শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
azadi ka amrit mahotsav

কৰ্মচাৰীৰ সামাজিক সুৰক্ষা ক’ভাৰেজ সম্প্ৰসাৰণৰ বাবে চৰকাৰে কৰ্মচাৰী অন্তৰ্ভুক্তি অভিযান, ২০২৫-ৰ শুভাৰম্ভ কৰে

২০২৫-ৰ ১ নৱেম্বৰৰ পৰা ২০২৬-ৰ ৩০ এপ্ৰিললৈকে এই আঁচনি কাৰ্য্যকৰী হ’ব

এই অভিযানে সামাজিক সুৰক্ষাৰ অধীনত কৰ্মচাৰীৰ অন্তৰ্ভুক্তি বৃদ্ধি আৰু নিয়োগকৰ্তাসকলক অতীতৰ ৰেকৰ্ডসমূহ নিয়মীয়াকৰণত সহায় কৰিব

प्रविष्टि तिथि: 13 OCT 2025 2:00PM by PIB Guwahati

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ইপিএফঅ’-ৰ জৰিয়তে গৰিষ্ঠ সংখ্যক শ্ৰমিকক সংগঠিত সামাজিক সুৰক্ষাৰ পৰিসৰৰ অধীনলৈ আনিবলৈ এক উল্লেখযোগ্য পদক্ষেপ ‘কৰ্মচাৰী অন্তৰ্ভুক্তি অভিযান, ২০২৫’ (EEC 2025)-ৰ শুভাৰম্ভণিৰ কথা ঘোষণা কৰিছে। ২০২৫-ৰ ১ নৱেম্বৰৰ পৰা ২০২৬-ৰ ৩০ এপ্ৰিললৈকে এই আঁচনি কাৰ্য্যকৰী হ’ব। আঁচনিখন হৈছে মন্ত্ৰালয়ৰ এক নিৰন্তৰ প্ৰচেষ্টা। ২০০৯-ৰ পৰা ২০১৬-লৈকে বাদ পৰি ৰোৱা যোগ্য কৰ্মচাৰীসকলক অন্তৰ্ভুক্তিৰ বাবে ২০১৭-ত সফল অনুৰূপ অন্তৰ্ভুক্তি অভিযান সম্পন্নৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই অভিযানৰ উদ্দেশ্য হৈছে ইতিমধ্যে পঞ্জীয়নভুক্ত আৰু কৰ্মচাৰী ভৱিষ্য পুঁজি তথা বিবিধ বিধান আইন, ১৯৫২-ৰ আউটিলৈ নতুনকৈ অহা নিয়োগকৰ্তাসকলক স্বেচ্ছাই যোগ্য কৰ্মচাৰীসকলক ঘোষণা আৰু অন্তৰ্ভুক্ত কৰিবলৈ উৎসাহিত কৰা। নিয়োগকৰ্তাই বৰ্তমানৰ সকলো কৰ্মচাৰীকে অন্তৰ্ভুক্ত কৰিব পাৰে, যিসকলে ২০১৭-ৰ ১ জুলাইৰ পৰা ২০২৫-ৰ ৩১ অক্টোবৰৰ ভিতৰত সংশ্লিষ্ট প্ৰতিষ্ঠানত যোগদান কৰিছিল।

এক বৃহৎ সকাহস্বৰূপে বিগত সময়ছোৱাৰ বাবে (১ জুলাই, ২০১৭-ৰ পৰা ৩১ অক্টোবৰ, ২০২৫-লৈকে) প্ৰভিডেন্ট ফাণ্ডৰ বৰঙণিৰ কৰ্মচাৰীজনৰ অংশ ৰেহাই দিয়া হ’ব, যদিহে ইয়াক কৰ্মচাৰীজনৰ মজুৰিৰ পৰা কৰ্তন কৰা হোৱা নাছিল।

কৰ্মচাৰী পেঞ্চন আঁচনি, ১৯৯৫-ৰ অধ্যায় ৭ক-ৰ অধীনত বা আঁচনিখনৰ ২৬খ অনুচ্ছেদৰ অধীনত বা অনুচ্ছেদ ৮-ৰ অধীনত কোনো প্ৰতিষ্ঠান অনুসন্ধানৰ মুখামুখি হ’লেও সকলো প্ৰতিষ্ঠানেই প্ৰস্তাৱিত আঁচনিখনত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে।

ইইচি, ২০২৫-ৰ অধীনত পঞ্জীয়ন কৰা বা ইইচি, ২০২৫-ৰ অধীনত অতিৰিক্ত কৰ্মচাৰী ঘোষণা কৰা সকলো নিয়োগকৰ্তাই প্ৰধানমন্ত্ৰী-বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত কেতবোৰ চৰ্ত-সাপেক্ষে সুবিধা লাভৰ যোগ্যতা অৰ্জন কৰিব।

নিয়োগকৰ্তাই ইপিএফঅ’-এ আগবঢ়োৱা অনলাইন সুবিধাৰ জৰিয়তে ঘোষণা কৰিব লাগিব, য’ত নিয়োগকৰ্তাই অন্তৰ্ভুক্ত কৰা কৰ্মচাৰীসকলৰ সবিশেষ উল্লেখ কৰিব লাগিব আৰু ইয়াক ইলেক্ট্ৰনিক চালান-ও-ৰিটাৰ্ণ (অস্থায়ী ৰিটাৰ্ণ ৰেফাৰেন্স নম্বৰ)-ৰ সৈতে সংযোগ কৰিব লাগিব।

চৰকাৰে এই অভিযানে কৰ্মচাৰীসকলৰ সামাজিক সুৰক্ষা ক’ভাৰেজৰ অধীনত অন্তৰ্ভুক্তি বৃদ্ধি কৰিব আৰু নিয়োগকৰ্তাসকলে ন্যূনতম আৰ্থিক/আইনী বোজাৰে তেওঁলোকৰ অতীতৰ অভিলেখ নিয়মীয়াকৰণ কৰিব পাৰিব তথা ইজ অৱ ডুয়িং বিজনেছ প্ৰশস্ত কৰিব বুলি আশা কৰিছে।

*****

Rini Choudhury/SB
 


(रिलीज़ आईडी: 2178730) आगंतुक पटल : 36
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Tamil , Malayalam