গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

অৰ্ধসামৰিক বাহিনীসমূহত মহিলাৰ অংশগ্ৰহণ

प्रविष्टि तिथि: 03 DEC 2025 5:21PM by PIB Guwahati

২০১৬-ৰ জানুৱাৰীত আৰম্ভণিতে চিআৰপিএফ-ত মহিলাসকলৰ বাবে কনিষ্টবল পৰ্য্যায়ত ৩৩% পদ আৰু সীমান্তৰক্ষী বাহিনী অৰ্থাৎ বিএছএফ, এছএছবি আৰু আইটিবিপি-ত কনিষ্টবল পৰ্য্যায়ত ১৪- ১৫% পদ সংৰক্ষণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। চিআৰপিএফ, বিএছএফ, আইটিবিপি আৰু এছএছবি-ত নিযুক্তি পোৱা মহিলাসকলৰ পৰিসংখ্যাৰ সবিশেষ পৰিশিষ্ট-I ত উল্লেখ কৰা হৈছে।

মহিলা চিএপিএফ জোৱানসকলৰ বাবে নিৰাপদ কৰ্ম পৰিস্থিতি, পৃথকে থকাৰ ব্যৱস্থা আৰু লিংগ-সংবেদনশীল কাৰ্য্যকৰী প্ৰট’কল নিশ্চিত কৰাৰ অৰ্থে চৰকাৰে প্ৰতিটো পদক্ষেপ/প্ৰয়াস গ্ৰহণ কৰিছে। তেওঁলোকলৈ পৃথককৈ থকা/বেৰেক, ৰেষ্ট ৰুম-তথা-চেঞ্জিং ৰুম আৰু পৃথক শৌচাগাৰৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকৰ সন্তানৰ যত্ন ল’বলৈ ক্ৰেচ আৰু ডে’ কেয়াৰ চেন্টাৰৰো ব্যৱস্থা কৰা হৈছে। মহিলা-নিৰ্দিষ্ট স্বাস্থ্যজনিত সমস্যাসমূহৰ সমাধানৰ বাবে মহিলা-কেন্দ্ৰিক চিকিৎসা সহায়ৰ ব্যৱস্থা, মহিলা হেল্প ডেস্ক আৰু যৌন নিৰ্যাতন সম্পৰ্কীয় অভিযোগসমূহৰ নিষ্পত্তিৰ বাবে গোপনীয় অভিযোগ প্ৰণালীৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকৰ বাবে এটি অনুকূল পৰিবেশ গঢ়ি তুলিবলৈ নিয়মীয়াকৈ লিংগ সংবেদনশীলতা কৰ্মশালা অনুষ্ঠিত কৰা হয়। কাৰ্য্যকৰী প্ৰট'কলৰ অংশ হিচাপে মহিলা জোৱানসকলক সাধাৰণতে এটা ছেকচন শক্তিতকৈ কম নোহোৱাকৈ বা সমনীয়া যোৰত নিয়োগ কৰা হয়। যিমানদূৰ সম্ভৱ নমনীয় সময় আৰু ছিফ্ট ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

পৰিশিষ্ট-I

বাহিনীৰ নাম

২০২৪-২৫ বিত্তীয় বৰ্ষত নিযুক্তি পোৱা মহিলাৰ মুঠ সংখ্যা

২০২৫-২৬ বিত্তীয় বৰ্ষত মহিলা প্ৰাৰ্থী নিযুক্তিৰ লক্ষ্য

চিআৰপিএফ

২৯৪

১১৯২

বিএছএফ

১৬৮০

২৫১৩

আইটিবিপি

১০৯৩

১৩৭৫

এছএছবি

১৭২

৯১

মুঠ

৩২৩৯

৫১৭১

গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য সদৰী কৰে।

***

RK/RR/PR/PS/SB
 


(रिलीज़ आईडी: 2198605) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , Tamil