উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
ভূপেনদাৰ শতবাৰ্ষিকীত সাংস্কৃতিক সম্প্ৰীতি উদযাপন কৰি জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে
উত্তৰ-পূবৰ বহুমুখী পৰিসৰৰ সাংস্কৃতিক ৰক্ষকক এই সন্মান প্ৰদান কৰা হয়
পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই নানহি চান ৰাষ্ট্ৰীয় ৰচনা প্ৰতিযোগিতাত ভাষণ দি যুৱক-যুৱতীসকলক এক উদাৰ আৰু সৰ্বাংগীন ভাৰত গঢ় দিবলৈ আহ্বান জনায়
प्रविष्टि तिथि:
03 NOV 2025 5:13PM by PIB Guwahati
কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াই আজি চাৰ্হাদ পুনেৰ উদ্যোগত গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে, আৰু পৰৱৰ্তী সময়ত নানহি চান দ্বাদশ ৰাষ্ট্ৰীয় ৰচনা প্ৰতিযোগিতাত ভাষণ প্ৰদান কৰে। দুয়োটা অনুষ্ঠানতে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য, উত্তৰ-পূবৰ ঐতিহ্য, আৰু ৰাষ্ট্ৰ নিৰ্মাণত মহিলা আৰু যুৱক-যুৱতীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাক উদযাপন কৰা হয়।

বঁটা প্ৰদান অনুষ্ঠানত ভাষণ প্ৰদান কৰি সিন্ধিয়াই ভূপেন হাজৰিকাক কবি, সংগীতজ্ঞ, আৰু ৰাষ্ট্ৰৰ কণ্ঠস্বৰ হিচাপে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, যাৰ কৰ্মই শিল্প আৰু ঐক্যক একত্ৰিত কৰিছিল। তেওঁ কয় যে ভূপেন দাৰ নামত বঁটা প্ৰদান কৰিলে কেৱল এজন শিল্পীয়েই নহয়, সহানুভূতি আৰু সাংস্কৃতিক সংশ্লেষণৰ এটা যুগকো সন্মান জনোৱা হয়। সাহিত্য, সংগীত, চলচ্চিত্ৰ, পাণ্ডিত্য, আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অঞ্চলটোৰ ছয়গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় — য়েশ্বে দৰ্জী থংচি (অৰুণাচল প্ৰদেশ), লাইশ্ৰম মেমা (মণিপুৰ), ৰজনী বসুমতাৰী (অসম), এলআৰ ছাইলো (মিজোৰাম), ড° সুৰ্য কান্ত হাজৰিকা (অসম), আৰু অধ্যাপক ডেভিদ আৰ শ্যেমলিহ (মেঘালয়)।


উত্তৰ-পূবৰ সৈতে তেওঁৰ গভীৰ ব্যক্তিগত সম্পৰ্কক স্মৰণ কৰি সিন্ধিয়াই এই বিষয়ে কয় যে কেনেকৈ অঞ্চলটোৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু ভূপেন দাৰ উত্তৰাধিকাৰ ইতিহাসৰ দৰেই আৱেগত শিপাই আছে। তেওঁ ভূপেন দাক “মোৰ জন্মভূমি মুম্বাই আৰু তেওঁৰ কৰ্মভূমি অসম”ৰ মাজৰ এখন সেতু বুলি অভিহিত কৰে, যাৰ সুৰ ভাৰতৰ সাংস্কৃতিক পটভূমিত চিৰন্তন হৈ আছে।
মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ সৈতে তেওঁৰ পৰিয়ালৰ দীৰ্ঘদিনীয়া বন্ধন — মমতাৰে খোদিত কৰা সম্পৰ্কৰ কথা কয়। ১৯৫০ চনত অসম আৰু অৰুণাচল প্ৰদেশ কঁপাই তোলা ভয়াৱহ ভূমিকম্পৰ পিছত তেওঁৰ ককা মহাৰাজা জীৱজীৰাও সিন্ধিয়াই অসম সাহায্য পুঁজি প্ৰতিষ্ঠা কৰি ৰাইজক সময়োপযোগী সাহায্য আৰু সংহতি প্ৰদান কৰিছিল। তেওঁ উল্লেখ কৰিছিল যে ভূপেন দাৰ জন্মস্থান শদিয়াক মচি পেলোৱা একেটা জলপ্লাৱনেও তেওঁৰ অমৰ গীতৰ জন্ম দিছিল যিয়ে যন্ত্ৰণাক কবিতালৈ আৰু হেৰুৱাক পোহৰলৈ ৰূপান্তৰিত কৰিছিল।
“ভূপেন দাৰ সংগীতৰ দৃঢ়তাই আমাক মনত পেলাই দিয়ে যে দুখতো গীত থাকে; ব্ৰহ্মপুত্ৰৰ দৰে মানৱ আত্মাই সদায় পুনৰ নিজৰ গতি বিচাৰি পায়,” সিন্ধিয়াই মন্তব্য কৰে।
ভূপেন দাৰ সংযোগ আৰু প্ৰগতিৰ দৃষ্টিভংগীৰ জীৱন্ত প্ৰমাণ হিচাপে ভূপেন হাজৰিকা সেতুৰ ওপৰতো তেওঁ আলোকপাত কৰে।
জাতীয় সংহতিৰ প্ৰসাৰ, সংঘাত প্ৰভাৱিত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ যত্ন লোৱা, চাৰ্হাদ মিউজিক আৰু ভূপেন হাজৰিকা মিউজিক ষ্টুডিঅ’ৰ দৰে সাংস্কৃতিক মঞ্চ স্থাপন কৰা, উত্তৰ-পূবৰ ছাত্ৰীৰ বাবে ছোৱালীৰ হোষ্টেল চলোৱাৰ বাবে চাৰ্হাদ পুনে আৰু ইয়াৰ প্ৰতিষ্ঠাপক সঞ্জয় নাহাৰক দশক দশক ধৰি কৰা কামৰ বাবে সিন্ধিয়াই প্ৰশংসা কৰে, যিবোৰ সহানুভূতি আৰু সমন্বয়ৰ মাজত শিপাই আছে।
পিছত মন্ত্ৰীগৰাকীয়ে নানহি চান ৰাষ্ট্ৰীয় ৰচনা প্ৰতিযোগিতাত ভাষণ প্ৰদান কৰে, য’ত সমগ্ৰ ভাৰতৰ ৫০,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। তেওঁ বিজয়ীসকলৰ সৈতে মত বিনিময় কৰি, তেওঁলোকৰ চিন্তাৰ স্পষ্টতা আৰু দেশপ্ৰেমমূলক মনোভাৱৰ প্ৰশংসা কৰে।



মহিলা সবলীকৰণ, পৰিৱেশ সুৰক্ষা, আৰু আন্তঃধৰ্মীয় সম্প্ৰীতিৰ ক্ষেত্ৰত কৰা কামৰ বাবে তেওঁ নানহি চান ফাউণ্ডেশ্যনক প্ৰশংসা কৰে। “বিকশিত ভাৰতৰ শক্তি” বিষয়বস্তুৰ ওপৰত চিন্তা-চৰ্চা কৰি সিন্ধিয়াই কয় যে ভাৰতৰ ভৱিষ্যত যে ভাৰতৰ যুৱক-যুৱতীসকলৰ আত্মবিশ্বাস, মমতা আৰু কৌতুহলৰ ওপৰত নিৰ্ভৰশীল সেই কথা ৰচনাসমূহে সোঁৱৰাই দিয়ে।


কন্যাই যেতিয়া নিজকে দৰ্শক হিচাপে নহয়, পৰিৱৰ্তনৰ স্থপতি হিচাপে চাব তেতিয়াই এক বিকশিত ভাৰতৰ প্ৰকৃত শক্তিৰ উন্মেষ ঘটিব বুলি পুনৰ উল্লেখ কৰি সিন্ধিয়াই স্বাধীনতা আন্দোলনৰ অসমৰ নায়িকা কনকলতা বৰুৱাৰ পৰা প্ৰেৰণা লৈ এই কথা উল্লেখ কৰে যে সাহস আৰু দৃঢ়তাই কোনো বয়স বা লিংগ নাজানে। তেওঁ জোৰ দি কয় যে বিকশিত ভাৰতৰ দিশত ভাৰতৰ এই পদযাত্ৰাই অদম্য গতি লাভ কৰিব যেতিয়া মহিলাৰ সহানুভূতি, দৃঢ়তা, আৰু নেতৃত্বৰ সৈতে যুৱ উদ্ভাৱন আৰু শক্তিৰ সংমিশ্ৰণ ঘটিব।
এমড’নাৰৰ ছ’চিয়েল মিডিয়া হেণ্ডেল
******
Samrat/Allen/AA
(रिलीज़ आईडी: 2185991)
आगंतुक पटल : 57