উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
‘অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচী’-ৰ প্ৰথমটো গোটৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ মত বিনিময়
‘অষ্টলক্ষ্মী দৰ্শন’-ৰ অধীনত গোৱা আৰু উত্তৰাখণ্ডৰ ছাত্ৰ-ছাত্ৰীসকলে অৰুণাচল প্ৰদেশৰ অন্বেষণ কৰে
‘অষ্টলক্ষ্মী দৰ্শন’ হৈছে দেশৰ বিভিন্ন অঞ্চলৰ যুৱক-যুৱতীসকলৰ মাজত ৰাষ্ট্ৰীয় সংহতি গভীৰ কৰাৰ লগতে বন্ধন শক্তিশালী কৰাৰ বাবে ৰচনা কৰা যুৱ বিনিময় কাৰ্যসূচী
মন্ত্ৰী সিন্ধিয়াই তেওঁলোকক ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱ আগুৱাই নিবলৈ উৎসাহিত কৰে
Posted On:
12 NOV 2025 6:21PM by PIB Guwahati
যোগাযোগ আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াই আজি ‘অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচী’ত অংশগ্ৰহণ কৰা প্ৰথমটো গোটৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে মত বিনিময় কৰে। এই অধিৱেশনত ড’নাৰ-ৰ সচিব, ড’নাৰ-ৰ যুটীয়া সচিব, ‘ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়’ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য আৰু পঞ্জীয়কেও অংশগ্ৰহণ কৰে।

এই কাৰ্যসূচীৰ উদ্বোধনী সংস্কৰণত গোৱাৰ ১৯ আৰু উত্তৰাখণ্ডৰ ২০ গৰাকীৰে মুঠ ৩৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমটো গোটৰ অংশ হিচাপে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিছে। অৰুণাচল প্ৰদেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়- ‘ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়’ত প্ৰথমটো গোটক আদৰণি জনোৱা হয়।
উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় (ড’নাৰ) আৰু উত্তৰ-পূব পৰিষদ (এনইচি)ৰ উদ্যোগত আৰু পুঁজিৰে ৰূপায়ণ কৰা অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচীৰ লক্ষ্য হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ “এক ভাৰতশ্ৰেষ্ঠ ভাৰত” পদক্ষেপৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি যুৱক-যুৱতীসকলৰ মাজত সংযোগ শক্তিশালী কৰা, আন্তঃআঞ্চলিক বুজাবুজিৰ পোষকতা কৰা, আৰু সাংস্কৃতিক প্ৰশংসা বৃদ্ধি কৰা। এই বিনিময় কাৰ্যসূচীত ২৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ৪০টা গোটত ১২৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্য ভ্ৰমণ আৰু অভিজ্ঞতা লাভ কৰিব।

মন্ত্ৰীগৰাকীয়ে কয় যে এই কাৰ্যসূচীৰ ধাৰণা প্ৰস্তুত কৰাৰ সময়ত ল’ৰা-ছোৱালীৰ সমান অংশগ্ৰহণ নিশ্চিত কৰা, সমাৱেশ আৰু সৱলীকৰণৰ প্ৰতি দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তোলাটো আছিল চৰকাৰৰ সচেতন সংকল্প। তেওঁ অষ্টলক্ষ্মী দৰ্শন-ক এক ভাৰত শ্ৰেষ্ঠ ভাৰত-ৰ অধীনত এক সুকীয়া সাংস্কৃতিক আৰু শৈক্ষিক বিনিময়ৰ পদক্ষেপ বুলি অভিহিত কৰে, যিটো সমগ্ৰ ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ যুৱক-যুৱতীসকলৰ মাজত আৱেগিক আৰু সাংস্কৃতিক বন্ধন শক্তিশালী কৰাৰ বাবে ৰচনা কৰা হৈছে। এই কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলক অঞ্চলটোৰ ভাষা, পৰম্পৰা, পৰিৱেশ, আৰু সম্প্ৰদায়সমূহৰ জীৱনত নিজকে নিমজ্জিত কৰাৰ সুবিধা প্ৰদান কৰিব, যাৰ ফলত তেওঁলোকে ভাৰতক ইয়াৰ সম্পূৰ্ণ বৈচিত্ৰ্য আৰু ঐক্যত দেখাৰ সুযোগ প্ৰদান কৰিব।
শেহতীয়াকৈ জিৰো উপত্যকা ভ্ৰমণৰ কথা মনত পেলাই সিন্ধিয়াই ইয়াৰ নিস্তব্ধ মনোমোহনীয়তাৰ উল্লেখৰে কয় যে এনে লাগে যেন “সময়ৰ গতি যথেষ্ট লেহেমীয়া হৈ যায়, যাতে আপুনি পৃথিৱীৰ কথা শুনিব পাৰে।” তেওঁৰ স্মৃতিচাৰণৰ প্ৰতিফলনে ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো একে ধৰণৰ অনুভৱৰ অনুৰণন ঘটায়, বহুতেই উপত্যকা আৰু ইটানগৰৰ মাজেৰে ভ্ৰমণ কৰাৰ সময়ত হোৱা তেওঁলোকৰ অভিজ্ঞতাৰ কথাও সহভাগ কৰিছিল।
এই বাৰ্তালাপৰ সময়ত মন্ত্ৰীগৰাকীয়ে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে তেওঁলোকৰ অভিজ্ঞতা আৰু শিক্ষণৰ বিষয়ে আলোচনা কৰে। উত্তৰাখণ্ডৰ পৰা অহা সৌম্য বিষ্টক সুধিলে যে অহাবাৰ পৰিয়াল বা বন্ধু-বান্ধৱীক অৰুণাচল প্ৰদেশলৈ আনিব নেকি, তাৰ উত্তৰত তেওঁ হাঁহি হাঁহি উত্তৰ দিলে, “দুয়োকে।” গোৱাৰ পৰা অহা ৰুচা পৰাবৰ সৈতে বিপৰীতধৰ্মী জলবায়ুৰ বিষয়ে কথা পাতি থাকোতে তেৱোঁ চমুকৈ মাৰাঠী ভাষাত কথা কৈ পৰিৱেশটো উমাল কৰি তোলাত ছাত্ৰ-ছাত্ৰীসকল আচৰিত হৈ উঠিছিল। গোৱাৰ পৰা অহা দীপানীয়ে জিৰ’ উপত্যকাত হোৱা তেওঁৰ অভিজ্ঞতাক গভীৰভাৱে ইতিবাচক আৰু স্মৰণীয় বুলি অভিহিত কৰে।

ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি আৰু ঐতিহ্য সন্দৰ্ভত চিন্তা-চৰ্চা কৰা হালদৱাণীৰ পৰা অহা আভিৰালক উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে, “এই ভাৱনা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণ কৰাটো হৈছে এইটো প্ৰজন্মৰ দায়িত্ব।” নৱনীত ৰাৱাটে বক্তৃতাৰ লগতে অধিক ক্ষেত্ৰ ভ্ৰমণৰ পৰামৰ্শ দিয়াৰ বিপৰীতে ইভানজেলিন মেনোকাই লগতে কয় যে ভৱিষ্যতৰ গোটসমূহে অধিক বৈচিত্ৰ্যপূৰ্ণ অভিজ্ঞতাৰ বাবে সমগ্ৰ অৰুণাচল প্ৰদেশৰ অন্যান্য জনজাতি আৰু জীৱনশৈলীও অন্বেষণ কৰিব পাৰিব।
‘মাই ভাৰত বঁটা’প্ৰাপক (২০২৩–২৪)কে ধৰি অৰুণাচল প্ৰদেশৰ ‘ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়’ৰ ছাত্ৰ-ছাত্ৰীসকলেও গোৱা আৰু উত্তৰাখণ্ডৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ অভিজ্ঞতা সহভাগ কৰি ইয়াক এক মূল্যৱান ধাৰণা আৰু বন্ধুত্বৰ আদান-প্ৰদান বুলি অভিহিত কৰে।
সামৰণি ভাষণত জ্যোতিৰাদিত্য সিন্ধিয়াই ছাত্ৰ-ছাত্ৰীসকলৰ উৎসাহক প্ৰশংসা কৰি তেওঁলোকৰ অভিজ্ঞতাসমূহ ব্যাপকভাৱে সহভাগ কৰিবলৈ উৎসাহিত কৰে। তেওঁ কয়, “আপোনালোক হৈছে অষ্টলক্ষ্মী দৰ্শন যাত্ৰা-ৰ প্ৰথমটো গোট আৰু প্ৰাক্তন যাত্ৰী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰত দৃষ্টিভংগী-ৰ আঁৰিয়াধৰোতা। এই অভিজ্ঞতা আপোনাৰ লগত কঢ়িয়াই লৈ ফুৰক, এই বন্ধুত্বক জীয়াই ৰাখক, আৰু ঐক্য আৰু বুজাবুজিৰ অগ্ৰদূত হৈ উঠক।”
তেওঁ অংশগ্ৰহণকাৰীসকলক অৰুণাচল প্ৰদেশৰ মানুহ, পৰম্পৰা, আৰু সৌন্দৰ্য্যৰ বিষয়ে পৰিয়াল আৰু বন্ধু-বান্ধৱীসকলক জনাবলৈ আহ্বান জনায়, উত্তৰ-পূবক কেৱল পৰ্যটকৰে প্ৰয়োজন নহয়, ইয়াৰ সংস্কৃতি বুজি পোৱা আৰু উদযাপন কৰা বন্ধুৰো প্ৰয়োজন বুলি তেওঁ সোঁৱৰাই দিয়ে।
‘অষ্টলক্ষ্মী দৰ্শন বিনিময় কাৰ্যসূচী’ সাংস্কৃতিক সংহতি, যুৱক-যুৱতীৰ সংযোগ আৰু জাতীয় ঐক্যক প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ প্ৰমাণ হিচাপে থিয় দিছে। ইয়াত এক ভাৰত শ্ৰেষ্ঠ ভাৰত-ৰ সাৰমৰ্ম আৰু বিকশিত ভাৰত ২০৪৭-ৰ সহভাগী দৃষ্টিভংগী প্ৰতিফলিত হৈয়েই আছে।
***
Samrat/KB
(Release ID: 2189499)
Visitor Counter : 6