প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল জিলাত সংঘটিত এটা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পিএমএনআৰএফৰ পৰা প্ৰধানমন্ত্ৰীৰ এককালীন সাহায্য ঘোষণা
Posted On:
24 OCT 2025 9:02AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল জিলাত সংঘটিত এটা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক্সত পোষ্ট কৰি কৰেঃ
"অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল জিলাত সংঘটিত এটা দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিত অত্যন্ত দুখিতঃ হৈছো। এই কঠিন সময়ত মোৰ সমবেদনা তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।
প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব।"
"অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল জিলাত সংঘটিত এটা দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানি অতি দুখঃজনক। মই এই কঠিন সময়ত ক্ষতিগ্ৰস্ত লোকসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো লগতে আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। পিএমএনআৰএফৰ পৰা নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। PM @narendramodi"
***
MJPS/SR/MK
(Release ID: 2182274)
Visitor Counter : 4
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam