুস্থতা আৰু আৰোগ্যক অগ্ৰাধিকাৰ দি অত্যাৱশ্যকীয় চিকিৎসা সেৱাৰ তাৎক্ষণিক সুবিধা নিশ্চিত কৰে।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কেন্দ্ৰীয় ভুক্তভোগী ক্ষতিপূৰণ পুঁজি (চি ভি চি এফ)ৰ অধীনত ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক ভুক্তভোগী ক্ষতিপূৰণ আঁচনি (ভি চি এছ) ৰূপায়ণত উৎসাহিত কৰিবলৈ চি আৰ পি চিৰ ৩৫৭এ ধাৰা (বি এন এছ এছ ৩৯৬) ৰ অধীনত আৰু বিভিন্ন অপৰাধ বিশেষকৈ যৌন নিৰ্যাতনৰ লগতে এচিড আক্ৰমণ, শিশুৰ বিৰুদ্ধে অপৰাধ, মানৱ সৰবৰাহ ইত্যাদি অপৰাধৰ ভুক্তভোগীসকলৰ বাবে বিত্তীয় সহায়তা অব্যাহত ৰাখিবলৈ বিত্তীয় বৰ্ষত এককালীন বিত্তীয় সহায়তা হিচাপে ২০১৬-১৭ বিত্তীয় বৰ্ষত মুঠ ২০০ কোটি টকা মুকলি কৰিছে।
বিশেষ পকছ’ (ই-পকছ’) আদালতকে ধৰি ফাষ্টট্ৰেক বিশেষ আদালত (এফ টি এছ চি) স্থাপনৰ বাবে এক কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি ২০১৯ চনৰ পৰা ন্যায় বিভাগে ৰূপায়ণ কৰি আহিছে। এই আদালতসমূহ যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (পকছ’) আইন, ২০১২ৰ অধীনত চলি থকা গোচৰ আৰু অপৰাধসমূহৰ সময়সীমাৰ ভিতৰত বিচাৰ আৰু নিষ্পত্তিৰ বাবে সমৰ্পিত। উচ্চ ন্যায়ালয়ৰ পৰা পোৱা তথ্য অনুসৰি ৩০.০৯.২০২৫ লৈকে, ২৯ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলত ৪০০ খন বিশেষ পকছ’ (ই-পকছ’) আদালতকে ধৰি ৭৭৩ খন এফ টি এছ চি কাৰ্যক্ষম হৈ আছে, যিবোৰে আঁচনিখনৰ আৰম্ভণিৰে পৰা ৩,০৫,৬৮৫ টা গোচৰ নিষ্পত্তি কৰিছে।
অপৰাধৰ বলি হোৱা মহিলা আৰু শিশুৰ সহায়ৰ বাবে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে সমগ্ৰ দেশতে ৱান ষ্টপ চেণ্টাৰ (অ’ এছ চি) আঁচনি ৰূপায়ণ কৰি আহিছে। ৱান ষ্টপ চেণ্টাৰ আঁচনিৰ উদ্দেশ্য হৈছে ব্যক্তিগত আৰু ৰাজহুৱা স্থানত একেখন ছাতৰ তলত হিংসাৰ বলি মহিলাসকলক একত্ৰিত সমৰ্থন আৰু সহায় প্ৰদান কৰা আৰু আৰক্ষী, চিকিৎসা, আইনী সহায় আৰু পৰামৰ্শ, মহিলাৰ বিৰুদ্ধে যিকোনো ধৰণৰ হিংসাৰ বিৰুদ্ধে যুঁজিবলৈ মানসিক সমৰ্থনকে ধৰি বিভিন্ন সেৱা তাৎক্ষণিক, জৰুৰীকালীন আৰু অ-জৰুৰীকালীন প্ৰয়োজনীয় সুবিধা প্ৰদান কৰা।
ৰেফাৰেল সেৱাৰ জৰিয়তে সমগ্ৰ দেশতে হিংসাৰ দ্বাৰা আক্ৰান্ত মহিলাসকলক তাৎক্ষণিক আৰু ২৪ ঘণ্টীয়া জৰুৰীকালীন আৰু অ-জৰুৰীকালীন সঁহাৰি প্ৰদান কৰাৰ লক্ষ্যৰে ২০১৫ চনৰ ১ এপ্ৰিলৰ পৰা ইউনিভাৰ্ছেলাইজেচন অব ৱ’মেন হেল্পলাইন (ডব্লিউ এইচ এল) আঁচনি ৰূপায়ণ কৰা হৈছে। আঁচনিখনৰ অধীনত সমৰ্থন আৰু তথ্য বিচৰা মহিলাসকলক চুটি কোড ১৮১ৰ জৰিয়তে ২৪ ঘণ্টাই টোল-ফ্ৰী টেলিকম সেৱা প্ৰদান কৰা হয়। ৩৫ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলত মহিলাৰ বাবে হেল্পলাইন কাৰ্যকৰী হৈ আছে।
সন্ধানহীন আৰু দৰিদ্ৰ শিশুসকলক সেৱা প্ৰদানৰ বাবে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে শিশু হেল্পলাইন নম্বৰ ১০৯৮ পৰিচালনা কৰে, যি সপ্তাহৰ সাতোদিনেই ২৪ ঘণ্টাই কাৰ্য্যকৰী। ইয়াৰ উপৰি যিকোনো দৰিদ্ৰ শিশুক সহায় আগবঢ়াবলৈ প্ৰধান ৰে’লৱে প্লেটফৰ্মত ৰে’লৱে চাইল্ড লাইনো পৰিচালনা কৰা হৈছে।
ইয়াৰ উপৰি মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে মিছন শক্তিৰ অধীনত ‘সামৰ্থ্য’ আঁচনি পৰিচালনা কৰে, য’ত ‘শক্তি সদন’ উপাদান হৈছে কঠিন পৰিস্থিতিত মহিলাসকলৰ সাহায্য আৰু পুনৰ্বাসনৰ বাবে।
চৰকাৰে ৰাষ্ট্ৰীয় মহিলা আয়োগ (এন চি ডব্লিউ) আৰু ৰাজ্যসমূহৰ এনে সংস্থাৰ দৰে প্ৰতিষ্ঠানসমূহৰ জৰিয়তে আলোচনাচক্ৰ, কৰ্মশালা, দৃশ্য শ্ৰাব্য, ছপা আৰু বৈদ্যুতিন মাধ্যম আদিৰ জৰিয়তে জনসাধাৰণক মহিলাৰ সুৰক্ষা আৰু লগতে আইন আৰু নীতি আদিৰ বিভিন্ন ব্যৱস্থাৰ বিষয়ে সংবেদনশীল কৰি তুলিছে। পঞ্জীয়ন কৰা অভিযোগসমূহৰ সন্দৰ্ভত অভিযোগসমূহ যাতে নিষ্পত্তি কৰা হয় আৰু যৌক্তিক সিদ্ধান্তত উপনীত হয়, সেয়া নিশ্চিত কৰিবলৈ এন চি ডব্লিউৱে অংশীদাৰসকল বিশেষকৈ আৰক্ষী কৰ্তৃপক্ষৰ সৈতে বিষয়টো উত্থাপন কৰে।
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে ২০২৫ চনৰ ২২ জানুৱাৰীত সকলো কাৰ্য্যকৰী বৈশিষ্ট্যৰ সৈতে ‘মিছন শক্তি পৰ্টেল’ মুকলি কৰিছে। এই প’ৰ্টেলৰ লক্ষ্য হৈছে মহিলাসকলৰ বাবে বিভিন্ন চৰকাৰী সেৱাৰ উপলব্ধতা বৃদ্ধি কৰা, উদ্ধাৰ, সুৰক্ষা আৰু পুনৰ্বাসনৰ বাবে মানসম্পন্ন ব্যৱস্থা কৰা, বিভিন্ন আঁচনি তথা আইনৰ অধীনত কৰ্মচাৰী তথা দায়িত্ববাহীসকলৰ সক্ষমতা বৃদ্ধি কৰা।
ইয়াৰ উপৰি মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয় আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সময়ে সময়ে মহিলা আৰু শিশুৰ সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কীয় বিভিন্ন বিষয়ত ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ পৰামৰ্শ আগবঢ়াই আহিছে।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী শ্ৰী বান্দী সঞ্জয় কুমাৰে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে।
***
RK/RR/PR/PS/HS
(रिलीज़ आईडी: 2201583)
आगंतुक पटल : 3