PIB Headquarters
azadi ka amrit mahotsav

জিএছটি সংস্কাৰ, ২০২৫: ভিন্ন খণ্ডত অসমৰ অৰ্থনীতিক উপকৃত কৰিব

Posted On: 29 SEP 2025 1:41PM by PIB Guwahati

মূল কথা

  • চাহত ৫% জিএছটি আৰোপৰ পৰিপ্ৰেক্ষিতত উপভোক্তাৰ ~১১% ৰাহি আৰু উদ্যোগটোৱে মূল্যৰ প্ৰতিযোগিতামূলক ক্ষমতা আহৰণ কৰিব বুলি আশা কৰা হৈছে।
  • ৫% জিএছটি আৰোপ কাৰ্য্যত ১২.৮৩ লাখ শিপিনী আৰু ১২.৪৬ লাখ তাঁতশাল উপকৃত হোৱাৰ লগে-লগে হস্ততাঁত খণ্ড সুদৃঢ় হৈ উঠিব; উপভোক্তাসকলৰ ~৬.২৫% সঞ্চয় হ’ব।
  • হোটেলত ৭,৫০০ টকা পৰ্য্যন্ত ৫% জিএছটি-এ পৰ্যটনক অধিক সুলভ কৰি তুলিব আৰু ইয়াক ৬.৫১ লাখৰো অধিক নিয়োগ সৃষ্টিকাৰী এটা খণ্ডলৈ উন্নীত কৰিব।
  • জহা, বোকা চাউল, কাজি নেমু আৰু তেজপুৰৰ লিচুৰে অসমৰ জিআই ফাৰ্ম বাস্কেটত ~৬–১১% সঞ্চয়, ইয়াৰ ফলশ্ৰুতিত চাহিদা আৰু ফাৰ্মৰ আয় বৃদ্ধি পাব।

 

পাতনি

শেহতীয়াকৈ জিএছটি সংস্কাৰ সাধনৰ ফলশ্ৰুতিত অসমৰ অৰ্থনীতিৰ ভিন্ন খণ্ডৰ উত্থান ঘটিব বুলি আশা কৰা হৈছে। ঘন চাহ বাগিচা, আকৰ্ষণীয় ৰেচম, স্পন্দনশীল হস্তশিল্প আৰু চহকী জৈৱ-বৈচিত্ৰ্যৰ বাবে পৰিচিত ৰাজ্যখন অৰ্থনৈতিকভাৱে যথেষ্ট লাভৱান হ’ব। ইয়াৰ ফলশ্ৰুতিত ইনপুট ব্যয় হ্ৰাস, মূল্যৰ প্ৰতিযোগিতামূলক ক্ষমতাৰ অগ্ৰগতি সাধন আৰু চাহিদা বৃদ্ধি পাব।

চাহ বাগিচা আৰু ক্ষুদ্ৰ খেতিয়কসকল নিম্ন মূল্য-শৃংখল ব্যয়ৰ ফলত লাভৱান হ’ব। হস্ততাঁত আৰু শিল্পকলা সমবায়সমূহে কাৰিকৰসকলৰ অসুবিধা নোহোৱাকৈ অধিক সুলভ মূল্যত উৎপাদিত সামগ্ৰীসমূহ আগবঢ়াব। পৰ্যটন আৰু আতিথ্য দৰ্শনাৰ্থীসকলৰ বাবে অধিক সুলভ হৈ পৰিব। এই পৰিৱৰ্তনসমূহৰ পৰিপ্ৰেক্ষিতত উদ্যোগীসকলৰ বাবে অধিক স্থিৰ অৰ্ডাৰ আৰু শ্ৰমিক, কাৰিকৰ আৰু কৃষকসকলৰ বাবে অধিক সুস্থিৰ উপাৰ্জনৰ পথ প্ৰশস্ত হ’ব।

চাহ উদ্যোগ

চাহৰ মূল্য শৃংখল

অসমৰ চাহ বাগিচাসমূহে ভাৰতৰ বিখ্যাত ব্ৰু উৎপাদনেই নহয়, বৰঞ্চ একাধিক স্থানীয় অসমীয়া সমাজক কৰ্মসংস্থাপনৰ সুবিধাও প্ৰদান কৰিছে। এই উদ্যোগটোত প্ৰায় ৬.৮৪ লাখ শ্ৰমিক নিয়োজিত হৈ আছে। বহু পৰিয়ালে মৌলিক স্বাস্থ্যসেৱা, ৰেচন আৰু বিদ্যালয়ৰ সুবিধা লাভেৰে বাগিচাৰ কোৱাৰ্টাৰত বসবাস কৰে।

এতিয়া চাহত ৫% জিএছটি আৰোপৰ লগে-লগে শ্বেল্ফৰ মূল্য প্ৰায় ১১% হ্ৰাস পাব বুলি অনুমান কৰা হৈছে। মূল্যৰ এই হ্ৰাস বিশেষকৈ ৰপ্তানিৰ বাবে উৎসাহজনক। ভাৰত ২০২৪-ত ২৫৫ নিযুত কেজি চাহ চালানেৰে ১০-বছৰৰ সৰ্বাধিক স্তৰত উপনীত হয়। নিম্ন ব্যয়ে অসমৰ বিশ্বজুৰি প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

ঘৰুৱা দিশত অসমৰ চাহৰ এক বৃহৎ অংশ, ভাৰতীয় বজাৰলৈ যোৱা চাহৰ এক বৃহৎ অংশ পৰিচালনা কৰা গুৱাহাটী চাহ নিলাম কেন্দ্ৰইদি অগ্ৰসৰ হয়। ক্ৰেতাৰ বাবে সূলভ মূল্যৰ পৰিপ্ৰেক্ষিতত বিক্ৰীৰ পৰিমাণ বৃদ্ধি পাব। ইয়াৰ পৰিণতিত বাগিচাৰ ৰাজহ আৰু উদ্যোগটোক শক্তি প্ৰদান কৰা শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি পাব।

আছাম অৰ্থডক্স টি (জিআই)

অসমত জিআই-টেগযুক্ত স্পেচিয়েল্টী অৰ্থডক্স টিও পোৱা যায়। ইয়াৰ খেতি আৰু সংসাধন প্ৰক্ৰিয়াত জড়িত গৰিষ্ঠসংখ্যকেই হৈছে ক্ষুদ্ৰ কৃষক আৰু বাগিচাৰ শ্ৰমিকসকল। তেওঁলোকে নিজৰ আয়ৰ পৰিপূৰক হিচাপে প্লাকিং, ফেক্টৰী ছৰ্টিং আৰু পেকেজিং কৰে। ২০২১-লৈকে ৰাজ্যখনৰ বাৰ্ষিক উৎপাদনৰ প্ৰায় ১১% আছিল অৰ্থডক্স আৰু স্পেচিয়েল্টী চাহ। ইয়াৰ প্ৰাথমিক বজাৰসমূহৰ ভিতৰত আছে সংগঠিত খুচুৰা শৃংখল, প্ৰিমিয়াম চুপাৰ মাৰ্কেট, বুটিক চাহৰ দোকান আৰু অনলাইন প্লেটফৰ্ম। আন-আন দেশৰ লগতে ইৰাক, ইৰান আৰু ৰাছিয়ালৈ ইয়াক ৰপ্তানি কৰা হয়।

উজনি অসমৰ অৰ্থডক্স চাহ উৎপাদন কৰা ক্ষুদ্ৰ খেতিয়কসকলৰ বাবে জিএছটি হাৰ ৫%-লৈ হ্ৰাস কাৰ্য্য তাৎপৰ্যপূৰ্ণ। এই ব্যৱস্থাই চাহ আৰু তাৎক্ষণিক-চাহৰ পেকত ~১১% ব্যয় ৰাহি কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত তেওঁলোকৰ ব্যয়ৰ বোজা প্ৰত্যক্ষভাৱে লাঘৱ হ’ব। ইয়াৰ উপৰিও কৃষি সামগ্ৰী বিশেষকৈ সাৰৰ মূল্য কম হ’লে উৎপাদনৰ সামগ্ৰিক ব্যয় হ্ৰাস পাব। একেলগে হাৰৰ পৰিৱৰ্তন আৰু ইনপুট সঞ্চয়ে এই খেতিয়কসকলৰ ব্যয় হ্ৰাস কৰিব।

অসমৰ চাহ কেৱল এটা উদ্যোগতে সীমাবদ্ধ নহয়; বৰঞ্চ ই এক সামাজিক ব্যৱস্থাও। জিএছটি সংস্কাৰে মূলতঃ চাহ সেৱন কৰা দেশখনক মূল্যৰ ক্ষেত্ৰত সকাহ প্ৰদানেই নহয়, বৰঞ্চ ৰাজ্যখনৰ চাহ শ্ৰমিকসকলকো সহায় কৰিব।

হস্ততাঁত আৰু হস্তশিল্প

মুগা ছিল্ক

অসমজুৰি আন-আন ছেৰিকালচাৰ ক্লাষ্টাৰৰ লগতে মূলতঃ শুৱালকুছি (কামৰূপ), লখিমপুৰ, ধেমাজি, আৰু যোৰহাটত কাৰ্য্যক্ষম ৰাজ্যৰ মুগা ৰেচম উদ্যোগটো হৈছে মহিলা শিপিনীসকলৰ এক উত্তৰাধিকাৰ। এই উদ্যোগে সমাজৰ দুৰ্বল শ্ৰেণীক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিছে। ৰেচম উৎপাদনৰ ভিন্ন পৰ্য্যায়, যেনেঃ ছিল্কৱৰ্ম পালন, কটা আৰু বোৱা আদিত তেওঁলোকক নিয়োজিত কৰিছে। অসমৰ আকৰ্ষণীয় ছিল্ক উদ্যোগে দেশৰ মুঠ মুগা ৰেচম উৎপাদনৰ ৯৫% অৰিহণা যোগায়।

নতুন ৫% জিএছটি হাৰে যোগ্য হস্ততাঁত/হস্তশিল্প সামগ্ৰীৰ মূল্য ~৬.২৫% হ্ৰাস কৰিব। ইয়াৰ ফলশ্ৰুতিত শিপিনীসকলে সকাহ লাভ কৰিব। তেওঁলোকে এতিয়া প্ৰতিযোগিতামূলক বজাৰত বিক্ৰী কৰি অধিক লাভ অৰ্জন কৰিব পাৰিব। ইয়াৰ দ্বাৰা ৰপ্তানিও বৃদ্ধি পাব।

গামোছা

গামোছা অসমৰ সাংস্কৃতিক পৰিচয়ৰ প্ৰতীক। মহিলা বোৱা-কটা সমবায় আৰু গ্ৰামাঞ্চলৰ পৰিয়ালসমূহে ইয়াৰ বয়ন কাৰ্য্যৰে জড়িত হৈ আহিছে। এই অংগ-বস্ত্ৰক সন্মানৰ চিন-স্বৰূপে প্ৰদান কৰা হয়। ইয়াৰ চাহিদা অসমৰ বাহিৰতো বিস্তৃত, প্ৰবাসী আৰু বহিঃৰাষ্ট্ৰ ক্ৰাফ্ট পৰ্টেলতো ইয়াৰ ক্ৰেতা আছে।

ইয়াৰ জিএছটি ১২%-ৰ পৰা ৫%-লৈ হ্ৰাস কৰা হৈছে, ইয়াৰ ফলত প্ৰায় ৬.২৫% সঞ্চয় হ’ব। গ্ৰাহকৰ অধিক সুলভ মূল্যই চাহিদা বৃদ্ধি কৰিব।

আন-আন হস্ততাঁত আৰু শিল্পকৰ্ম

কেৱল বিখ্যাত ৰেচম আৰু অংগ-বস্ত্ৰই নহয়, বৰঞ্চ অসমৰ সমগ্ৰ হস্ততাঁত খণ্ড জিএছটি সংস্কাৰৰ পৰা লাভৱান হ’ব। ১২.৮৩ লাখৰো অধিক শিপিনী আৰু প্ৰায় ১২.৪৬ লাখ তাঁতশাল থকা ৰাজ্যখনত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব।

হস্ততাঁত আৰু শিল্পৰ নতুন ৫% জিএছটি হাৰে সমগ্ৰ গোৱালপাৰা/ ধুবুৰী, মাজুলী/ মিছিং বেল্ট আৰু নলবাৰী/ বৰপেটা/ কামৰূপৰ অসমৰ জাপি, আশৰিকান্দিৰ টেৰাকোটা, মিছিং হস্ততাঁত, পানী মেটেকা আৰু বিহু ঢোল আদিক উপকৃত কৰিব।

কৰৰ বোজা লাঘৱ কৰা এই সংস্কাৰে পৰম্পৰাগত হস্ততাঁত আৰু শিল্পকৰ্মৰ শক্তিশালী বজাৰ গঢ়ি তোলাত সহায় কৰিব। ইয়াৰ দ্বাৰা আয় বৃদ্ধি পাব আৰু ফেক্টৰী-মেড ফেব্ৰিকৰ যুগত হস্ত-নিৰ্মিত অসমীয়া বস্ত্ৰই নিজৰ স্থান দখল কৰাটো নিশ্চিত হ’ব।

পৰ্যটন আৰু আতিথ্য

অসমৰ পৰ্যটনত কাজিৰঙা-ব্ৰহ্মপুত্ৰ চাৰ্কিটে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মাজুলী আৰু পবিতৰাও অন্যতম আকৰ্ষণ। একেদৰে গুৱাহাটীত পৰ্যটকসকলে আশ্ৰয় গ্ৰহণ কৰে। এই খণ্ডই হোটেলৰ কৰ্মচাৰী, ট্যু’ৰ গাইড, ব’টমেন আৰু ট্ৰেন্সপ’ৰ্ট অপাৰেটৰসকলৰ জীৱিকাৰ উন্মেষ ঘটাই, স্থানীয় যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ কাৰ্য্য নিশ্চিত কৰে। মহিলাসকলেও সমগ্ৰ মূল্য শৃংখলতে সক্ৰিয় ভূমিকা পালনেৰে হোমষ্টে’ আৰু খাদ্যৰ ষ্টল পৰিচালনা কৰে। ২০১৫–১৬ লৈকে ৰাজ্যখনত পৰ্যটনৰ ফলত প্ৰায় ৬.৫১ লাখ নিয়োগৰ সৃষ্টি হৈছিল আৰু তেতিয়াৰ পৰাই এই পৰিসংখ্যা বাঢ়িব ধৰিছে। অসমে সমগ্ৰ ভাৰত আৰু বিশ্বৰ অধিক দৰ্শনাৰ্থীক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। ইউৰোপ, এছিয়া, মধ্যপ্ৰাচ্য আৰু ঘৰুৱা দৰ্শনাৰ্থীসকলকে প্ৰমুখ্য কৰি কেৱল পৰ্যটন লজৰ পৰাই ৰাজ্যখনে ২২১.৯৫ কোটি টকাৰ ৰাজহ আহৰণ কৰিছে।

শেহতীয়া জিএছটি সংস্কাৰে এই খণ্ডক সময়োপযোগী উদ্দীপনা যোগাইছে। প্ৰতি নিশাত ৭,৫০০ টকা পৰ্য্যন্ত হোটেলৰ কোঠাত জিএছটি ৫%-লৈ হ্ৰাস কৰা হৈছে, ইয়াৰ ফলশ্ৰুতিত মজলীয়া ৰেঞ্জৰ থকাৰ ব্যৱস্থা অধিক সুলভ হৈ পৰিছে।

আতিথ্য খণ্ডৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী যেনেঃ টয়লেট্ৰিছ, টেবুলৱেৰ আৰু পেকেট পানীত জিএছটি এতিয়া ৫%-লৈ হ্ৰাস কৰা হৈছে। আন একাধিক খাদ্য সামগ্ৰীতো ৫% জিএছটি আৰোপ কৰা হৈছে। পৰ্যটকসকলৰ বাবে ইয়াৰ ফলশ্ৰুতিত ভ্ৰমণ ব্যয় হ্ৰাস পাব আৰু ব্যৱসায়ীসকলৰ বাবে ইয়াৰ পৰিচালনাৰ ব্যয় হ্ৰাস পাব। এই পৰিৱৰ্তনসমূহে একেলগে পৰ্যটন ব্যৱস্থাৰ আৰ্থিক স্থিতি সুদৃঢ়কৰণৰ সমান্তৰালভাৱে অসমক দৰ্শনাৰ্থীসকলৰ বাবে অধিক সুলভ কৰি তুলিছে।

কৃষি আৰু উদ্যান শস্য

অসমৰ পথাৰ আৰু বাগিচাসমূহ হৈছে ৰাজ্যখনৰ পৰিচয় বহন কৰা অনন্য শস্যসমূহৰ উৎপাদন ভূমি, ইয়াৰে বহুকেইবিধ এতিয়া ভৌগোলিক সূচক (GI) মৰ্য্যাদাৰে সুৰক্ষিত। জিএছটি সংস্কাৰে এই পৰম্পৰাগত জীৱিকাসমূহকো স্পৰ্শ কৰিছে। মূলতঃ স্থানীয় শস্যৰ পৰা তৈয়াৰী মূল্য-সংযোজিত সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কাৰ্য্যই কৃষকসকলক বৈচিত্ৰ্যতাক আঁকোৱালি ল’বলৈ আৰু নতুন বজাৰত উপনীত হ’বলৈ উৎসাহিত কৰিছে।

জহা চাউল

জিআই-টেগ সম্পন্ন অসমৰ জহা চাউল নতুন ৫% জিএছটি হাৰৰ পৰা লাভৱান হৈছে। ইয়াৰ পৰাই মিক্স আৰু ৰেডি-টু-কুক সামগ্ৰীৰ দৰে মূল্য-সংযোজিত সামগ্ৰীও প্ৰস্তত কৰা হয়। গোৱালপাৰা, নলবাৰী, বৰপেটা, কামৰূপ, দৰং, ওদালগুৰি আৰু আন-আন জহা বেল্টত ইয়াৰ খেতি কৰা হয়। বজাৰত চাউলৰ গুৰিৰে তৈয়াৰী ৰেডি-মিক্স, নুডলছ আৰু বেকড গুডছ আদি উপলব্ধ। ইয়াৰে বেছিভাগৰে জিএছটি এতিয়া ৫%। ইয়াৰ মূল ক্ৰেতা আৰু ৰপ্তানি গন্তব্যস্থানসমূহৰ ভিতৰত ইউৰোপ (২০০৭-ৰ পৰা), ভিয়েটনাম আৰু মধ্যপ্ৰাচ্য আদি অন্যতম।

নতুন হাৰে পূৰ্বৰ স্লেবৰ তুলনাত ~৬–১১% ব্যয় হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত উপভোক্তাসকলৰ বাবে সামগ্ৰীসমূহ অধিক সুলভ হ’ব আৰু চাহিদা বৃদ্ধিয়ে কৃষক ৰাইজলৈ অধিক আয়ৰ সঞ্চাৰ কৰিব।

বোকা চাউল/ চকুৱা চাউল (মেজিক ৰাইচ)

জিআই-টেগ যুক্ত বোকা চাউল/ চকুৱা চাউল (মেজিক ৰাইচ) এতিয়া ৰেডি-টু কুক/ ইনষ্টেন্ট মিক্সৰ ক্ষেত্ৰত ১২%/ ১৮%-ৰ পৰা ৫%-লৈ জিএছটি হ্ৰাসৰ ফলত উপকৃত হৈছে। নামনি ব্ৰহ্মপুত্ৰ উপত্যকা (ধুবুৰীৰ পৰা ওদালগুৰিলৈ) আৰু উজনি অসম (তিনিচুকীয়া, যোৰহাট আদি)-ত ইয়াৰ খেতি কৰা হয়। গুৱাহাটী আৰু উত্তৰ-পূবৰ আন-আন চহৰসমূহত এই চাউল উপলব্ধ।

সংশোধিত জিএছ টিৰ হাৰে ~৬–১১% মূল্য হ্ৰাস কৰাৰ সম্ভাৱনা আছে।

কাজি নেমু (অসম নেমু)

অসমৰ জিআই-টেগ সম্পন্ন কাজি নেমু (অসম নেমু) বিশেষকৈ নগাঁও, শোণিতপুৰ, কামৰূপ, দৰং আৰু নলবাৰীত উৎপাদিত হয়। ইয়াক খাদ্য, পানীয় আৰু ঔষধি হিচাপে ব্যৱহাৰ কৰে। ২০২১-ত চিৰাং জিলাৰ পৰা প্ৰায় ১,২০০ কিলোগ্ৰাম সতেজ অসম নেমু লণ্ডনৰ পাইকাৰী বজাৰলৈ ৰপ্তানি কৰা হৈছিল। ইয়াৰ পিছত ২০২২-ত বাকছাৰ পৰা আৰু ৬০০ কিলোগ্ৰাম বিদেশলৈ প্ৰেৰণ কৰা হয়।

জুচ, আচাৰ আৰু চচৰ ওপৰত ৫% নতুন জিএছটি হাৰে উপভোক্তাৰ ~৬.২৫-১১% ৰাহি কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত কাজি নেমুৰ চাহিদা বৃদ্ধি পাব আৰু কৃষকে অধিক পৰিমাণে বিক্ৰী কৰাৰ লগে-লগে অধিক আয়ৰ পথ প্ৰশস্ত হ’ব।

তেজপুৰৰ লিচু

শোণিতপুৰ (তেজপুৰ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চল)-ত খেতি কৰা জিআই-টেগ যুক্ত তেজপুৰৰ লিচু পাল্প, জাম আৰু জেলীৰ জিএছটি ১২%-ৰ পৰা ৫%-লৈ হ্ৰাসৰ ব্যৱস্থাৰ জৰিয়তে উপকৃত হ’ব। এই উদ্যোগটো ফলৰ বাগিচাৰ শ্ৰমিক আৰু ঋতু অনুসৰি প্ৰব্ৰজিত শ্ৰমিকসকলৰ ওপৰত নিৰ্ভৰশীল। ফল চপোৱাৰ সময়ত বহু পৰিয়ালৰ আয়ৰ বাট মুকলি হয়। এই বিশেষ ফলবিধ ২০২২-ত যুক্তৰাজ্যলৈ পোন-প্ৰথমবাৰৰ বাবে প্ৰেৰণ কৰাৰ লগে-লগে বহিঃৰাষ্ট্ৰৰ ক্ৰেতাসকলৰ কাষ চাপিছিল।

এতিয়া সংসাধিত সামগ্ৰীৰ ওপৰত ৫% কৰ আৰোপ কৰাৰ লগে-লগে উপভোক্তাৰ বাবে মূল্য হ্ৰাস পাব আৰু লগতে স্থানীয় উৎপাদকসকলৰ অধিক লাভ হ’ব। সামগ্ৰিকভাৱে সংশোধিত হাৰে এই সামগ্ৰীসমূহৰ ক্ষেত্ৰত প্ৰায় ৬.২৫% ব্যয় হ্ৰাস কৰিব।

সামৰণি

জিএছটি-ৰ এনে সংস্কাৰ সাধন কাৰ্য্যই অসমৰ জনসাধাৰণৰ দৈনন্দিন জীৱন যাত্ৰাৰ ক্ষেত্ৰত অৰ্থপূৰ্ণ ৰূপান্তৰ সাধন কৰিব বুলি আশা কৰা হৈছে। নিম্ন জিএছটি-এ চাহিদা বৃদ্ধি কৰিব। অসমৰ শিপিনী, কাৰিকৰ আৰু কৃষক তথা বাগিচাৰ শ্ৰমিকসকলৰ আয়ৰ বৰ্ধন ঘটাব আৰু সুস্থিৰ জীৱিকা নিশ্চিত কৰিব।

একেলগে এই পৰিৱৰ্তনসমূহে অসমৰ অৰ্থনীতিক উদ্দীপনা যোগাব; পৰম্পৰাগত উদ্যোগসমূহক সুদৃঢ়, নিৰ্দিষ্ট সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি আৰু ভ্ৰমণকাৰীসকলক ৰাজ্যখনৰ প্ৰাকৃতিক তথা সাংস্কৃতিক সম্পদৰ প্ৰতি আকৰ্ষিত কৰিব।

পিডিএফ-ৰ বাবে ইয়াত ক্লিক কৰক

 

***

SK/M/SB


(Release ID: 2172932) Visitor Counter : 4
Read this release in: English , Urdu , Hindi , Tamil