গৃহ মন্ত্ৰালয়
চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ অৰ্থে সামৰ্থ্য বিকাশৰ আঁচনি
प्रविष्टि तिथि:
03 DEC 2025 5:22PM by PIB Guwahati
‘আৰক্ষী’ আৰু ‘ৰাজহুৱা ব্যৱস্থা’ ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী অনুসৰি ৰাজ্যিক বিষয়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ নিজ-নিজ আইন প্ৰয়োগকাৰী সংস্থা (LEA)-ৰ জৰিয়তে চাইবাৰ অপৰাধকে প্ৰমুখ্য কৰি অপৰাধ প্ৰতিৰোধ, ধৰা পেলোৱা, তদন্ত আৰু বিচাৰৰ বাবে মূলতঃ দায়বদ্ধ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ এলইএ-ৰ সামৰ্থ্য বিকাশৰ বাবে ভিন্ন আঁচনিৰ অধীনত পৰামৰ্শ আৰু আৰ্থিক সাহায্যৰ জৰিয়তে ইয়াৰ পদক্ষেপসমূহৰ পৰিপূৰক হিচাপে কাম কৰে।
চাইবাৰ অপৰাধক ব্যাপক আৰু সমন্বিতভাৱে মোকাবিলাকৰণৰ ব্যৱস্থাক সুদৃঢ়কৰণৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰাজি হৈছেঃ
- গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ সকলো ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ সংলগ্ন কাৰ্য্যালয় হিচাপে ‘ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ’ (I4C) স্থাপন কৰিছে।
- I4C-ৰ অংশ হিচাপে ‘ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ ৰিপ’ৰ্ট পৰ্টেল’ (NCRP) (https://cybercrime.gov.in )-ৰ শুভাৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে জনসাধাৰণে মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত চাইবাৰ অপৰাধত বিশেষ গুৰুত্ব আৰোপেৰে সকলো ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে জড়িত ঘটনা সম্পৰ্কে অৱগত কৰিব পাৰে। এই পৰ্টেলত ৰিপ’ৰ্ট কৰা চাইবাৰ অপৰাধৰ ঘটনা, ইয়াক এফআইআৰ-লৈ ৰূপান্তৰ কৰা আৰু এই সন্দৰ্ভত পৰৱৰ্তী ব্যৱস্থা সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন প্ৰয়োগকাৰী সংস্থাসমূহে আইনৰ বিধান অনুসৰি গ্ৰহণ কৰে।
- ২০২১-ত বিত্তীয় জালিয়াতি সম্পৰ্কে তাৎক্ষণিকভাৱে অৱগতকৰণৰ বাবে I4C-ৰ অধীনত ‘চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপ’ৰ্টিং এণ্ড মেনেজমেন্ট চিষ্টেম’ (CFCFRMS) আৰম্ভ কৰা হৈছে।
- I4C-ত এটা অত্যাধুনিক চাইবাৰ জালিয়াতি প্ৰশমন কেন্দ্ৰ (CFMC) স্থাপন কৰা হৈছে। ইয়াত প্ৰধান বেংক, বিত্তীয় মধ্যস্থতাকাৰী, পেমেন্ট এগ্ৰিগেটৰ, টেলিকম সেৱা প্ৰদানকাৰী, আইটি মধ্যস্থতাকাৰী আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন প্ৰয়োগকাৰী সংস্থাৰ প্ৰতিনিধিয়ে একেলগে কাম কৰি চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা আৰু নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে কাম অব্যাহত আছে।
- এতিয়ালৈকে আৰক্ষী কৰ্তৃপক্ষই জনোৱা অনুসৰি ১১.১৪ লাখৰো অধিক চিম কাৰ্ড আৰু ২.৯৬ লাখ টা আইএমইআই ভাৰত চৰকাৰে ব্লক কৰিছে।
- আই৪চি, এমএইচএয়ে নিয়মিতভাৱে ‘ষ্টেট কানেক্ট’, ‘থানা কানেক্ট’ আৰু পীৰ লাৰ্নিং চেচনৰ আয়োজন কৰি উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদান, সামৰ্থ্য বিকাশৰ বৰ্ধন আদিৰ ব্যৱস্থা কৰিছে।
- vii. ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ আৰক্ষীৰ তদন্তকাৰী বিষয়াক (IO) প্ৰাৰম্ভিক পৰ্য্যায়ৰ চাইবাৰ ফৰেনছিক সহায় আগবঢ়াবলৈ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ অংশ হিচাপে নতুন দিল্লীত (১৮-০২-২০১৯ ত) আৰু অসমত (২৯-০৮-২০২৫ ত) অত্যাধুনিক ‘ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক লেবৰেটৰী (তদন্ত)’ স্থাপন কৰা হৈছে। মহিলা আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধ প্ৰতিৰোধ আঁচনিৰ অধীনত ২০১৮-ত হায়দৰাবাদত এটা ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক লেবৰেটৰী (প্ৰমাণ) স্থাপন কৰা হৈছে।
- চাইবাৰ অপৰাধৰ তদন্ত, ফৰেনছিক আৰু বিচাৰৰ ক্ষেত্ৰত আৰক্ষী আৰু ন্যায়িক বিষয়াৰ সামৰ্থ্য গঢ়ি তুলিবলৈ বৃহৎ অ’পেন অনলাইন ক’ৰ্চ (MOOC) প্লেটফৰ্ম অৰ্থাৎ ‘চাইট্ৰেইন’ (CyTrain) প্ৰৱৰ্তন কৰা হৈছে। এই প্লেটফৰ্মে প্ৰমাণপত্ৰৰ সৈতে মানক অনলাইন পাঠ্যক্ৰম প্ৰশস্তৰে সমগ্ৰ সংস্থাসমূহৰ মাজত একেধৰণৰ দক্ষতা বিকাশ নিশ্চিত কৰে। ৩১-১০-২০২৫ লৈকে পৰ্টেলৰ জৰিয়তে ১,৪৪,৮৯৫ জন আৰক্ষী বিষয়া/ন্যায়াধীশ/প্ৰচিকিউটৰ/চিপিঅ’/চিএপিএফে পঞ্জীয়ন কৰিছে আৰু ১,১৯,৬২৮ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে।
- দেশৰ চাইবাৰ সুৰক্ষাৰ ভাবুকি প্ৰতিহত কৰিবলৈ বিশেষ প্ৰশিক্ষণেৰে সজ্জিত চাইবাৰ কমাণ্ডোৰ এটা বিশেষ শাখা স্থাপনৰ বাবে মাননীয় গৃহমন্ত্ৰীয়ে ১০-০৯-২০২৪ ত চাইবাৰ কমাণ্ডো কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিছিল। এই কাৰ্য্যসূচীৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্যৰ আন্তঃগাঁথনি সুৰক্ষিত কৰিব পৰা আৰু ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা প্ৰচেষ্টাক সমৰ্থন কৰিব পৰাকৈ এক নিষ্ঠাবান, দক্ষ কৰ্মশক্তিৰ সৃষ্টিৰ পৰিকল্পনা কৰা হৈছিল। এতিয়ালৈকে ২৮১ জন চাইবাৰ কমাণ্ডোৱে আইআইটি, আইআইআইটি, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয় (RRU), ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় (NFSU) গান্ধীনগৰ আৰু নতুন দিল্লী আদিকে প্ৰমুখ্য কৰি আগশাৰীৰ প্ৰতিষ্ঠানসমূহত সফলতাৰে প্ৰশিক্ষণ গ্ৰহণ কাৰ্য্য সম্পূৰ্ণ কৰিছে।
- গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ‘মহিলা আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধ প্ৰতিৰোধ (CCPWC)’ আঁচনিৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ চাইবাৰ ফৰেনছিক-তথা-ট্ৰেইনিং লেবৰেটৰী স্থাপনৰ বাবে ১১৬.৫ কোটি টকাৰ আৰ্থিক সাহায্যও আগবঢ়াইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈকে ৩৩ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চাইবাৰ ফৰেনছিক-তথা-ট্ৰেইনিং লেবৰেটৰী আৰম্ভ হৈছে।
- কোনো অবৈধ কাৰ্য্য সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰা যিকোনো তথ্য, তথ্য বা যোগাযোগ লিংকৰ প্ৰৱেশ আঁতৰোৱা বা অক্ষম কৰাৰ সুবিধাৰ বাবে চৰকাৰ বা ইয়াৰ সংস্থাই আইটি আইন, ২০০০-ৰ ধাৰা ৭৯-ৰ উপ-ধাৰা (৩)-ৰ দফা (খ)-ৰ অধীনত আইটি মধ্যস্থতাকাৰীলৈ জাননী প্ৰেৰণৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰিবলৈ ‘সহযোগ’ পৰ্টেলৰ শুভাৰম্ভ কৰা হৈছে।
- xii. আই৪চি-এ ১০-০৯-২০২৪ ত বেংক/বিত্তীয় প্ৰতিষ্ঠানৰ সহযোগত চাইবাৰ অপৰাধীক চিনাক্তকৰণৰ চাচপেক্ট ৰেজিষ্ট্ৰীৰ শুভাৰম্ভ কৰিছে।
- সমন্বয় প্লেটফৰ্মক পৰিচালনা তথ্য ব্যৱস্থা (MIS) মঞ্চ, তথ্য ভঁৰাল আৰু চাইবাৰ অপৰাধৰ তথ্য বিনিময় আৰু বিশ্লেষণৰ বাবে আইন প্ৰয়োগকাৰী সংস্থা (LEA)-ৰ বাবে সমন্বয় মঞ্চ হিচাপে কাম কৰিবলৈ কাৰ্য্যকৰী কৰা হৈছে। ই ভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চাইবাৰ অপৰাধৰ অভিযোগৰ সৈতে জড়িত অপৰাধ আৰু অপৰাধীৰ বিশ্লেষণ ভিত্তিক আন্তঃৰাজ্যিক সংযোগ প্ৰদান কৰে। ‘প্ৰতিবিম্ব’ মডিউলে অপৰাধীৰ স্থান আৰু অপৰাধৰ আন্তঃগাঁথনি অংকন কৰি ন্যায়িক বিষয়াসকলক দৃশ্যমানতা প্ৰদান কৰে। এই মডিউলে আই৪চি আৰু আন-আন লঘু আৰু মজলীয়া উদ্যোগৰ (SME) পৰা আইন প্ৰয়োগকাৰী সংস্থাসমূহে টেকন’-লিগেল সহায় বিচৰা আৰু লাভ কৰাত সহায় কৰে। ইয়াৰ ফলশ্ৰুতিত ১৬,৮৪০ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১,০৫,১২৯ চাইবাৰ ইনভেষ্টিগেচনৰ সহায়ৰ অনুৰোধ জনোৱা হৈছে।
- কেন্দ্ৰীয় চৰকাৰে চাইবাৰ অপৰাধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, যথাঃ-
- xv.
- মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে ২৭-১০-২০২৪ ৰ "মন কী বাত" ত ডিজিটেল এৰেষ্ট সম্পৰ্কে কৈছিল আৰু ভাৰতৰ নাগৰিকক এই সন্দৰ্ভত সজাগ কৰিছিল।
-
- আকাশবাণী, নতুন দিল্লীয়ে ডিজিটেল এৰেষ্ট সন্দৰ্ভত ২৮-১০-২০২৪ ত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিল।
-
- কলাৰ টিউন কেম্পেইনঃ I4C-এ দূৰসংযোগ বিভাগৰ (DoT) সহযোগত চাইবাৰ অপৰাধ সম্পৰ্কে সজাগতা সৃষ্টি আৰু চাইবাৰ অপৰাধ হেল্পলাইন নম্বৰ ১৯৩০ তথা এনচিআৰপি পৰ্টেলৰ প্ৰচাৰৰ বাবে ১৯-১২-২০২৪ ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ এটা কলাৰ টিউন কেম্পেইন আৰম্ভ কৰিছে।
-
- কেন্দ্ৰীয় চৰকাৰে ডিজিটেল এৰেষ্ট কেলেংকাৰি সন্দৰ্ভত এক বিস্তৃত সজাগতা কাৰ্য্যসূচী আৰম্ভ কৰিছে। ইয়াৰ অৰ্থে বাতৰিকাকতৰ বিজ্ঞাপন, দিল্লী মেট্ৰ’ত ঘোষণা, বিশেষ প’ষ্টৰ বাবে ছ’চিয়েল মিডিয়াৰ ইনফ্লুয়েন্সাৰসকলক নিয়োগ, প্ৰসাৰ ভাৰতী আৰু ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে প্ৰচাৰ চলোৱা হৈছে।
-
- ডিডি নিউজৰ সৈতে অংশীদাৰিত্বৰে আই৪চি-এ ২০২৫-ৰ ১৯ জুলাইৰ পৰা আৰম্ভ কৰি ৫২ সপ্তাহৰ বাবে সাপ্তাহিক শ্ব’ চাইবাৰ-এলাৰ্টৰ জৰিয়তে চাইবাৰ অপৰাধ সন্দৰ্ভত সজাগতা অভিযান হাতত লয়।
গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।
***
RK/RR/PR/PS/SB
(रिलीज़ आईडी: 2198615)
आगंतुक पटल : 21