উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সভাপতিত্বত ত্ৰিপুৰাত ‘মাতাবাৰী পৰ্যটন চাৰ্কিট উন্নয়ন সন্দৰ্ভত পৰ্যালোচনা বৈঠক’

মন্ত্ৰী সিন্ধিয়াই ত্ৰিপুৰাৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যক বিশ্বৰ আগত প্ৰদৰ্শনৰ দৃষ্টিভংগী গ্ৰহণত গুৰুত্ব আৰোপ কৰে

Posted On: 12 NOV 2025 5:48PM by PIB Guwahati

 

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সভাপতিত্বত অনুষ্ঠিত ত্ৰিপুৰাৰ ‘মাতাবাৰী পৰ্যটন চাৰ্কিট উন্নয়ন সম্পৰ্কীয় পৰ্যালোচনা বৈঠক’ত যোগদান কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক (ড°) মাণিক সাহাই।

https://static.pib.gov.in/WriteReadData/userfiles/image/image00142OP.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image002M4ND.jpg

বৈঠকত ত্ৰিপুৰাক সাংস্কৃতিক, আধ্যাত্মিক আৰু পৰিৱেশ পৰ্যটনৰ এক সজীৱ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে লোৱা পদক্ষেপসমূহৰ সন্দৰ্ভত বিশদ উপস্থাপন কৰা হয়। এই বৈঠকত আগৰতলা বিমানবন্দৰত আন্তঃৰাষ্ট্ৰীয় সংযোগ বৃদ্ধি, নীৰ মহল, টেপানিয়া, জাম্পুই পুৰা আৰু উদয়পুৰৰ দৰে প্ৰধান পৰ্যটন আকৰ্ষণসমূহৰ পুনৰ নিৰ্মাণ আৰু ব্যক্তিগত বিনিয়োগ আৰু বহনক্ষম উন্নয়ণৰ বাবে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি) আৰ্হিৰ জৰিয়তে ডম্বুৰ দ্বীপসমূহৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা হয়।

মন্ত্ৰীগৰাকীয়ে পৰ্যটন পৰিৱেশ তন্ত্ৰৰ ভিতৰত নিয়োগ আৰু দক্ষতা বিকাশ শক্তিশালী কৰিবলৈ, স্থানীয় পৰ্যটন গাইড আৰু আনুষংগিক সেৱাৰ দৰে সাতটা উলম্বত অসামৰিক সংৰক্ষণ স্থাপত্য আৰু সামৰ্থ্য বিকাশৰ একত্ৰীকৰণৰ গুৰুত্বতো আলোকপাত কৰে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image003WSW5.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image004PI8I.jpg

সিন্ধিয়াই বিষয়াসকলক বিশ্বৰ উত্তম পদ্ধতিসমূহ অধ্যয়ন কৰিবলৈ আহ্বান জনায় আৰু লক্ষদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু কেৱড়িয়াৰ সফল আৰ্হিৰ পৰা প্ৰেৰণা ল’বলৈ আহ্বান জনায়, দৰ্শনাৰ্থীসকলৰ বাবে যাতে এক সামগ্ৰিক, বিশ্বমানৰ পৰ্যটন অভিজ্ঞতা নিশ্চিত কৰিব পৰা যায়।

প্ৰতিখন ৰাজ্যক বিশ্ব পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ মন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰাৰ অপৰিসীম সম্ভাৱনাক উন্মুক্ত কৰি ইয়াৰ চহকী সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।

 

*****

Samrat/KB


(Release ID: 2189498) Visitor Counter : 3