নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ পাঁচজন উদীয়মান কীৰ্তিমানক ছনছ অৱ দ্য ছইল বঁটা প্ৰদান কৰে

শ্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ পাঁচগৰাকী বিশিষ্ট ব্যক্তিক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে

Posted On: 15 NOV 2025 8:33PM by PIB Guwahati

আজি কেয়াৰ লুইতৰ উদ্যোগত আয়োজিত ৫ম দ্বি-বাৰ্ষিক ছন অৱ দ্য ছইল এৱাৰ্ডছ, অসম-২০২৫ ৰ কাৰ্য্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী (MoPSW) সৰ্বানন্দ সোণোৱালে অসমৰ পাঁচগৰাকী যুৱ প্ৰতিভাক ‘ছনছ অৱ দ্য ছইল ইমাৰ্জিং এচিভাৰ্ছ এৱাৰ্ড’ প্ৰদান কৰে। এই কাৰ্য্যসূচীত ভিন্ন ক্ষেত্ৰৰ অসাধাৰণ অৱদানৰাজিক উদযাপন কৰা হয় আৰু ভাৰতৰ উন্নয়ন যাত্ৰাত অসমৰ বিৱৰ্তনশীল সম্ভাৱনা তথা উত্থানশীল প্ৰফাইলক প্ৰতিফলিত কৰা ব্যক্তিসকলক সন্মান জনোৱা হয়।

ইমাৰ্জিং এচিভাৰ্ছ বঁটা লাভ কৰিছে সুকৃতা বৰুৱা (মিডিয়া আৰু কমিউনিকেচন), সংঘমিত্ৰা কলিতা (উদ্যমিতা), ঈশাৰাণী বৰুৱা (ক্ৰীড়া), হিমজ্যোতি তালুকদাৰ (কলা আৰু সংস্কৃতি) আৰু ডঃ দেৱযানী বৰা (সংৰক্ষণ)। তেওঁলোকে নিজ-নিজ ক্ষেত্ৰত উৎকৃষ্টতা, নিষ্ঠা আৰু উদ্ভাৱন প্ৰদৰ্শনৰ বাবে স্বীকৃতি লাভ কৰে।

এই অনুষ্ঠানত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই বঁটাই অসমৰ যুৱপ্ৰজন্মক পৰিচালিত কৰা আকাংক্ষাৰ শক্তিশালী মনোভাৱকে প্ৰতিনিধিত্ব কৰে। উৎকৃষ্টতা আৰু স্থিতিস্থাপকতাৰ মনোভাৱে অসমৰ জনসাধাৰণক সদায় চালিত কৰি আহিছে। এই সাফল্যই ৰাষ্ট্ৰ গঠনত অৰিহণা যোগাবলৈ অংগীকাৰবদ্ধ এক প্ৰগতিশীল আৰু আত্মবিশ্বাসী প্ৰজন্মৰ আকাংক্ষাক সূচিত কৰে। তেওঁলোকৰ সফলতাই দৃঢ়তা, সাহস আৰু অনুশাসিত প্ৰচেষ্টাৰে যে কৃতিত্ব অৰ্জন কৰিব পাৰি, তাৰ সাক্ষ্য বহন কৰে”, শ্ৰী সোণোৱালে কয়।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক বঁটা প্ৰাপকসকলৰ পৰা প্ৰেৰণা গ্ৰহণ কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে লগতে কয়, “আজিৰ প্ৰতিজন বঁটাপ্ৰাপকে নিজৰ সপোনক বিশ্বাসত লৈ অক্লান্তভাৱে কাম কৰিলে যে সকলো সম্ভৱ, সেয়া দেখুৱাইছে। মই অসমৰ যুৱক-যুৱতীসকলক আহ্বান জনাব খুজিছোঁ যে আপোনালোকে যেন তেওঁলোকৰ কৃতিত্বৰপৰা প্ৰেৰণা গ্ৰহণ কৰে। আহক আমি তেওঁলোকৰ অনুশাসন আৰু অধ্যৱসায়ৰ পৰা প্ৰেৰণা লৈ এখন শক্তিশালী, সক্ষম আৰু আত্মনিৰ্ভৰ সমাজ গঢ়াৰ দিশত মনোনিৱেশ কৰোঁ।”

শ্ৰী সৰ্বানন্দ সোণোৱালে প্ৰগতিৰ এই মনোভাৱক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে সংযোগ কৰি কয়, “আমাৰ দূৰদৰ্শী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰলৈ এক পথ-প্ৰদৰ্শনকাৰী দৰ্শন আগবঢ়াইছে — ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’। এই দৃষ্টিভংগীয়ে আমাক সোঁৱৰাই দিয়ে যে উন্নয়ন তেতিয়াহে সাৰ্থক হয়, যেতিয়া সকলোৱে অংশগ্ৰহণ কৰে আৰু উপকৃত হয়। সামূহিক প্ৰচেষ্টা, বিশ্বাস, ঐক্য আৰু উমৈহতীয়া প্ৰগতিৰ জৰিয়তেই ভাৰতে আজি বিশ্বৰ অন্যতম আগশাৰীৰ অৰ্থনীতি হিচাপে গৌৰৱেৰে থিয় দিছে। মই প্ৰতিজন যুৱ নাগৰিকক এই বাৰ্তাক হৃদয়ংগমেৰে আমাৰ মহান ৰাষ্ট্ৰখনৰ সেৱাৰ বাবে সততা, প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমেৰে অৰিহণা যোগাবলৈ আহ্বান জনাইছোঁ

সৰ্বানন্দ সোণোৱালে জীৱনজোৰা সাধনা বঁটাও প্ৰদান কৰে আৰু ইয়াৰ প্ৰাপকসকল হৈছে — অৰুণ নাথ (কলা আৰু সংস্কৃতি), ৰবি শংকৰ ৰবি (নিউজ-মিডিয়া), মইনুদ্দিন আহমেদ (ক্ৰীড়া), লখিমী বৰুৱা (উদ্যমিতা) আৰু সীমান্ত দাস (জনসেৱা)। এই বঁটা প্ৰদানৰ জৰিয়তে তেওঁলোকৰ চিৰস্থায়ী অৱদান আৰু প্ৰজন্মক গঢ় দিয়া নেতৃত্বক স্বীকৃতি জনোৱা হয়। সোণোৱালে শিক্ষা আৰু সমাজ সবলীকৰণৰ ক্ষেত্ৰত কৰা ৰূপান্তৰশীল কামৰ বাবে সামাজিক খণ্ড উন্নয়ন বঁটা লাভ কৰা ডঃ অলকা শৰ্মা আৰু আখৰ ফাউণ্ডেচনক অভিনন্দন জ্ঞাপন কৰে।

২০১৬-ত স্থাপিত কেয়াৰ লুইতৰ দ্বাৰা আয়োজিত ছন অৱ দ্য ছইল এৱাৰ্ডছত এনে ব্যক্তি আৰু সংগঠনক স্বীকৃতি জনোৱা হয়, যাৰ নিষ্ঠা, উদ্ভাৱন আৰু সেৱাই অসমৰ গৌৰৱ আৰু ঐতিহ্যক প্ৰতিফলিত কৰে।

ভাষণৰ সামৰণিত শ্ৰী সোণোৱালে প্ৰতিভা বিকাশত সহায়-সহযোগিতা আৰু ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত অসমৰ ভূমিকাক সুদৃঢ়কৰণৰ অংগীকাৰৰ কথা দোহাৰে। তেওঁ কয়, “সামূহিক প্ৰচেষ্টা আৰু দৃষ্টিভংগীৰে অসমৰ উত্থান অব্যাহত থাকিব। আমি সকলোৱে মিলি এখন শক্তিশালী ভাৰত গঢ়িম।“

 

 

 

 

 

***

GDH/PN/DS/SB
 


(Release ID: 2190649) Visitor Counter : 4