PIB Headquarters
অৰুণাচল প্ৰদেশত কৃষক, কলা-কুশলী আৰু এম এছ এম ইৰ সবলীকৰণৰ উদ্দেশ্যে জি এছ টি হ্ৰাস
प्रविष्टि तिथि:
09 OCT 2025 12:15PM by PIB Guwahati
গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ
অৰুণাচল প্ৰদেশত, মূল কৃষি, উদ্যান শস্য, প্ৰসংস্কৰণ আৰু কাৰিকৰী সামগ্ৰীৰ ওপৰত জিএছটি ১২-১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস পাইছে, যাৰ ফলত এই সামগ্ৰীসমূহৰ মূল্য ৬-১১ শতাংশ হ্ৰাস পাইছে আৰু প্ৰত্যক্ষভাৱে উৎপাদকসকল অধিক লাভান্বিত হৈছে।
অৰুণাচল প্ৰদেশৰ ৭০ শতাংশতকৈও অধিক জনসংখ্যা কৃষিৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে জিএছটি হ্ৰাসে ৰাজ্যখনৰ কমলা, কিৱি আৰু আদি কেকিৰ আদাৰ দৰে সামগ্ৰীসমূহক ঘৰুৱাভাৱে আৰু বিশ্বব্যাপী অধিক সুলভ আৰু প্ৰতিযোগিতামূলক কৰি তুলিছে।
বিস্কুটৰ ক্ষেত্ৰত জিএছটি ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস হোৱাৰ লগে লগে ইয়াৰ মূল্য ~১১ শতাংশ হ্ৰাস পাইছে, আনহাতে আচাৰৰ মূল্য ৭ শতাংশ হ্ৰাস পাইছে।
পাতনি
জিএছটিৰ শেহতীয়া সংস্কাৰে অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাৰ ওপৰত কৰৰ বোজা যথেষ্ট পৰিমাণে হ্ৰাস কৰিছে, যাৰ ফলত সেইসমূহ গ্ৰাহকৰ বাবে অধিক সুলভ হৈ পৰিছে। এই সংস্কাৰৰ লক্ষ্য হৈছে মূল খণ্ডসমূহত ব্যয় হ্ৰাস কৰি গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰা, ঘৰুৱা উদ্যোগসমূহৰ প্ৰতিযোগিতা বৃদ্ধি কৰা আৰু সামগ্ৰিক অৰ্থনৈতিক বিকাশক চালিত কৰা এক প্ৰভাৱ সৃষ্টি কৰা। ভাৰতৰ আটাইতকৈ দূৰৱৰ্তী উত্তৰ-পূবৰ ৰাজ্য অৰুণাচল প্ৰদেশো এই সংস্কাৰৰ পৰা লাভান্বিত হ'ব।
কৰ হ্ৰাসে অৰুণাচল প্ৰদেশৰ কৃষি আধাৰ শক্তিশালী কৰাৰ লগতে আৰ্থ-সামাজিক প্ৰগতি আগুৱাই নি উন্নয়নৰ অগ্ৰাধিকাৰসমূহক সমৰ্থন কৰে। ইয়াৰ জনসংখ্যাৰ ৭০ শতাংশতকৈও অধিক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে ৰাজ্যখনৰ পৰম্পৰাগত হস্তশিল্পৰ ঘৰুৱা আৰু বিশ্বব্যাপী তীব্ৰ চাহিদা দেখা যায়। অন্যান্য বিশিষ্ট খণ্ডসমূহৰ ভিতৰত আছে বাঁহ-বেত, কাঠৰ খোদাই আৰু উদ্যান পালন আদি। এই গুৰুত্বপূৰ্ণ খণ্ডসমূহক অধিক ব্যয়-প্ৰতিযোগিতামূলক কৰি তোলাৰ জৰিয়তে, জিএছটি সংস্কাৰে চাহিদা বৃদ্ধি, বজাৰৰ প্ৰৱেশাধিকাৰৰ সম্প্ৰসাৰণ, ৰপ্তানি সমৰ্থন আৰু অৰুণাচল প্ৰদেশৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ সাজু হৈছে।
কৃষি আৰু উদ্যান পালন (ফল আৰু শস্য)
উত্তৰ-পূবৰ সৰ্ববৃহৎ ৰাজ্য অৰুণাচল প্ৰদেশ প্ৰধানকৈ কৃষিভিত্তিক আৰু প্ৰাকৃতিক সম্পদ আৰু বিভিন্ন কৃষি-জলবায়ু অঞ্চলৰে সমৃদ্ধ। কৃষি ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়নৰ কৌশলৰ আধাৰশিলা হৈ আছে। শেহতীয়াকৈ গুৰুত্বপূৰ্ণ কৃষি আৰু উদ্যানজাত সামগ্ৰীৰ ওপৰত জিএছটি হ্ৰাস-মূলতঃ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস হোৱাৰ ফলত ৰাজ্যখনৰ উৎপাদিত সামগ্ৰীসমূহ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰতে অধিক সুলভ আৰু প্ৰতিযোগিতামূলক হৈ পৰিছে। এই কৰ ৰেহাই কেৱল উৎপাদন আৰু বিপণন ব্যয় হ্ৰাস কৰাই নহয় বৰঞ্চ চাহিদা উদ্দীপিত কৰে, বিক্ৰী বৃদ্ধি কৰে আৰু ৰপ্তানিৰ সম্ভাৱনা বৃদ্ধি কৰে-যি অৰুণাচল প্ৰদেশৰ অৰ্থনীতিৰ মেৰুদণ্ড গঠন কৰা কৃষক সম্প্ৰদায়ক পোনপটীয়াকৈ উপকৃত কৰে।
অৰুণাচল কমলা আৰু প্ৰসংস্কৰণ সামগ্ৰী
অৰুণাচল প্ৰদেশত ৱাকৰো (লোহিত), ডাম্বুক (ল’ৱাৰ দিবাং), পূব ছিয়াং আৰু টাৱাঙৰ দৰে অঞ্চলসমূহে জি আই-টেগ লাভ কৰা অৰুণাচল কমলা উৎপাদন কৰে, যি উচ্চ টিএছএছ আৰু অম্লতাৰ পৰা পৃথক মিঠা-টেঙা সোৱাদৰ লগতে প্ৰসংস্কৰণমূলক খাদ্য-সামগ্ৰী যেনে- শুকান চাইট্ৰাছ, ফলৰ ৰস আৰু জাম/জেলী আদিৰ বাবে জনাজাত। প্ৰায় ৩০,০০০-৪০,০০০ পৰিয়ালে ১৫,৯৭১ হেক্টৰ কৃষিভূমি এই খণ্ডটোৰ ওপৰত নিৰ্ভৰ কৰে আৰু ২০২২-২৩ (ফাৰ্ম-গেট মূল্যঃ ৫০১ কোটি টকা)ত ৬২,৬৩৩ নিযুত টন (এম টি) উৎপাদন কৰে। কীটৰ আক্ৰমণ, শ্ৰমিকৰ অভাৱ আৰু সীমিত শীতল ভাণ্ডাৰৰ দৰে প্ৰত্যাহ্বান সত্বেও ই হাজাৰ হাজাৰ জনজাতীয় পৰিয়ালৰ বাবে মূল জীৱিকা হৈ আছে।
২০১৮ চনত ডুবাইলৈ ১ মেট্ৰিক টনৰ সৈতে ৰপ্তানি আৰম্ভ হৈছিল আৰু এ পি ই ডি এ (কৃষি আৰু প্ৰসংস্কৰণ খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষ)ই ইউ এ ই, ভূটান আৰু আছিয়ান ৰাষ্ট্ৰসমূহলৈ ৰপ্তানি বৃদ্ধি কৰে (দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংগঠন, বৰ্তমানৰ সদস্যসকল হৈছে- ব্ৰুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম)।
ফলৰ ৰস আৰু জামৰ ওপৰত থকা জি এছ টি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ ফলত এইসমূহৰ মূল্য ৬.৫ শতাংশ হ্ৰাস পাইছে (১০০ টকাৰ ফলৰ ৰসৰ বাবে মূল্য ১১২ টকাৰ পৰিবৰ্তে ১০৫ টকা), খাদ্য প্ৰসংস্কৰণক সমৰ্থন কৰে, শস্য চপোৱাৰ পৰৱৰ্তী পৰ্যায়ৰ লোকচান হ্ৰাস কৰে আৰু প্ৰতিযোগিতা বৃদ্ধি কৰে।
অৰুণাচল কিৱি আৰু প্ৰসংস্কৰণ সামগ্ৰী
অৰুণাচল প্ৰদেশ হৈছে ৰাষ্ট্ৰীয় উৎপাদনৰ ৫০ শতাংশতকৈও অধিক উৎপাদনেৰে ভাৰতৰ সৰ্ববৃহৎ কিৱি উৎপাদক। ৰাজ্যখনে ২০২২-২৩ত ৪,৪৯২ মেট্ৰিক টন কিৱি উৎপাদন কৰিছিল (কৃষি মূল্য ৬৭.৪ কোটি টকা)। ৰাজ্যখনত ভাৰতৰ প্ৰথমটো প্ৰমাণিত জৈৱিক আৰু জিআই-টেগ লাভ কৰা কিৱি আছে, যিসমূহ মূলতঃ জিৰো উপত্যকা (ল’ৱাৰ সোৱণশিৰি), পশ্চিম কামেং, টাৱাং, চি-ইয়োমি, কামলে আৰু পাপুমপাৰেত উৎপাদন কৰা হয়। কিৱি আৰু প্ৰসংস্কৰণ কিৱি সামগ্ৰী যেনে জাম, সংৰক্ষণ আৰু ফলৰ পানীয়সমূহ নাৰা আৱা ৱাইনৰীয়ে প্ৰত্যক্ষভাৱে কৃষকসকলৰ পৰা আহৰণ কৰে। জনজাতীয় ক্ষুদ্ৰ কৃষকসকলে উৎপাদন চালিত কৰে আৰু তেওঁলোক ৰাজ্যখনৰ কিৱি মিছন ২০২৫ৰ সৈতে জড়িত। লক্ষণীয়ভাৱে অৰুণাচল প্ৰদেশে ১৩ খন জিলাত কৃষি সম্প্ৰসাৰণ কৰাৰ লক্ষ্য লৈছে। এই খণ্ডটোৱে হাজাৰ হাজাৰ পৰিয়ালক জীৱিকা প্ৰদান কৰে, আনহাতে ডুবাইত এ পি ই ডি এৰ সফল বজাৰ পৰীক্ষাই শক্তিশালী ৰপ্তানি সম্ভাৱনাৰ সংকেত দিয়ে।
কিৱি আৰু প্ৰসংস্কৰণমূলক খাদ্য-সামগ্ৰীৰ ওপৰত শেহতীয়াকৈ জিএছটি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস হোৱাৰ ফলত মূল্য ৬.৫ শতাংশ হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত এম এছ এম ইৰ অংশগ্ৰহণ বৃদ্ধি, মূল্য সংযোজনত সহায়, আৰু কিৱি মিছন ২০২৫ৰ উদ্দেশ্যসমূহ শক্তিশালী কৰি তোলা হৈছে।
Large Cardamom
ডাঙৰ ইলাচী
পূব হিমালয়ৰ আগশাৰীৰ মচলা ডাঙৰ ইলাচী উচ্চ মূল্যৰ শস্য আৰু অৰুণাচল প্ৰদেশৰ মিছমি জনজাতিৰ অৰ্থনৈতিক মেৰুদণ্ড হিচাপে বিবেচিত। অঞ্জাৱ (সৰ্ববৃহৎ উৎপাদক), পূব আৰু উচ্চ ছিয়াং, সোৱণশিৰি, টিৰাপ আৰু চাংলাং জিলাত কৰা ইয়াৰ খেতিয়ে হাজাৰ হাজাৰ কৃষকক প্ৰাথমিক জীৱিকা প্ৰদান কৰে। ২০২১-২২ত ৰাজ্যখনে ২১১-২৩৭ কোটি টকা মূল্যৰ ১,৬৯৫ মেট্ৰিক টন ডাঙৰ ইলাচি উৎপাদন কৰিছিল। আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰতি কিলোগ্ৰামত ১০ৰ পৰা ১৩ আমেৰিকান ডলাৰৰ পৰা আৰম্ভ কৰি ভাৰত এইক্ষেত্ৰত বিশ্বত গুৰুত্বপূৰ্ণ ৰপ্তানিকাৰী হৈ আছে।
মচলাৰ ওপৰত জিএছটি ৫ শতাংশ হৈ থকাৰ বিপৰীতে শেহতীয়াকৈ ট্ৰেক্টৰ আৰু সা-সৰঞ্জামৰ দৰে কৃষিজাত সামগ্ৰীৰ ওপৰত জিএছটিৰ হাৰ ১২-১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ ফলত ব্যয় ৭-১৩ শতাংশ হ্ৰাস পাইছে, যাৰ ফলত বৃহৎ ইলাচী উৎপাদকসকল অধিক লাভান্বিত হৈছে।
আদি কেকিৰ আদা
জিআই-টেগ লাভ কৰা অৰুণাচল প্ৰদেশৰ আদি কেকিৰ আদা ইয়াৰ বিশেষ আকাৰ আৰু সুগন্ধৰ বাবে মূল্যৱান। পূব আৰু আপাৰ ছিয়াং জিলাৰ আদি কৃষকসকলৰ দ্বাৰা প্ৰাথমিকভাৱে খেতি কৰা এই আদা আচাৰ আৰু মিঠাই উৎপাদনত নিয়োজিত ক্ষুদ্ৰ পৰিয়াল আৰু আত্মসহায়ক গোটবোৰক (এছ এইচ জি) ৰক্ষণাবেক্ষণ দিয়ে। উৎকৃষ্ট মান আৰু সাংস্কৃতিক গুৰুত্ব দুয়োটাৰে বাবে ই মূল্যৱান আৰু এই থলুৱা মছলাবিধে এতিয়া ৰপ্তানিৰ সম্ভাৱনা বৃদ্ধি কৰিছে, যি ২০২৪ চনত ইয়াৰ জিআই স্বীকৃতিৰ দ্বাৰা শক্তিশালী হৈছে।
আদাৰ প্ৰসংস্কৰণমূলক প্ৰকাৰসমূহৰ ওপৰত জিএছটিৰ হাৰ শেহতীয়া সংস্কাৰৰ পাছত ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে-আচাৰৰ মূল্য প্ৰায় ৭ শতাংশ হ্ৰাস পোৱাৰ লগতে আত্মসহায়ক গোট আৰু ক্ষুদ্ৰ উৎপাদনকাৰীসকলৰ লাভ অধিক হৈছে।
দুগ্ধজাত সামগ্ৰী-য়াক চুৰপি (চীজ)
য়াক চুৰপি হৈছে জিআই-টেগ লাভ কৰা একপ্ৰকাৰৰ হিমালয়ান চীজ আৰু ইয়াক পৰম্পৰাগতভাৱে অৰুণাচল প্ৰদেশৰ টাৱাং আৰু পশ্চিম কামেং জিলাৰ য়াক-হেৰ্ডিং ব্ৰকপা আৰু মনপা সম্প্ৰদায়ৰ লোকসকলে উৎপাদন কৰে। ১,২০০ য়াক পশুপালকৰ উপাৰ্জন প্ৰাথমিকভাৱে এই দুগ্ধ উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰ’বায়’টিক সমৃদ্ধ এই চীজে থলুৱা প্ৰধান খাদ্য আৰু জনপ্ৰিয় পৰ্যটন জলপান হিচাপে সেৱা আগবঢ়াই আহিছে।
জিএছটি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস হোৱাৰ ফলত য়াক চুৰপিৰ মূল্য ৭ শতাংশ হ্ৰাস হৈছে, যাৰ ফলত চাহিদা বৃদ্ধি আৰু স্থানীয় পশুপালকসকলৰ জীৱিকা বৃদ্ধিত সহায় হৈছে।
বস্ত্ৰ আৰু হস্তশিল্প
অৰুণাচল প্ৰদেশত ২০ টাতকৈও অধিক প্ৰধান জনজাতি আছে, প্ৰতিটো অনন্য পৰম্পৰা, কাৰুশিল্প আৰু শৈল্পিক ঐতিহ্যৰ বাবে জনাজাত। অঞ্চলটোৰ প্ৰচুৰ প্ৰাকৃতিক সম্পদৰ পৰা আহৰণ কৰি শিল্পীসকলে দীৰ্ঘদিন ধৰি দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী যেনে- বোৱা বস্ত্ৰৰ পৰা আৰম্ভ কৰি বাঁহ-বেতৰ শিল্প, খৰাহী, কাৰ্পেট আৰু আচবাবলৈকে সৃষ্টি কৰি আহিছে। ইয়াৰ বিখ্যাত হস্ততাঁতসমূহৰ ভিতৰত আছে মিছমি আৰু শ্বেৰডুকপেন শ্বল। সমানেই উল্লেখযোগ্য হৈছে অৰুণাচল প্ৰদেশৰ কাৰ্পেট, যিয়ে তেওঁলোকৰ মান আৰু কাৰুশিল্পৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি অৰ্জন কৰিছে।
ইডু মিছমি বস্ত্ৰশিল্প
ইডু মিশ্মী জনজাতিৰ মহিলাসকলে ইডু মিছমি বস্ত্ৰ উৎপাদনৰ জৰিয়তে তেওঁলোকৰ সমৃদ্ধ বয়ন ঐতিহ্য সংৰক্ষণ কৰে, যি মূলতঃ দিবাং উপত্যকা আৰু ল’ৱাৰ দিবাঙত পৌৰাণিক প্ৰতীকবাদৰ দ্বাৰা অনুপ্রাণিত জ্যামিতিক আৰ্হিৰ বাবে জনাজাত। এই শিল্পই অৰুণাচল প্ৰদেশৰ মুঠ ৯৪,০০০ কাৰুশিল্পীৰ ভিতৰত ১,০০০ শিল্পীক জীৱিকা প্ৰদান কৰে। এই বস্ত্ৰবোৰ প্ৰদৰ্শনী আৰু এম্প’ৰিয়াত বিক্ৰী কৰা হয় যদিও যন্ত্ৰ-নিৰ্মিত বস্ত্ৰৰ সৈতে প্ৰতিযোগিতাৰ সন্মুখীন হয়। যদিও বৰ্তমানৰ ৰপ্তানি তেনেই কম, তথাপি জিআই স্বীকৃতিয়ে (২০১৪) ভৱিষ্যতৰ বজাৰ বিকশিত কৰাৰ সম্ভাৱনা প্ৰদান কৰে।
শেহতীয়াকৈ জিএছটি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাটো এক গুৰুত্বপূৰ্ণ দিশ। ৮,০০০ টকাৰ শ্বলত জিএছটি ৫৬০ টকা হ্ৰাস পায়-শিল্পীসকলৰ বাবে লাভৰ পৰিমাণ বৃদ্ধি কৰে আৰু এই পৰম্পৰাগত শিল্পৰ স্থায়িত্বক সমৰ্থন কৰে।
হস্তনিৰ্মিত কাৰ্পেট (মনপা/শ্বেৰডুকপেন/তিব্বতীয়)
অৰুণাচল প্ৰদেশত বৌদ্ধ সম্প্ৰদায় (মনপা আৰু শ্বেৰডুকপেন) আৰু টাৱাং, পশ্চিম কামেং, চাংলাং আৰু আপাৰ চিয়াঙৰ তিব্বতী শৰণাৰ্থীসকলে হস্তনিৰ্মিত কাৰ্পেট তৈয়াৰ কৰে। উদ্যোগটোৱে লাহৌ ক্লাষ্টাৰত ১০১ গৰাকী কাৰুশিল্পীক নিযুক্তি প্ৰদান কৰে আৰু অন্যান্য কেন্দ্ৰবোৰত কেইবাশ শিল্পীক নিযুক্তি প্ৰদান কৰে। প্ৰায়ে এম্প’ৰিয়া আৰু পৰ্যটন বজাৰত বিক্ৰী কৰা এই কাৰ্পেটবোৰত বৌদ্ধ আৰ্হিকে ধৰি পৰম্পৰাগত ডিজাইন থাকে, যিবোৰে ভাৰতৰ বৃহৎ কাৰ্পেট বজাৰৰ ভিতৰত উল্লেখযোগ্য ৰপ্তানিৰ সম্ভাৱনা বৃদ্ধি কৰে। এই কাৰ্য্যকৰী, পৰম্পৰাগত কাৰ্পেটসমূহৰ মূল প্ৰকাৰসমূহ হ’ল খাতান আৰু মাকচু-মাকটান।
শেহতীয়া জিএছটি সংস্কাৰে এই খণ্ডত এক উৎসাহজনক প্ৰভাৱ পেলাইছে- ২০,০০০ টকাৰ কাৰ্পেটত ১,৪০০ টকাৰ কৰ হ্ৰাসৰ ফলত প্ৰত্যক্ষভাৱে মহিলা শিল্পীসকলৰ উপাৰ্জন বৃদ্ধি হোৱাৰ লগতে এই ঐতিহ্য শিল্পৰ স্থায়িত্বৰ সম্ভাৱনা বৃদ্ধি কৰিছে।
বাঁহ-বেতৰ আচবাব/কাৰুশিল্প
অৰুণাচল প্ৰদেশত বাঁহ-বেতৰ আচবাব আৰু কাৰুশিল্পসমূহ প্ৰধানকৈ আদি, অপাটানি, নিশ্বি, মিছমি, নকটেছ আৰু ৱানচোছকে ধৰি প্ৰধান জনজাতীয় সম্প্ৰদায়ৰ পুৰুষ শিল্পীসকলে প্ৰস্তুত কৰে। হাজাৰ হাজাৰ কাৰুশিল্পীয়ে ঘৰুৱা ব্যৱহাৰ আৰু বজাৰৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰে। এটা উল্লেখযোগ্য উদাহৰণ হ’ল- ল’ৱাৰ দিবাং উপত্যকাত থকা ৫০০ ফুট উচ্চতাৰ আদি বাঁহৰ দলং। ৰাজ্যখনে বাঁহ সম্পদৰ দ্বাৰা প্ৰচুৰ লাভান্বিত হয়। ভাৰতে বাঁহৰ আচবাব ৰপ্তানি কৰি আহিছে আৰু ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰতে অৰুণাচলৰ কাৰুকাৰ্য্যৰ আৰ্হিৰ যথেষ্ট সম্ভাৱনা আছে।
শেহতীয়াকৈ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ জিএছটি হ্ৰাসে ক্ৰেতাৰ বাবে ব্যয় যথেষ্ট হ্ৰাস কৰিছে আৰু প্ৰতিযোগিতা বৃদ্ধি কৰিছে। উদাহৰণস্বৰূপে এই পৰম্পৰাগত শিল্প খণ্ডত এমএছএমইৰ বিকাশক উৎসাহিত কৰাৰ লগতে ১০,০০০ টকাৰ এটা আচবাবৰ ছেটৰ মূল্য ৬২৫ টকা হ্ৰাস হৈছে, যাৰ ফলত সামগ্ৰীবোৰ অধিক সুলভ হোৱাৰ লগতে চাহিদা বৃদ্ধি হৈছে আৰু শিল্পীসকল অধিক লাভান্বিত হৈছে।
কাঠৰ কাৰুকাৰ্য্য আৰু মুখা
টাৱাং আৰু পশ্চিম কামেং (মনপা আৰু শ্বেৰডুকপেন জনজাতি) আৰু টিৰাপ আৰু লংডিং (ৱাঞ্চো জনজাতি)ত পুৰুষ শিল্পীসকলে কাঠৰ কাৰুকাৰ্য্য কৰে, যাৰ ভিতৰত আছে ৰীতি-নীতিৰ সামগ্ৰী, মুখা আৰু পাইপ। ৱানচো কাৰুকাৰ্য্যবোৰ মূৰ-চিকাৰৰ পৰম্পৰাৰ সৈতে জড়িত, আনহাতে মনপা মুখাবোৰ বৌদ্ধ ৰীতি-নীতিৰ অবিচ্ছেদ্য অংগ। এই খণ্ডটোৱে কেইবাহাজাৰ শিল্পী নিয়োগ কৰে, ইয়াৰ অধিকাংশই কেভিআইচি (খাদী আৰু গ্ৰাম্য উদ্যোগ আয়োগ)ৰ পৰা প্ৰশিক্ষণ আৰু সমৰ্থন লাভ কৰে। স্মাৰক আৰু পৰ্যটন বজাৰত মুখা ২,১০০-২,৫০০ টকাত বিক্ৰী হয়, য’ত প্ৰাচীন সামগ্ৰীৰ মূল্য অধিক হয়। যদিও বৰ্তমান ৰপ্তানিৰ পৰিমাণ সীমিত, জনজাতীয় কলাই আন্তঃৰাষ্ট্ৰীয় বজাৰতো সম্ভাৱনা বহন কৰে।
শেহতীয়া জিএছটি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ ফলত উদ্যোগটোক আৰু অধিক সহায় কৰিছে-১৫,০০০ টকাৰ মুখাৰ ওপৰত, ১,০৫০ টকাৰ কৰ সঞ্চয়ৰ ফলত সামগ্ৰীবোৰ অধিক সুলভ হোৱাৰ লগতে পৰ্যটকৰ বিক্ৰী বৃদ্ধি পাইছে আৰু শিল্পীসকলৰ উপাৰ্জন উন্নত হৈছে।
মনপা হস্তনিৰ্মিত কাগজ (মন শুগু)
টাৱাংৰ মনপা শিল্পীসকলে বৌদ্ধ শাস্ত্ৰীয় ঐতিহ্য সংৰক্ষণৰ বাবে কেভিআইচিৰ সহায়ত পুনৰুজ্জীৱিত কৰা এক প্ৰাচীন ছালৰ কাগজ মনপা হস্তনিৰ্মিত কাগজ প্ৰস্তুত কৰে। কাগজখন মঠ আৰু পৰ্যটকসকলক প্ৰতি টুকুৰাত ৫০ টকাত বিক্ৰী কৰা হয়। যাৰ ভিতৰত বৰ্তমান ১২ গৰাকী মহিলাকে ধৰি ১৪ গৰাকী কাৰুশিল্পী এই শিল্পত নিয়োজিত হৈ আছে আৰু তেওঁলোকে স্থানীয় যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত পৰিবেশ অনুকূল কাগজৰ চাহিদা বৃদ্ধি পাইছে।
শেহতীয়া ১২ শতাংশৰ পৰা ৫ শতাংশলৈ জিএছটি হ্ৰাসে প্ৰতিযোগিতামূলক ক্ষমতা অধিক বৃদ্ধি কৰিছে-৫০০ টকাৰ গোটত ৩৫ টকাৰ কৰ সঞ্চয়ৰ ফলত সামগ্ৰীবিধ অধিক সুলভ আৰু বিপণনযোগ্য হৈ পৰিছে।
প্ৰসংস্কৰণমূলক খাদ্য আৰু এমএছএমই
অৰুণাচল প্ৰদেশত মহিলা আত্মসহায়ক গোট আৰু যুৱ-নেতৃত্বাধীন ষ্টাৰ্টআপসমূহে খাদ্য প্ৰসংস্ককৰণত সক্ৰিয়ভাৱে জড়িত হৈ আছে আৰু মূলতঃ ইটানগৰ, পাছিঘাট, অঞ্জাৱ আৰু নামচাইৰ কেন্দ্ৰসমূহে বিস্কুট, নমকিন আৰু চছৰ দৰে সামগ্ৰী উৎপাদন কৰে। এই খণ্ডত ৬৩২ টা পঞ্জীয়নভুক্ত এমএছএমই আছে, যিয়ে ৪,৫৯১ গৰাকী লোকক নিযুক্তি প্ৰদান কৰাৰ লগতে ৪১,০৬৯ গৰাকীৰ এক বিস্তৃত অনানুষ্ঠানিক কৰ্মশক্তি আছে। উদ্যোগটোৱে জৈৱিক কৃষিজাত সামগ্ৰীৰ পৰাও লাভান্বিত হয়, স্থানীয় চহৰ আৰু মেলাসমূহলৈ সামগ্ৰী যোগান ধৰে আৰু ৰাজ্যখনৰ মুঠ ৰাজ্যিক মূল্য সংযোজন (জিএছভিএ)ত ২২.৬ শতাংশ অৰিহণা যোগায়। যদিও ৰপ্তানিৰ পৰিমাণ সীমিত হৈ আছে, ফলৰ সংৰক্ষণ আৰু আচাৰৰ সম্ভাৱনা বৃদ্ধি পাইছে।
শেহতীয়া জিএছটি হ্ৰাসে প্ৰতিযোগিতাক অধিক শক্তিশালী কৰিছে-জিএছটি ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস হোৱাৰ লগে লগে মূল্য ১১ শতাংশ হ্ৰাস পাইছে, আনহাতে আচাৰৰ মূল্য ৭ শতাংশ হ্ৰাস পাই উৎপাদক আৰু গ্ৰাহক উভয়ৰে বাবে লাভজনক হৈছে।
কাঠ উদ্যোগ (প্লাইউড, ভেনিৰ)
অৰুণাচল প্ৰদেশত এক গুৰুত্বপূৰ্ণ বন-ভিত্তিক উদ্যোগ আছে, যি ৰাজ্যখনৰ অৰ্থনীতিৰ কেন্দ্ৰবিন্দু, কিয়নো ৰাজ্যখনৰ 80 শতাংশ বনাঞ্চলৰ অধীনত আছে। কাঠ হৈছে এক গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সম্পদ; আৰু মূলতঃ প্লাইউড আৰু ভেনিৰৰ ওপৰত গুৰুত্ব দিয়া কাঠ উদ্যোগটোৱে বনাঞ্চল সমৃদ্ধ জিলাসমূহত কাম কৰে। উদ্যোগটোৱে ছাৰমিল আৰু প্লাইউড কলসমূহত নিযুক্তি প্ৰদান কৰাৰ লগতে নিৰ্মাণ আৰু আচবাবৰ বজাৰলৈ সামগ্ৰী যোগান ধৰে।
প্লাইউড আৰু ভেনিৰৰ বাবে জিএছটি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাসে যথেষ্ট ৰেহাই প্ৰদান কৰিছে-১ লাখ প্লাইউড লটৰ ওপৰত, কৰ সঞ্চয়ৰ পৰিমাণ ৭,০০০ টকালৈ বৃদ্ধি পাইছে যদিও দীৰ্ঘম্যাদী কাৰ্য্যকৰীতা নিশ্চিত কৰিবলৈ বহনক্ষম বন ব্যৱস্থাপনা অত্যাৱশ্যকীয় হৈ আছে।
সামৰণি
জিএছটি সংস্কাৰ, ১২-১৮ শতাংশৰ পৰা হাৰ ৫ শতাংশলৈ হ্ৰাসকৰণে অৰুণাচল প্ৰদেশৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে। কৃষি, উদ্যান পালন, প্ৰসংস্কৰণমূলক খাদ্য, হস্তশিল্প, বস্ত্ৰ, বাঁহ-বেতৰ আচবাব আৰু কাঠভিত্তিক উদ্যোগৰ ওপৰত কৰ হ্ৰাস কৰি এই সংস্কাৰে সামগ্ৰীসমূহ অধিক সুলভ কৰি তোলাৰ লগতে উৎপাদকসকলক অধিক লাভান্বিত কৰিছে।
প্ৰসংস্কৰণমূলক খাদ্যৰ ওপৰত ৬-১১ শতাংশৰ পৰা হস্তশিল্প, কাৰ্পেট আৰু প্লাইউডৰ ওপৰত ৫৬০-৭,০০০ টকাপৰ্যন্ত ব্যয় সঞ্চয়ে প্ৰতিযোগিতা বৃদ্ধি কৰাৰ লগতে চাহিদা বৃদ্ধি, এমএছএমইসমূহক সমৰ্থন আৰু জনজাতীয় শিল্পীসকলক উপকৃত কৰিছে। এই সংস্কাৰসমূহে ঘৰুৱা আৰু ৰপ্তানি বজাৰৰ প্ৰৱেশাধিকাৰ শক্তিশালী কৰে, পৰম্পৰাগত তথা জিআই-টেগ লাভ কৰা সামগ্ৰীৰ প্ৰচাৰ কৰে আৰু ৰাজ্যখনৰ বহনক্ষম বিকাশ, নিযুক্তি আৰু সামগ্ৰিক উন্নয়নৰ পথ প্ৰশস্ত কৰে।
তথ্যসূত্রসমূহ
arunachalpradesh.gov.in
https://arunachalpradesh.gov.in/
agri.arunachal.gov.in
https://agri.arunachal.gov.in/
IBEF
https://ibef.org/industry/arunachal-pradesh-presentation
ASEAN.org
https://asean.org/member-states/
mygov.in
https://blog.mygov.in/the-role-of-traditional-craftsmanship-in-the-tourism-industry-of-arunachal-pradesh/
Click here for pdf file.
***
SK/M/NB
(रिलीज़ आईडी: 2176823)
आगंतुक पटल : 21