বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমৰ নগৰীয়া সেৱা উন্নীতকৰণৰ বাবে ১২৫ মিলিয়ন মাৰ্কিন ডলাৰৰ ঋণচুক্তিত স্বাক্ষৰ ভাৰত চৰকাৰ আৰু এডিবিৰ

প্ৰকল্পটোৱে অবিৰতভাৱে মিটাৰযুক্ত পানী যোগান আৰু প্ৰৱল বৃষ্টিপাতৰ পানী ব্যৱস্থাপনা ব্যৱস্থা উন্নীত কৰি অসমৰ ৩ লাখ ৬০ হাজাৰ বাসিন্দাক উপকৃত কৰিব

প্ৰকল্পটোৱে অসম ৰাজ্যৰ ছয় জিলা সদৰ আৰু গুৱাহাটীত নগৰীয়া বাসোপযোগিতা বৃদ্ধি আৰু জলবায়ুৰ সুস্থিৰতা বৃদ্ধি কৰিব

মহিলা আৰু কন্যাসকলক সহায় কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি পানীৰ কাৰ্য্যকলাপত মহিলা আত্মসহায়ক গোটসমূহক প্ৰশিক্ষণ দিয়া হ’ব, কলেজীয়া যুৱতীসকলৰ বাবে ইন্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰা হ’ব আৰু প্ৰকল্পৰ অধীনত পানী, অনাময় আৰু স্বচ্ছতাৰ সজাগতা বৃদ্ধিৰ বাবে বিদ্যালয়সমূহত অনুষ্ঠিত কৰা হ’ব প্ৰচাৰ কাৰ্যসূচী

प्रविष्टि तिथि: 22 SEP 2025 7:20PM by PIB Guwahati

অসমৰ ছয়খন জিলা সদৰ আৰু গুৱাহাটীত নগৰীয়া বাসোপযোগীতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ সুস্থিৰতা শক্তিশালী কৰাৰ বাবে ভাৰত চৰকাৰ আৰু এছিয়ান ডেভেলপমেণ্ট বেংকে আজি ১২৫ মিলিয়ন ডলাৰৰ ঋণ চুক্তিত স্বাক্ষৰ কৰে।

অসম নগৰ খণ্ড উন্নয়ন প্ৰকল্পৰ বাবে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব শ্ৰীমতী জুহি মুখাৰ্জী আৰু এডিবিৰ ভাৰত আৱাসী অভিযানৰ দেশীয় সঞ্চালক শ্ৰীমতী মিও ওকাই ঋণ চুক্তিত স্বাক্ষৰ কৰে।

এই প্ৰকল্পৰ জৰিয়তে অসমৰ ৩ লাখ ৬০ হাজাৰ বাসিন্দাক অবিৰতভাৱে মিটাৰযুক্ত পানী যোগান ধৰাৰ লগতে প্ৰৱল বৃষ্টিপাতৰ পানী ব্যৱস্থাপনা ব্যৱস্থাৰ উন্নীতকৰণক উপকৃত কৰিব। তদুপৰি প্ৰতিষ্ঠানিক সংস্কাৰ আৰু সামৰ্থ্য বিকাশৰ জৰিয়তে নগৰ শাসন ব্যৱস্থাও শক্তিশালী কৰিব।

মূল আন্তঃগাঁথনি বিনিয়োগৰ ভিতৰত বৰপেটা, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, গোলাঘাট আৰু নলবাৰী জিলা সদৰত প্ৰতিদিনে ৭.২ কোটি লিটাৰৰ মুঠ ক্ষমতাৰে ছটা পানী পৰিশোধন প্ৰকল্প আৰু ৮০০ কিলোমিটাৰ বিতৰণ পাইপলাইনৰ নিৰ্মাণকাৰ্য উল্লেখযোগ্য। প্ৰকল্পটোৱে সঠিক সময়ৰ নিৰীক্ষণ ব্যৱস্থাও স্থাপন কৰিব, যাৰ লক্ষ্য হ’ব ৰাজহবিহীন পানী ২০%ৰ তলত ৰখা।

গুৱাহাটীত বানৰ গতি সলনি কৰা চেনেল, উন্নত নিষ্কাশন ব্যৱস্থা আৰু প্ৰাকৃতিক জলভাণ্ডাৰৰ সহায়ত বাহিনী অৱবাহিকাত প্ৰৱল বৃষ্টিপাতৰ পানী ব্যৱস্থাপনা উন্নত কৰি বানপানীৰ পানীৰ নিৰ্গমন হ্ৰাস কৰাৰ লগতে ভূগৰ্ভস্থ পানী পুনৰভৰ্তিকৰণৰ উন্নতি সাধন কৰিব।

এই প্ৰকল্পৰ অধীনত গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ সহযোগত অসম ৰাজ্যিক নগৰ উন্নয়ন প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে। তদুপৰি ই বিত্তীয় বহনক্ষমতা আৰু সেৱা প্ৰদানৰ উন্নতিৰ বাবে প্ৰস্তাৱিত চহৰসমূহত জিআইএছ ভিত্তিক সম্পত্তি কৰ ডাটাবেছ, ডিজিটেল পানী বিলিং ব্যৱস্থা আৰু ভলিউমেট্ৰিক পানী শুল্ক গাঁথনি্ প্ৰৱৰ্তন কৰিব।

প্ৰকল্পটোৱে মহিলা আৰু যুৱতীসকলৰ সহায় আৰু সামাজিক অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই কাৰ্য্যকলাপসমূহৰ ভিতৰত পানী ব্যৱস্থাপনাৰ ক্ষেত্ৰত মহিলা আত্মসহায়ক গোটসমূহক প্ৰশিক্ষণ প্ৰদান, কলেজীয়া যুৱতীসকলৰ বাবে ইন্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰা আৰু পানী, অনাময় আৰু স্বচ্ছতাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে বিদ্যালয়সমূহত প্ৰচাৰ কাৰ্যসূচী চলোৱা আদি অন্তৰ্ভূক্ত।

****

NB/KMN/DB


(रिलीज़ आईडी: 2169835) आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी