গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নিচাযুক্ত দ্ৰব্যৰ মানক নিষ্পত্তি আৰু আফিং খেতি ধ্বংস

प्रविष्टि तिथि: 03 DEC 2025 5:19PM by PIB Guwahati

এখনি ড্ৰাগছ মুক্ত ভাৰত গঢ়াৰ প্ৰয়াসেৰে চৰকাৰে জব্দ কৰা নিচাজাতীয় দ্ৰব্যসমূহৰ ক্ষীপ্ৰ নিষ্পত্তিৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰে কেতবোৰ তলত উল্লেখ কৰা হৈছেঃ -

    1. চৰকাৰে সময়ে-সময়ে ড্ৰাগছ নিষ্পত্তি অভিযান সম্পন্ন কৰে।
    1. ২৩-১২-২০২২ তাৰিখৰ DoR অধিসূচনা GSR 899 (E)-ৰ অধিনিয়ম ৪-ৰ নীতি-নিৰ্দেশনা অনুসৰি চৰকাৰে নাৰ্ক’টিক ড্ৰাগছ আৰু চাইক’ট্ৰপিক পদাৰ্থ (NDPS) আইন, ১৯৮৫-ৰ ৫২এ দফাৰ অধীনত প্ৰমাণিত জব্দ কৰা সকলো সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰি জব্দ কৰা সামগ্ৰীসমূহ শীঘ্ৰেই ধ্বংস কৰিবলৈ সংশ্লিষ্ট ড্ৰাগ নিষ্পত্তি কমিটিৰ (DDC) অধ্যক্ষক দাখিল কৰিবলৈ গো-ডাউন ইন-চাৰ্জক দায়িত্ব প্ৰদান কৰিছে। ষ্ট’ৰেজ ফেচিলিটিৰ ভাৰপ্ৰাপ্ত বিষয়া/ ৰক্ষকে নিজ-নিজ ডিডিচি-ৰ জৰিয়তে নিয়মীয়াকৈ জব্দ কৰা ড্ৰাগছ নিষ্পত্তি কৰে।
    1. ২৩-১২-২০২২ তাৰিখৰ অধিসূচনা নং GSR 899 (E)-ত জব্দ কৰা নাৰ্ক’টিক ড্ৰাগছ আৰু চাইক’ট্ৰপিক পদাৰ্থ তথা জব্দ কৰা নিয়ন্ত্ৰিত পদাৰ্থৰ প্ৰি-ট্ৰায়েল নিষ্পত্তি পদ্ধতি নিৰ্ধাৰণ কৰা হৈছে।
    1. নাৰ্ক’টিক্স কনট্ৰল ব্যুৰ’ (NCB)-ৰ মাণ্ডলিক সঞ্চালক বা ৰাজ্যিক আৰক্ষী অধীক্ষক বা শুল্ক আৰু কেন্দ্ৰীয় আবকাৰীৰ যুটীয়া আয়ুক্ত বা ডিআৰআই-ৰ যুটীয়া সঞ্চালক বা সমতুল্য পদবীৰ বিষয়াৰ নেতৃত্বত ড্ৰাগছ নিষ্পত্তি কমিটিসমূহ ভিন্ন এজেন্সীত গঠন কৰা হৈছে। আন দুজন সদস্য সহকাৰী আৰক্ষী অধীক্ষক বা সহকাৰী/ উপ আয়ুক্ত/সঞ্চালক পদবীৰ হ’ব। এই কমিটিয়ে নিৰ্দিষ্ট পৰিমাণলৈকেহে নিষ্পত্তিৰ নিৰ্দেশ দিব পাৰে। যদি নিষ্পত্তি কৰিবলগীয়া নিষিদ্ধ সামগ্ৰীৰ পৰিমাণ বেছি বা অধিক মূল্যৰ হয়, তেন্তে ড্ৰাগছ নিষ্পত্তি কমিটিয়ে নিজৰ পৰামৰ্শসমূহ বিভাগৰ মুৰব্বীলৈ প্ৰেৰণ কৰিব লাগিব যিয়ে এই উদ্দেশ্যে বিশেষভাৱে গঠন কৰা উচ্চ পৰ্য্যায়ৰ ড্ৰাগছ নিষ্পত্তি কমিটিৰ দ্বাৰা নিষ্পত্তিৰ নিৰ্দেশ দিব।
    1. নাৰ্ক’টিক ড্ৰাগছ আৰু চাইক’ট্ৰপিক পদাৰ্থ (NDPS) আইন, ১৯৮৫-ৰ অধীনত ক্ষমতা প্ৰদান কৰা সকলো ড্ৰাগ আইন প্ৰয়োগকাৰী সংস্থাই মহামান্য উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনা/পৰামৰ্শ মানি চলিছে। একদৰে এনডিপিএছ আইন, ১৯৮৫-ৰ ৫২এ দফাৰ অধীনত আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত নিয়মিতভাৱে জব্দ কৰা ড্ৰাগছৰ সবিশেষ ড্ৰাগছ নিষ্পত্তি কমিটিৰ সন্মুখত দাখিল কৰিছে।
    1. এনচিবি-এ ড্ৰাগছ আৰু আন-আন জব্দ কৰা সামগ্ৰী নিষ্পত্তি সম্পৰ্কীয় সকলো আইনী বিধানৰ লগতে মহামান্য উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ৰায়দানসমূহক সামৰি এখনি নিৰ্দেশনামূলক পুস্তিকা প্ৰকাশ কৰিছে। ডিএলইএ সমূহে সহজে লাভৰ বাবে নাৰ্ক’ ক’অৰ্ডিনেচন (NCORD) পৰ্টেলত পুস্তিকাখনি আপল’ড কৰা হৈছে।

সকলো ডিএলইএয়ে নাৰ্ক’টিক্স কন্ট্ৰল ব্যুৰ’ক জনোৱা অনুসৰি, ২০২০-ৰ পৰা ২০২৪-লৈকে নিষ্পত্তি কৰা নিচাযুক্ত দ্ৰব্যৰ পৰিমাণ তলত উল্লেখ কৰা হৈছেঃ-

বৰ্ষ

২০২০

২০২১

২০২২

২০২৩

২০২৪

নিষ্পত্তি কৰা মুঠ পৰিমাণ (কিগ্ৰাত)

১,৫৮,১৯৮

১,৩৯,৫৯৭

৮,৬৫,৫৪৭

৭,৬২,০১৫

৪,৫১,০৮৮

উৎসঃ নাৰ্ক’টিক্স কন্ট্ৰল ব্যুৰ’

সকলো ডিএলইএয়ে নাৰ্ক’টিক্স কন্ট্ৰল ব্যুৰ’ক জনোৱা অনুসৰি, ২০২০-ৰ পৰা ২০২৪-লৈকে ধ্বংস কৰা ভাং আৰু আফিং খেতিৰ মুঠ মাটিকালি তলত উল্লেখ কৰা হৈছেঃ-

প্ৰকাৰ

২০২০

(একৰত)

২০২১

(একৰত)

২০২২

(একৰত)

২০২৩

(একৰত)

২০২৪

(একৰত)

ভাং খেতি

২১,৫৫৯

৩৪,৮৬৬

২৬,২৬৬

২২,৫০৭

৩৪,০১৮

আফিং

১০,৭৬৯

১১,০২৭

১৩,৭৯৬

৩১,৭৮৬

২২,৫১২

উৎসঃ নাৰ্ক’টিক্স কন্ট্ৰল ব্যুৰ’

গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য সদৰী কৰে।

***

RK/RR/PR/PS/SB
 


(रिलीज़ आईडी: 2198601) आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी