নৌ-পৰিবহন মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে জুবিন গাৰ্গৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰে
प्रविष्टि तिथि:
19 SEP 2025 9:46PM by PIB Guwahati
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত এটা গধুৰ মনেৰে শোক বাৰ্তাত কয়- “অসমীয়া সংগীতৰ এটা যুগ — চৰাইৰ দৰে পাখি মেলি আমাৰ জীৱনক চন্দ্ৰমাৰ কোমল পোহৰৰ দৰে আলোকিত কৰা এটা যুগৰ অৱসান ঘটিল। আমাৰ মৰমৰ শিল্পী, অসমৰ হৃদস্পন্দন জুবিন গাৰ্গৰ দেহাৱসানে মোক গভীৰভাৱে ব্যথিত কৰিছে। এয়া আমি কেতিয়াও শুনিব নিবিচৰা খবৰ, এই বাৰ্তাই আমাক মৰ্মাহত কৰিছে। জুবিন গাৰ্গ আৰু নাই! অসমৰ ৰাইজৰ সৈতে এনে গভীৰ শোকৰ সমভাগী হৈছোঁ। তেওঁৰ দেহাৱসান অসমীয়া সংগীত জগতখনৰ বাবে এক অমোচনীয় ক্ষতি। আমি বাকৰুদ্ধ হৈ পৰিছোঁ। আমাৰ অসমীয়া জাতীয় জীৱনৰ মৰমৰ শিল্পী জন যে আমাৰ মাজত নাই, সেয়া মানি ল’ব নোৱাৰাকৈয়ে বেদনাদায়ক সত্য। প্ৰতিজন অসমীয়াৰ বুকুত বাস কৰে জুবিনে; তেওঁ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সকলোৰে মনত এক নিগাজী স্থান অধিকাৰ কৰি আহিছে। তেওঁ কেৱল এজন শিল্পীয়েই নাছিল, বৰঞ্চ আমাৰ মাজৰেই এজন আছিল — প্ৰতিটো পৰিয়ালৰ এজন পুত্ৰৰ দৰে আছিল তেওঁ। অসমৰ ৰাইজে তেওঁক মৰম কৰিছিল। এনে এজন আত্মাস্পৰ্শী কণ্ঠৰ শিল্পীয়ে হঠাতে আমাক এৰি থৈ গুচি যোৱাৰ কথাটো বিশ্বাসৰো অগোচৰ, কল্পনাতীত।”
“আজি জুবিনৰ সৈতে মোৰ দীৰ্ঘদিনীয়া সান্নিধ্য আৰু তেওঁৰ কোমল কণ্ঠৰ কথা মনত পৰিছে। তেওঁ মোক স-স্নেহে ‘সৰ্বা দা’ বুলি মাতিছিল। সেই মাতষাৰ আৰু কেতিয়াও শুনিবলৈ নাপাম। জুবিন আছিল মুকলি, নিৰ্ভীক আৰু বহল-হৃদয়ৰ। তেওঁ নিজৰ মানুহখিনিক খুব ভাল পাইছিল। তেওঁৰ মৃত্যু অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ বাবে এক বৃহৎ ক্ষতি। তথাপিও তেওঁ আমাৰ স্মৃতিৰ পৰা কেতিয়াও ম্লান হৈ নাযায়। তেওঁৰ অসাধাৰণ সৃষ্টিৰাজি প্ৰতিজন অসমীয়াৰ মনত অনুৰণিত হৈ থাকিব। মই জুবিন গাৰ্গৰ মহান আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ আৰু তেওঁৰ পৰিয়ালবৰ্গ তথা অগণন অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।”
“ছাত্ৰাৱস্থাৰপৰাই কঠোৰ অনুশীলন আৰু গভীৰ আত্মবিশ্বাসেৰে জুবিনে সংগীতৰ জগতখনত এক সুকীয়া স্থান দখল কৰিছিল। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত জিলিকিবলৈ তেওঁ আঞ্চলিক সীমা অতিক্ৰম কৰিছিল। তেওঁৰ শ্ৰুতিমধুৰ গীতে শ্ৰোতাক অনুপ্ৰাণিত কৰিছিল, সমাজখনক জগাই তুলিছিল আৰু প্ৰতিটো প্ৰজন্মকে প্ৰেৰণা যোগাইছিল। জুবিন গাৰ্গ অমৰ হৈ থাকিব — চিৰদিনৰ বাবে মানুহৰ হৃদয়ত তেওঁ জীয়াই থাকিব।”
****
SR/GDH/PN/HK/SB
(रिलीज़ आईडी: 2169141)
आगंतुक पटल : 44