ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ লগতে অন্যান্য সংসদ সদস্যসকলে বানাছ ডেইৰী পৰিদৰ্শন কৰিব

সমবায় মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিয়ে সমবায় দুগ্ধ উন্নয়নৰ ক্ষেত্ৰত হোৱা অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ এই ভ্ৰমণৰ কৰিব

শ্ৰী অমিত শ্বাহ ডাঙৰীয়াই বায়'-চিএনজি আৰু সাৰ প্লাণ্ট উদ্বোধন কৰি পাউদাৰ আৰু বেবী ফুড প্ৰকল্পৰ
ভূমি পূজন কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বৰ দ্বাৰা পৰিচালিত সমবায় আন্দোলনে সমগ্ৰ দেশতে গ্ৰাম্য সমৃদ্ধি, মূল্য সংযোজন আৰু বহনক্ষম উন্নয়নৰ এক শক্তিশালী ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীত শিপাই থকা আৰু শ্ৰী অমিত শ্বাহৰ নেতৃত্বত কাৰ্যকৰী কৰা সমবায় আৰ্হিয়ে সহকৰ ছে সমৃদ্ধি আৰু ‘বিকশিত ভাৰত’ৰ লক্ষ্যত কেনেদৰে অৰ্থপূৰ্ণ অৰিহণা যোগাইছে সেই বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে এই ভ্ৰমণ।

प्रविष्टि तिथि: 04 DEC 2025 8:08PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নেতৃত্বত সমবায়  মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিয়ে দুগ্ধ উন্নয়ন, বৃত্তাকাৰ অৰ্থনীতি, কৃষি মূল্য সংযোজন, পশুধনৰ উৎপাদনশীলতা, জল সংৰক্ষণ আৰু গ্ৰাম্য সমবায় শক্তিশালীকৰণৰ ক্ষেত্ৰত বানাছ দুগ্ধ প্ৰতিষ্ঠানে গ্ৰহণ কৰা ব্যাপক পদক্ষেপসমূহৰ পৰ্যালোচনা কৰিব।

২০২৫ চনৰ ৪ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ বানাস্কান্তৰ বানাছ ডেইৰীলৈ কৰা ক্ষেত্ৰ ভ্ৰমণে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীত শিপাই থকা আৰু কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নেতৃত্বত সহযোগিতা মন্ত্ৰালয়ৰ জৰিয়তে কাৰ্যকৰী কৰা সমবায় আৰ্হিয়ে  সহকৰ ছে সমৃদ্ধি আৰু ‘বিকশিত ভাৰত’ৰ জাতীয় লক্ষ্যত কেনেদৰে অৰ্থপূৰ্ণ অৰিহণা যোগাইছে সেয়াও প্ৰদৰ্শন কৰিব।

 

এই ভ্ৰমণৰ সময়ত সমবায়  দপ্তৰৰ  ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত কৃষণ পাল গুৰজাৰ আৰু শ্ৰী মুৰলীধৰ মোহল, সম্পাদক (সহযোগ মন্ত্ৰালয়) আৰু মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰিব।

কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহ শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত সহযোগিতা মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ তৃতীয়খন বৈঠক ২০২৫ চনৰ ৬ ডিচেম্বৰত বানাস্কান্তৰ বানাছ দুগ্ধশালাত ‘সমবায় দুগ্ধ উন্নয়ন’ৰ ক্ষেত্ৰত  গ্ৰহণ কৰা পদক্ষেপসমূহৰ  বিষয়ে পৰ্যালোচনা কৰা  হ’ব।

 

এই ভ্ৰমণৰ সময়ত শ্ৰী অমিত শ্বাহে ২০২৫ চনৰ ৬ ডিচেম্বৰত সনাদৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি অগথালা বায়’-চিএনজি আৰু সাৰ উদ্যোগ উদ্বোধন কৰিব। যি প্ৰকল্পই  এক  বৃহৎ বৃত্তাকাৰ-অৰ্থনীতিৰ পদক্ষেপ হিচাবে বিবেচিত হৈছে।  যিয়ে কেৱল কৃষকৰ আয়ৰ পৰিপূৰক হিচাপেই নহয়, সেউজ আৰু স্বচ্ছ শক্তি উৎপাদনতো অৰিহণা যোগাব পাৰে। তেওঁ সনাদৰত অত্যাধুনিক ১৫০ টিপিডি মিল্ক পাউদাৰ আৰু বেবী ফুড প্লাণ্টৰ ভূমি পূজন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।

ইয়াৰ পূৰ্বে সংসদৰ সদস্যসকলে বানাছ ডেইৰীৰ পালানপুৰৰ মুখ্য কাৰ্যালয়ৰ উন্নত প্ৰক্ৰিয়াকৰণৰ সুবিধাসমূহ ভ্ৰমণ কৰিব, য’ত চীজ, ইউএইচটি আৰু প্ৰটিন প্লাণ্টসমূহো অন্তৰ্ভুক্ত হৈ আছে, য’ত অত্যাধুনিক প্ৰযুক্তিয়ে উচ্চ প্ৰটিনযুক্ত লচ্চি , মাখন আৰু অন্যান্য মূল্য সংযোজিত সামগ্ৰী উৎপাদন কৰিবলৈ সমৰ্থ হৈছে।

ইয়াৰ উপৰি প্ৰতিনিধি দলটোৱে ৰাইয়াত থকা ডামা বীৰ্য্য ষ্টেচন আৰু ভ্ৰূণ স্থানান্তৰ লেবত পশুধনকেন্দ্ৰিক পদক্ষেপসমূহৰ পৰ্যালোচনা কৰিব।

তৃণমূল পৰ্যায়ৰ সমবায়ৰ ভূমিকাৰ বিষয়ে জানিবলৈ  প্ৰতিনিধি দলটোৱে ২০২৫ চনৰ ৫ ডিচেম্বৰত দীছাৰ শ্বেৰপুৰা গাঁও দুগ্ধ সমবায় সমিতি (ভিডিচিএছ) পৰিদৰ্শন কৰিব, তাৰ পিছত থাৰাডৰ বানাছ ভূমি পৰীক্ষণ লেবৰ পৰ্যালোচনা কৰিব

সংসদীয় প্ৰতিনিধি দলটোৱে বানাছ ডেইৰীয়ে নিৰ্মাণ কৰা ৩১৯খন অমৃত সৰোবৰৰ ভিতৰত অন্যতম ঝেৰদা গাঁৱৰ অমৃত সৰোবৰও পৰিদৰ্শন কৰিব।

পৰিৱেশ বহনক্ষমতাৰ প্ৰতি সমবায়খনৰ দায়বদ্ধতাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি বানাছ ডেইৰীয়ে ৯ কোটিতকৈও অধিক বীজ আৰু গছপুলি ৰোপনৰ সৈতে জড়িত হৈ পৰিছে।  ক্ষেত্ৰভিত্তিক  ভ্ৰমণৰ সময়ত সংসদৰ সদস্যসকলে লুনাভাত বৃক্ষৰোপণ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।

 

*****

AK/DM


(रिलीज़ आईडी: 2199241) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Gujarati , Kannada