প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে নাগৰিকক ‘স্বচ্ছতাই সেৱা’ অভিযানত যোগদান কৰিবলৈ আহ্বান জনাইছে

পোষ্ট কৰা হৈছে: 23 SEP 2025 12:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশৰ নাগৰিকক ‘স্বচ্ছতাই সেৱা’ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই ইয়াক সামূহিক দায়বদ্ধতা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ মনোভাৱক প্ৰতিফলিত কৰা এক প্ৰেৰণাদায়ী পদক্ষেপ বুলি অভিহিত কৰে।

আজি এক্স-ৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“এই স্বচ্ছতাৰ পদক্ষেপ অতিশয় উৎসাহজনক। মই অধিক সংখ্যক লোকক এই অভিযানত যোগদানেৰে ইয়াক সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনাইছোঁ।

swachhatahiseva.gov.in”

*****

MJPS/SR/SKS/SB


(ৰিলিজ আই ডি : 2170418) অতিথি কক্ষ : 29