নতুন আৰু পুনঃনবীকৰণযোগ্য শক্তি মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীৰ অধ্যক্ষতাত উত্তৰ-পূৰ্বাঞ্চলৰ নবীকৰণযোগ্য শক্তি পৰিৱৰ্তন সম্পৰ্কীয় আঞ্চলিক কৰ্মশালা সম্পন্ন
প্ৰহ্লাদ যোশীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিশাল নবীকৰণযোগ্য শক্তি সম্ভাৱনাত গুৰুত্ব আৰোপ কৰে
মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নতুন ক্ষুদ্ৰ জল নীতি যুগুত কৰিব
অসম বিস্তৃত সংহত স্বচ্ছ শক্তি নীতি ঘোষণা কৰা ভাৰতৰ প্ৰথম ৰাজ্যসমূহৰ অন্যতম
অসমৰ ধুবুৰী, বৰপেটা আৰু হোজাইয়ে পিএমএছজি-এমবিৱাই ৰ অধীনত ছাদৰ ওপৰত সৌৰ পেনেল সংস্থাপনৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী জিলাৰ সন্মান লাভ কৰিছে
Posted On:
31 OCT 2025 8:35PM by PIB Guwahati
ভাৰত চৰকাৰৰ নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে (MNRE) গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অঞ্চলটোত নবীকৰণযোগ্য শক্তি পৰিৱৰ্তনক ত্বৰান্বিতকৰণৰ অৰ্থে নবীকৰণযোগ্য শক্তি সম্পৰ্কীয় আঞ্চলিক কৰ্মশালা অনুষ্ঠিত কৰে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে কৰ্মশালাখনি উদ্বোধন কৰে আৰু ইয়াত মন্ত্ৰালয়ৰ সচিব শ্ৰী সন্তোষ সাৰংগী, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ শক্তি মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
ইয়াত ভাষণ প্ৰদানেৰে শ্ৰীযোশীয়ে সৌৰ, ক্ষুদ্ৰ জল আৰু বাঅ’মাছ শক্তিৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বিশাল সম্ভাৱনাত গুৰুত্ব আৰোপেৰে ৰাজ্যসমূহক পিএম-সূৰ্য্য ঘৰঃ মুফ্ট বিজুলী যোজনা আৰু পিএম-কুসুমৰ দৰে আঁচনিসমূহ ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। চৰকাৰৰ সৰ্বাংগীন বিকাশত গুৰুত্ব আৰোপ কাৰ্য্যত আলোকপাতেৰে তেওঁ নবীকৰণযোগ্য শক্তি পদক্ষেপৰ জৰিয়তে ভাৰতৰ দ্ৰুত অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু অব্যাহত ৰূপান্তৰ সাধনৰ কথা উল্লেখ কৰে।
শ্ৰী যোশীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ৫৪,৫৪৫ ঘৰ পৰিয়াল পি এম-সূৰ্য্য ঘৰ যোজনাৰ অধীনত লাভৱান হৈছে বুলি উল্লেখেৰে ৰাজ্যসমূহক ইয়াৰ অভিযোজনা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। তেওঁ ৫.১ গিগাৱাট সংস্থাপিত ক্ষমতাৰে অঞ্চলটোৰ বিশাল ১২২ গিগাৱাট নবীকৰণযোগ্য শক্তি সম্ভাৱনাৰ কথা উল্লেখ কৰে। তেওঁ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত লাভ কৰা অগ্ৰগতিৰ বাবে অসমক প্ৰশংসা কৰে। অসম বিস্তৃত সংহত স্বচ্ছ শক্তি নীতি ঘোষণা কৰা ভাৰতৰ প্ৰথম ৰাজ্যসমূহৰ অন্যতম।
তেওঁ ঘোষণা কৰে যে মন্ত্ৰালয়ে শীঘ্ৰেই নতুন ক্ষুদ্ৰ জল নীতি প্ৰকাশ কৰিব। এই নীতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উপকাৰ সাধন কৰিব। মন্ত্ৰীজনে অঞ্চলটোৰ স্বচ্ছ শক্তি উন্নয়নৰ বাবে নীতিগত আৰু আৰ্থিক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে।
ইয়াত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, ছিকিম, মেঘালয় আৰু ত্ৰিপুৰাৰ ৰাজ্যিক শক্তি মন্ত্ৰীসকলে নবীকৰণযোগ্য শক্তি ৰূপায়ণৰ ক্ষেত্ৰত নিজ-নিজ ৰাজ্যৰ অগ্ৰগতি আৰু দেখা দিয়া প্ৰত্যাহ্বানৰাজি সম্পৰ্কে অৱগত কৰে। কৰ্মশালাখনত সেউজ হাইড্ৰজেন, বিকেন্দ্ৰীকৃত নবীকৰণযোগ্য শক্তি আৰু আঞ্চলিক সহযোগিতাক সুদৃঢ়কৰণৰ বাবে বিত্তীয় আৰ্হি সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীজনে পিএম-কুসুমৰ অধীনত ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশ তথা পিএম-সূৰ্য্য ঘৰৰ অধীনত অসম আৰু মিজোৰামৰ প্ৰচেষ্টাৰ শলাগ লৈ দৃষ্টান্তমূলক প্ৰদৰ্শনৰ বাবে একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ডিচকম, জিলা আৰু ভেণ্ডৰসকলকো ইয়াতে সম্বৰ্ধনা জনোৱা হয়।
উত্তৰ-পূৰ্বাঞ্চলৰ নবীকৰণযোগ্য শক্তি সম্ভাৱনাক ব্যৱহাৰেৰে অঞ্চলটোৰ এক বহনক্ষম, শক্তি-সুৰক্ষিত ভৱিষ্যৎ নিশ্চিতকৰণৰ অৰ্থে কেন্দ্ৰ, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখন আৰু উদ্যোগৰ অংশীদাৰসকলৰ মাজত অধিক সহযোগিতাৰ আহ্বানেৰে কৰ্মশালাখনিৰ সামৰণি পৰে।




PG/BM/SB
***
(Release ID: 2184968)
Visitor Counter : 22