PIB Headquarters
azadi ka amrit mahotsav

জি এছ টি সংস্কাৰৰ জৰিয়তে শক্তিশালী হোৱাৰ দিশে আতিথ্য, পৰিবহণ আৰু সাংস্কৃতিক খণ্ড

কৰ হ্ৰাসকৰণে উপকৃত কৰিব পৰ্যটক আৰু শিল্পীক

Posted On: 22 SEP 2025 11:28AM by PIB Guwahati

পাতনি

ভাৰতৰ পৰ্যটন খণ্ডক অধিক সুলভ কৰি তোলা, ৰাজহুৱা পৰিবহণ ব্যৱহাৰ বৃদ্ধি কৰা আৰু শিল্পী তথা সাংস্কৃতিক উদ্যোগসমূহক সহায় কৰাৰ লক্ষ্যৰে চৰকাৰে জি এছ টি সংস্কাৰৰ উল্লেখযোগ্য ব্যৱস্থা ঘোষণা কৰিছে। এই পদক্ষেপে ঘৰুৱা পৰ্যটন পৰিবেশতন্ত্ৰ শক্তিশালী কৰিব আৰু সাংস্কৃতিক ঐতিহ্যৰ সংবৰ্ধন কৰাৰ লগতে আনুষংগিক খণ্ডসমূহত বিনিয়োগক উৎসাহিত কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এই সংস্কাৰসমূহে বহনক্ষম আৰু সৰ্বাংগীন বৃদ্ধিৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আতিথ্য, পৰিবহণ আৰু পৰম্পৰাগত শিল্পকলাৰ ক্ষেত্ৰত নিয়োগৰ সুবিধা বৃদ্ধিৰ লগতে মহামাৰীৰ পিছৰ কালছোৱাত ভাৰতৰ পৰ্যটন খণ্ডৰ উন্নয়ন ত্বৰান্বিত কৰিব।

হোটেলৰ জিএছটি হ্ৰাস (<৭,৫০০ টকা/দিন) – ১২%ৰ পৰা ৫%লৈ (আইটিচি অবিহনে)

  • জি এছ টিৰ হাৰ হ্ৰাস হ’লে মধ্যবিত্ত আৰু মিতব্যয়ী ভ্ৰমণকাৰীৰ বাবে হোটেলত থকাৰ ব্যৱস্থা অধিক সুলভ হ’ব।
  • ভাৰতৰ আতিথ্য খণ্ডৰ কৰ গাঁথনি আন্তঃৰাষ্ট্ৰীয় পৰ্যটন গন্তব্যস্থানৰ সৈতে সংগতি ৰখাৰ জৰিয়তে বিদেশী পৰ্যটকৰ বাবে ভাৰত ভ্ৰমণ অধিক আকৰ্ষণীয় হৈ উঠিব।
  • সপ্তাহন্তৰ ভ্ৰমণ, তীৰ্থযাত্ৰা, ঐতিহ্য পৰ্যটন আৰু পৰিবেশ পৰ্যটন উন্নীত হোৱাৰ আশা কৰা হৈছে।
  • নতুন মধ্যম খণ্ডৰ হোটেল, হোমষ্টে আৰু অতিথিশালাত বিনিয়োগক উৎসাহিত কৰাৰ লগতে নিয়োগৰ সুবিধা সৃষ্টি হ’ব তথা আন্তঃগাঁথনি উন্নত হ’ব।

বাছত জি এছ টি হ্ৰাস (১০+ ব্যক্তিৰ বহাৰ ক্ষমতা থকা) – ২৮%ৰ পৰা ১৮%লৈ

  • বাছ আৰু মিনিবাছৰ আগতীয়া খৰচ হ্ৰাস হোৱাৰ ফলত বাহন চলাচল সংস্থা, বিদ্যালয়, কৰ্পৰেট, ভ্ৰমণ এজেন্সি আৰু ৰাজ্যিক পৰিবহণ প্ৰতিষ্ঠানৰ অধীনৰ বাহনসমূহ সুলভ হৈ উঠিব।
  • বিশেষকৈ অৰ্ধনগৰীয়া আৰু গ্ৰাম্য পথসমূহত টিকটৰ ভাড়া হ্ৰাস কৰাত সহায় কৰিব।
  • ব্যক্তিগত বাহনৰ পৰিবৰ্তে ৰাজহুৱা পৰিবহণ ব্যৱহাৰৰ বাবে জনসাধাৰণক উৎসাহিত কৰাৰ জৰিয়তে যান-জঁট আৰু প্ৰদূষণ হ্ৰাস হ’ব।
  • ৰাজহুৱা পৰিবহণত আৰাম আৰু সুৰক্ষাৰ মান উন্নত কৰি আহ-যাহৰ সুবিধাৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণক সমৰ্থন কৰে।

২০২১ চনৰ পৰা ২০২৪ চনলৈ ভাৰতত বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত (FTA) ২০২১ চনত ১৫.২৭ লাখৰ পৰা ২০২৪ চনত ৯৯.৫২ লাখলৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ জৰিয়তে মহামাৰীৰ পাছত পৰ্যটন খণ্ডৰ শক্তিশালী বৃদ্ধি পৰিলক্ষিত হৈছে। এই উত্থানে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ শক্তিশালী পুনৰুজ্জীৱনৰ লগতে এই সময়ছোৱাত পৰ্যটনস্থলী হিচাপে ভাৰত ভ্ৰমণৰ প্ৰতি বৃদ্ধি হোৱা আগ্ৰহৰ প্ৰতিফলন ঘটাইছে।

কলা আৰু সাংস্কৃতিক খণ্ডৰ সামগ্ৰীৰ জি এছ টি হ্ৰাস – ১২%ৰ পৰা ৫%লৈ

  • বৃহৎ মূৰ্তি, ক্ষুদ্ৰ মূৰ্তি, মূল খোদিত, প্ৰিন্ট, লিথ'গ্ৰাফ, অলংকাৰিক সামগ্ৰী, শিলৰ শিল্প সামগ্ৰী আৰু শিলৰ ইনলে কামত এই কৰ হ্ৰাস হ’ব।
  • দেশৰ পৰম্পৰাগত কুটিৰ উদ্যোগৰ অংশ শিল্পী, কাৰিকৰ আৰু ভাস্কৰ্য্য শিল্পীসকলক পোনপটীয়া সহায় আগবঢ়াব।
  • মন্দিৰৰ শিল্প, লোক প্ৰকাশ, ক্ষুদ্ৰ চিত্ৰকলা, প্ৰিন্টমেকিং আৰু শিলৰ কাৰুকাৰ্য্যৰ জীৱন্ত পৰম্পৰা সংৰক্ষণ কৰাত সহায় কৰে।
  • আধুনিক বজাৰৰ সৈতে ঐতিহ্য অৰ্থনীতি একত্ৰিত কৰি বিশ্বজুৰি ভাৰতীয় সংস্কৃতি আৰু কাৰুকাৰ্য্যৰ সংবৰ্ধন কৰিব।

ভাৰত চৰকাৰে সাংস্কৃতিক মন্ত্ৰালয়ৰ জৰিয়তে ভাৰতৰ পৰম্পৰাগত কলা, কীৰ্তিচিহ্ন আৰু ঐতিহ্যক্ষেত্ৰকে ধৰি ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, প্ৰচাৰ, ডিজিটেলাইজ আৰু বিশ্বব্যাপী প্ৰদৰ্শনৰ বাবে ব্যাপক প্ৰচেষ্টা আৰম্ভ কৰাৰ সমান্তৰালকৈ শিপিনী আৰু সাংস্কৃতিক প্ৰতিষ্ঠানসমূহক সক্ৰিয়ভাৱে সহায় কৰিছে।

প্ৰত্যাশিত প্ৰভাৱ

  • পৰ্যটন বৃদ্ধি: ভ্ৰমণ আৰু থকাৰ ব্যৱস্থাৰ ক্ষেত্ৰত অধিক ব্যয়সাধ্যতাই ঘৰুৱা আৰু বিদেশী পৰ্যটকৰ আগমন বৃদ্ধি কৰিব।
  • নিয়োগ সৃষ্টি: আতিথ্য, পৰিবহণ আৰু শিপিনী খণ্ডত নিয়োগৰ সুযোগ সম্প্ৰসাৰিত হ’ব।
  • সাংস্কৃতিক সংৰক্ষণঃ পৰম্পৰাগত ভাৰতীয় শিল্পৰূপে প্ৰাণৱন্ত অৰ্থনৈতিক জীৱনমুখীতা লাভ কৰিব।
  • বহনক্ষমতা: ৰাজহুৱা পৰিবহণ ব্যৱহাৰৰ বাবে জনসাধাৰণক উসাহিত কৰাৰ লগতে কাৰ্বনৰ নিৰ্গমন হ্ৰাস কৰে আৰু যান-জঁটৰ সমস্যা লাঘৱ কৰে।

উপসংহাৰ

এই জি এছ টি হ্ৰাসৰ জৰিয়তে ব্যয়সাধ্যতা বৃদ্ধি, পৰম্পৰাগত শিল্পীসকলক সহায় কৰা তথা বহনক্ষম পৰিবহণক উৎসাহিত কৰি ভাৰতৰ পৰ্যটন আৰু সাংস্কৃতিক খণ্ডক উন্নীত কৰাৰ বাবে চৰকাৰৰ কৌশলগত প্ৰচেষ্টা প্ৰতিফলিত হৈছে। অধিক সুলভতা ত্বৰান্বিত কৰি আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰি এই ব্যৱস্থাসমূহে উল্লেখযোগ্য অৰ্থনৈতিক বৃদ্ধি, চাকৰি সৃষ্টি তথা ভাৰতৰ ভাবমূৰ্তি বিশ্বজুৰি এক সজীৱ আৰু সৰ্বাত্মক গন্তব্যস্থান হিচাপে সংবৰ্ধন কৰিবলৈ সাজু হৈছে।

তথ্যসূত্ৰ:

pdf চাবলৈ ইয়াত ক্লিক কৰক

****

SK | SM | DD


(Release ID: 2169528)